খোজ কঢ়াটো এটা সহজ কিন্তু অতি ফলপ্ৰসূ ব্যায়াম । যিসকল লোকৰ জিমলৈ যোৱাৰ সামৰ্থ অথবা সময় নাই তেওঁলোকে অন্ততঃ খোজ কাঢ়িবলৈ যাব লাগে । ইয়াৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে, ওজন নিয়ন্ত্ৰণ সহজ হয়, হাড় আৰু পেশী শক্তিশালী হয় । মুঠতে আমি ক’ব পাৰো যে খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । কিন্তু প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে মৰ্নিং ৱাক ভাল নে ইভিনিং ৱাক ।
পুৱা খোজ কঢ়াৰ উপকাৰিতা
পুৱা প্ৰায়ে যদি খালী পেটত খোজ কাঢ়ে তেন্তে ইয়াৰ ফলত কেলৰি দহনত সহায়ক হয় । পুৱা খোজ কঢ়া অথবা মৰ্নিং ৱাক এটা প্ৰাকৃতিক উদ্দীপক । ই শৰীৰ আৰু মনক সতেজ কৰি তোলে, আনহাতে দিনৰ আৰম্ভণিতে শুদ্ধ বতাহ আৰু সূৰ্যৰ পোহৰে গোটেই দিনটোৰ বাবে আপোনাৰ মন উন্নত কৰাত সহায় কৰে । পুৱাৰ সূৰ্যৰ পোহৰ ভিটামিন ডিৰ প্ৰাকৃতিক উৎস । ভিটামিন ডিয়ে হাড়ৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান গ্ৰহণ কৰাটো পুৱা খোজ কঢ়া লোকৰ বাবে অতিৰিক্ত উপকাৰ । যিসকলে পুৱা শক্তি অনুভৱ নকৰে তেওঁলোকৰ বাবে ই অতি সহায়ক হ’ব পাৰে । এই কাৰণেই ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকৰ বাবে মৰ্নিং ৱাক সৰ্বোত্তম ।