বৈদ্যুতিক দুৰ্ঘটনাৰ ফলত প্ৰায়েই ক’ৰবাত নহয় ক’ৰবাত মানুহৰ মৃত্যু হয় ৷ যাৰ মূল কাৰণ হ’ল ঘৰত ব্যৱহৃত বৈদ্যুতিক সঁজুলিৰ বিষয়ে থাকিবলগীয়া তথ্যৰ অভাৱ বা শিক্ষাৰ অভাৱ ৷ শীতকালত ঠাণ্ডা পানীৰে গা ধুবলৈ টান পোৱাটো তেনেই সাধাৰণ কথা ৷ কিছুমান মানুহে ঠাণ্ডা পানীৰে গা ধোৱাৰ ভয়ত গিজাৰ ফিট কৰে, কিন্তু গিজাৰ অতি ব্যয়বহুল আৰু সকলোৰে ইয়াক ক্ৰয় কৰাৰ সামৰ্থ্য নাথাকে সেয়ে এনে পৰিস্থিতিত এতিয়াও অধিকাংশ লোকেই কেৱল পানী গৰম কৰা ৰড ব্যৱহাৰ কৰে ৷
কিন্তু ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰা লোকসকলে অত্যন্ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন ৷ কাৰণ আপোনাৰ এটা সামান্য ভুলে আপোনাৰ প্ৰাণো কাঢ়িব পাৰে ৷
ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰিবলৈ হ’লে খুব সাৱধানতাৰে ইয়াক ব্যৱহাৰ কৰিব লাগিব ৷ এইটো এটা ৰিস্কি কাম বুলি গণ্য কৰা হয়, কাৰণ এটা সৰু ভুলেও আপোনাৰ ডাঙৰ ক্ষতি কৰিব পাৰে ৷ সেয়ে এই খবৰৰ জৰিয়তে জানো আহক ৱাটাৰ হিটাৰ ৰড ব্যৱহাৰ কৰাৰ সময়ত আমি কি কি কথা মনত ৰখাটো উচিত...