অসম

assam

ETV Bharat / lifestyle

এই অসমীয়া থলুৱা পদ্ধতিৰে তৈয়াৰ কৰি ঘৰতে জুতি লগাই খাওক ছাগলী মাংস - ছাগলী মাংস কেনেকৈ সহজে বনাব পাৰি

মাটন বা ছাগলী মাংস খাই বহুলোকেই ভাল পায়, যদি আপুনি ঘৰতে ছাগলী মাংসৰ সোৱাদ ল'ব বিচাৰে তেন্তে এই সহজ প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে-

Authentic Assamese Mutton Dish: A Step-by-Step Cooking Guide
এই অসমীয়া থলুৱা পদ্ধতিৰে তৈয়াৰ কৰি ঘৰতে জুতি লগাই খাওক ছাগলী মাংস (Getty Images)

By ETV Bharat Lifestyle Team

Published : Dec 12, 2024, 1:05 PM IST

Authentic Assamese Mutton Dish: ছাগলী মাংস আমাৰ মাজৰ বহুলোকৰেই এবি প্ৰিয় মাংস । খাহীয়ে হওক বা পাঠাই হওক আমাৰ অসমীয়া সমাজত প্ৰায় সংখ্যক লোকেই ছাগলী মাংস খাই ভাল পায় । ইফালে বৰ্তমান সময়ত অসমীয়া বিবাহ অনুষ্ঠান সমূহতো অতিথিসকলৰ খোৱা-বোৱাৰ বাবে ছাগলী মাংসৰ আঞ্জাৰ ব্যৱস্থা কৰা দেখা যায় । উল্লেখ্য যে, ছাগলী মাংস যদি ভালদৰে ৰন্ধা নহয় তেনেহ’লে ইয়াৰ সোৱাদো ভালদৰে পোৱা নাযায় ।

ছাগলী মাংসৰ বিভিন্ন ৰেচিপি আছে । প্ৰতিটো ৰেচিপিৰে ৰন্ধাৰ প্ৰদ্ধতি বেলেগ বেলেগ । সাধাৰণতে আমাৰ অসমীয়া সমাজত ছাগলী মাংস ৰন্ধাৰ এক সহজ উপায় এই প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰা হৈছে । এই পদ্ধতিটো একেবাৰে সহজ আৰু যদি ঘৰতে ছাগলী মাংসৰ সোৱাদ ল’ব বিচাৰে তেন্তে এই প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে ।

এই অসমীয়া থলুৱা পদ্ধতিৰে তৈয়াৰ কৰি ঘৰতে জুতি লগাই খাওক ছাগলী মাংস (FREEPIK)

এই পদ্ধতিৰে ছাগলী মাংস ৰান্ধিবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হ’ব

  • প্ৰথমে আপোনাক লাগিব ছাগলী মাংস আধা কেজি । প্ৰয়োজন অনুসৰি আপুনি ছাগলী মাংস ল’ব পাৰে আৰু সেই মতে আন আন সমাগ্ৰীখিনি যোগাৰ কৰিব পাৰে ।
  • ছাগলী মাংসৰ আধাৰ কেজি ৰান্ধিবৰ বাবে পিঁয়াজ মধ্যমীয়া আকাৰত টুকুৰা টুকুৰকৈ কাটি লওক ।
  • ইয়াৰ লগতে টেঙা দৈ লাগিব ৩ চামুচ,
  • আদা-নহৰুৰ পেষ্ট- ২ চামুচ
  • জিৰাৰ গুড়ি – ২ চামুচ
  • ধনীয়াৰ গুড়ি – ৪ চামুচ
  • গৰম মছলাৰ গুড়ি – ১ চামুচ
  • জলকীয়া গুড়ি – ১ চামুচ
  • ঘিউ – ২ চামুচ
  • নিমখ – সোৱাদ অনুসৰি ল’ব পাৰে
  • একেদৰে ধনিয়া এমুঠি মিহিকৈ কাটি ল’ব
  • আৰু তেল পৰিমানৰ ওপৰত ভিত্তি কৰি ল’ব

ছাগলী মাংস ৰন্ধাৰ পদ্ধতি

এই অসমীয়া থলুৱা পদ্ধতিৰে তৈয়াৰ কৰি ঘৰতে জুতি লগাই খাওক ছাগলী মাংস (FREEPIK)
  • প্ৰথমে এটা বাটিত পানী লৈ লওক। এতিয়া ইয়াত ধনিয়াৰ গুড়ি, গৰম মছলা গুড়ি, জলকীয়াৰ গুড়ি, জাইফলৰ গুড়ি একেলগে মিহলাই পেষ্ট তৈয়াৰ কৰি লওক ।
  • এতিয়া কটা পিঁয়াজখিনি কেৰাহীত তেলত ভাজি লওক । এতিয়া কেৰাহীত ঘিউ গৰম কৰি তাত ছাগলী মাংস, দৈ, জলকীয়াৰ গুৰি আৰু আদা-নহৰুৰ পেষ্ট দিব ।
  • ইয়াৰ পিচতে প্ৰস্তুত কৰা মছলাৰ পেষ্টখিনি দিব । ৩০ মিনিটৰ পিচত ওপৰত ভজা পিঁয়াজখিনি দি দিব । এইবাৰ পৰ্যাপ্ত পৰিমাণ অনুসৰি নিমখ দিব ।
  • একেদৰে পানী দি শুকাই যোৱালৈকে ৰান্ধি থাকিব । পানী শুকাই গ’লে ধনিয়াৰ পাত দিব । ইয়াৰ পিচতে আপুনি সহজ পদ্ধতিৰে ঘৰতে ৰন্ধা ছাগলী মাংসৰ ৰেচিপি সোৱাদ ল’ব পাৰিব ।
  • যদি আপনাৰ মাটনখিনি সিজোতে সময় লাগে তেন্তে ইয়াক আপুনি একে পদ্ধতিৰে প্ৰেচাৰ কুকাৰতো বনাব পাৰে আৰু অতি কম সময়ৰ ভিতৰতে আপোনাৰ ছাগলীৰ মাংস খাবলৈ সাজু হৈ গৈছে ৷
লগতে পঢ়ক:হাত চেলেকি খাবলৈ বাধ্য হ’ব আপুনি: ঘৰতে এনেদৰে তৈয়াৰ কৰক এই কুকুৰা মাংসৰ আচাৰ

ABOUT THE AUTHOR

...view details