অসম

assam

ETV Bharat / lifestyle

ধনতেৰচত মাত্ৰ এই কাম কৰিলে হ’ব সুখ-সৌভাগ্যৰ আগমন...হৈ পৰিব মালামাল

কাতি মাহৰ শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত সমগ্ৰ দেশতে ধনতেৰচৰ উৎসৱ পালন কৰা হয় ৷ সেয়ে এইবাৰ এই উৎসৱত এই উপায় অনুসৰণ কৰি হৈ পৰক সৌভাগ্যশালী-

Astrological Remedies for Dhanteras
ধনতেৰচত মাত্ৰ এই কাম কৰিলে হ’ব সুখ-সৌভাগ্যৰ আগমন...হৈ পৰিব মালামাল (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : 4 hours ago

ধনতেৰচৰ উৎসৱ সমগ্ৰ দেশতে অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হৈছে ৷ হিন্দু ধৰ্মত ধনতেৰচৰ উৎসৱৰ বিশেষ তাৎপৰ্য আছে, আজিৰ পৰা আৰম্ভ হ’ব দীপাৱলীৰ মহান উৎসৱ, যিটো ভাই দুজলৈকে চলি থাকে ৷ প্ৰতি বছৰে এই উৎসৱ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয় ৷ এইবাৰ ২৯ অক্টোবৰত ধনতেৰচ বা ধনত্ৰয়োদশী উৎসৱ পালন কৰা হ’ব । ত্ৰয়োদশী তিথি ২৯ অক্টোবৰৰ পুৱা ১০:৩১ বজাৰ পৰা আৰম্ভ হ’ব, আনহাতে পিচদিনা দিনৰ ১:১৫ বজাত অন্ত পৰিব ।

ধনতেৰচ উৎসৱৰ সময়ত দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে বহু কিছু নিয়ম পালন কৰা হয়, যাতে মাৰ আশীষ পৰিয়ালত সদায় বৰ্তি থাকে আৰু ধন-শস্যৰে ঘৰখন নদন-বদন হৈ থাকে ৷ ধনতেৰচৰ দিনটোৰ বাবে তন্ত্ৰ শাস্ত্ৰত কিছুমান সহজ কৌশলৰ কথা উল্লেখ কৰা হৈছে, এই প্ৰতিকাৰ বা কৌশলেৰে জীৱনত চলি থকা ধন সম্পৰ্কীয় সমস্যাবোৰ চিৰদিনৰ বাবে সমাধান কৰিব পৰা যায় ৷ এই সহজ কৌশলসমূহৰ বিষয়ে জানো আহক-

এই সমাধানৰ দ্বাৰা ধনৰ অভাৱ নহ'ব

ধনতেৰচৰ দিনা কড়ি কিনি হালধি বা কেশৰ পানীত ডুবাই ধনতেৰচৰ নিশা ৰাখক ৷ ইয়াৰ পিচত সেই কড়িবোৰ হালধীয়া কাপোৰত বান্ধি ৰাখি তাৰ পিচত লক্ষ্মী দেৱীৰ আৰাধনা কৰক ৷ পূজাৰ অন্তত হালধীয়া কাপোৰেৰে বান্ধি ৰখা কড়িখিনি আলমাৰী বা নিৰাপদ ধন ৰখা স্থানত ৰাখক ৷ এনে কৰিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় আৰু পৰিয়ালৰ মাজত সুখ-সমৃদ্ধি বৰ্তি থাকিব ৷

এই কৌশলেৰে দূৰ কৰক ধনৰ অভাৱ

তন্ত্ৰ শাস্ত্ৰৰ মতে, ধনতেৰচৰ দিনা চেনিৰ মিঠাই, চাউল, পায়স, বগা কাপোৰ আদি দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয় ৷ ইয়াৰ লগতে ধনতেৰচৰ দিনৰ পৰা দীপাৱলীৰ উৎসৱলৈকে প্ৰতিদিনে পূজাৰ সময়ত এযোৰ লৱণ আগবঢ়াব ৷ এনে কৰিলে কেতিয়াও ধন-শস্যৰ অভাৱ নহ’ব আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ থাকিব ৷

এই সমাধানে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব

ধনতেৰচৰ দিনা সোণ-ৰূপৰ লগতে ঝাড়ু অনাৰ পৰম্পৰা আছে ৷ গতিকে ধনতেৰচৰ দিনা আপোনাৰ ঘৰৰ লগতে যিকোনো দুখীয়া বা আৰ্তজনৰ বাবে ঝাড়ু আনি তেওঁক দান কৰক ৷ বিশ্বাস কৰা হয় যে এই কৌশলে ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰাখে আৰু লগতে ইতিবাচক শক্তিৰ পৰিসঞ্চালন বজাই ৰাখে ৷

এই ব্যৱস্থাই শক্তিশালী কৰিব অৰ্থনৈতিক পৰিস্থিতি

ধনতেৰচৰ দিনা গোটা ধনীয়া কিনি গোটেই ৰাতি লক্ষ্মী দেৱীৰ সন্মুখত ৰাখিব ৷ পিছদিনা পুৱা লক্ষ্মী পূজাৰ পিছত সেই ধনীয়াখিনি এটা টবত সিঁচি দিব ৷ ধনীয়া বাঢ়ি সেউজীয়া হোৱাৰ লগে লগে অৰ্থনৈতিক পৰিস্থিতি অধিক শক্তিশালী হৈ উঠিব ৷ কিন্তু এই গছজোপাৰ সম্পূৰ্ণ যত্ন লওক ৷

এই সমাধানৰ দ্বাৰা ধন-সম্পত্তিৰ লগতে আপোনাৰ সুনামো বৃদ্ধি পাব

ধনতেৰচৰ দিনা এজোপা গছৰ ডাল ভাঙি আনিব, যাৰ ওপৰত বাদুলি বহি থাকে ৷ এই ডালটো ড্ৰয়িং ৰুমত ৰাখক ৷ এনে কৰিলে আপোনাৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ হ’ব আৰু টকা উপাৰ্জনৰ লগতে সমাজত আপোনাৰ সুনামও বৃদ্ধি পাব ৷ ধনতেসৰৰ দিনা নিশ্চিতভাৱে লক্ষ্মী দেৱীৰ মন্দিৰলৈ যাওক ৷

এই উপায় কৰিলে হ’ব মা লক্ষ্মীৰ আগমণ

ধনতেৰচ পূজাৰ আগত আৰু পিছত দক্ষিণাৱৰ্তী শংখত পানী ভৰাই তাৰ পিছত গোটেই ঘৰটোত অলপ অলপকৈ ওপৰৰ পৰা তললৈ ছটিয়াই দিব ৷ লগতে এই পানী পূজাত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত ছটিয়াই দিব ৷ এনে কৰিলে দেৱী লক্ষ্মী ঘৰত উপস্থিত হ’ব আৰু লক্ষ্মী দেৱীৰ লগতে বিষ্ণুৰ আশীৰ্বাদো লাভ কৰিব ৷

লগতে পঢ়ক:Dhanteras 2023: ধনতেৰচৰ দিনা ভুলতো ক্ৰয় নকৰিব এই সামগ্ৰী, ভুগিব লাগিব আৰ্থিক সংকটত

ABOUT THE AUTHOR

...view details