২০২৫ বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক-জাতিকা সকলৰ ৰাশিত অৰ্থাৎ লগ্নত বুধ, দ্বিতীয়ত ৰবি, তৃতীয়ত চন্দ্ৰ, চতুৰ্থত শুক্ৰ আৰু শনি, পঞ্চমত ৰাহু, সপ্তমত বৃহস্পতি, নৱমত মংগল আৰু একাদশ কেতু গ্ৰহ অৱস্থান কৰি শুভফল নিৰূপণ কৰিছে ৷
২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মস্থানৰ অধিপতি ৰবি ধনপতি হৈ বহি আছে আৰু তেওঁলোকৰ কৰ্মস্থানলৈ শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মস্থানটি বিশেষ শুভ কৰি তুলিছে ৷ এই বৰ্ষত এই ৰাশিৰ লোক সকলে কৰ্মস্থান খুব শুভ হ'ব ৷ কৰ্মত জৰিয়তে অধিক ধনলাভৰ যোগ আছে ৷ লগতে ভ্ৰমণৰ যোগ আছে, সমাজকৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা তথা প্ৰভাৱ বৃদ্ধি হ'ব ৷ ৰাজনৈতিক ভাৱে জড়িত ব্যক্তি সকলৰ ৰাজনৈতিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ৷ পদোন্নতি বিচাৰি থকা সকলৰ পদোন্নতি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷ নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব ৷ নিবনুৱা সকলৰ বাবেও আহি থকা বছৰটো খুব ভাল বুলি ক'ব পাৰি ৷ চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবেও এই বৰ্ষত ভাল হ'ব ৷
২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ধনস্থানতটো খুব শুভ ৷ ব্যৱসায়ত সফলতা লাভ নকৰা ব্যক্তিসকলে ব্যৱসায়ত সফলতা লাভ কৰিব ৷ কাপোৰ, যান-বাহন, পৰ্যটন, সংগীত শিল্পী, পূজাৰ সামগ্ৰীৰ ব্যৱসায়ী, ঠিকাদাৰ, হোটেল-ৰেষ্টুৰেণ্ট, বিউটি পাৰ্লাৰ, চেলুন, ঔষধআদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবেও আহি থকা বছৰটো শুভ বুলি কব পাৰি ৷
২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে কেনে হ'ব ?