নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ :ৰে’ল পৰিবহন কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এক প্ৰধান মাধ্যম হিচাবে পৰিগণিত হৈ আহিছে ৷ গতি দ্ৰুত হোৱাৰ উপৰিও ই অৰ্থনীতিৰ ফালৰ পৰাও লাভজনক । ৰে’লপথৰ এক বিশেষত্ব হ’ল ই দুৰ্গম স্থানতো উপলব্ধ ৷ বিশ্বজুৰি ৰে’লৰ আছে এক সুকীয়া ইতিহাস ৷
ৰে’ল কেৱল যে স্থলপথতেই চলে তেনে নহয়, বহু ঠাইত পানীৰ তলতো ৰে’ল চলাচল আছে ৷ কেৱল সিমানেই নহয়, বহু ঠাইত সমুদ্ৰপৃষ্ঠৰ পৰা হাজাৰ হাজাৰ মিটাৰ উচ্চতাতো ৰে’লৰ চলালচল দেখা যায় ৷ আজি আমি আপোনালোকক ক’বলৈ ওলাইছো ভূপৃষ্ঠৰ পৰা হাজাৰ হাজাৰ মিটাৰ উচ্চতাত চলা এখন ৰে’লৰ কথা ।
বিশ্বৰ সৰ্বোচ্চ ৰে’লপথ :
বিশ্বৰ সৰ্বোচ্চ ৰে’লপথ আছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনত । এই ৰে’লপথৰ নাম কিংহাই-তিব্বত ৰে’লৱে । এই ৰে’লপথটো সৰ্বোচ্চ উচ্চতাত নিৰ্মাণ কৰা হৈছে । ৰে’লপথটোৱে গোলমুণ্ডক আৰু তিব্বতৰ ৰাজধানী লাছাৰ সৈতে সংযোগ কৰিছে । এই ৰে’লপথ সমুদ্ৰপৃষ্ঠৰ পৰা ৪০০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত । ৰে’লপথটো টাংগুলা পাছৰ মাজেৰে পাৰ হৈ গৈছে, যাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৫০৭১ মিটাৰ ৷