অসম

assam

ETV Bharat / international

বিশ্ব ষ্ট্ৰোক দিৱস: ষ্ট্ৰোকৰ প্ৰতি সজাগতাৰ এটা দিন - WORLD STROKE DAY 2024

শেহতীয়া এক অধ্যয়ন অনুসৰি, ভাৰতত বিগত তিনি দশকত ষ্ট্ৰোকৰ ঘটনাৰ সংখ্যা আচৰিতভাৱে বৃদ্ধি পাইছে ।

World Stroke Day
বিশ্ব ষ্ট্ৰোক দিৱস (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 11:53 PM IST

বিশেষ প্ৰতিবেদন : বিশ্ব ষ্ট্ৰোক সংস্থাই ষ্ট্ৰোকৰ বিপদাশংকা আৰু উচ্চ হাৰত ঘটি থকা ষ্ট্ৰোকৰ ঘটনাৰ বিষয়ে সতৰ্ক কৰাৰ লগতে ইয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে প্ৰতিৰোধ, চিকিৎসা আৰু সমৰ্থনৰ ক্ষেত্ৰত অধিক সজাগতা সৃষ্টিৰ বাবে এক বিশ্বজনীন সজাগতা দিৱস হিচাপে বিশ্ব ষ্ট্ৰোক দিৱসৰ সূচনা কৰিছিল । প্ৰতিবছৰে ২৯ অক্টোবৰত সমগ্ৰ বিশ্বতে এই দিৱস উদযাপন কৰা হয় ।

তাৎপৰ্য

ষ্ট্ৰোক হৈছে বিকলাঙ্গতাৰ এক মুখ্য কাৰণ । ইয়াৰ উপৰি বিশ্বত মৃত্যুৰ দ্বিতীয় সৰ্ববৃহৎ কাৰণ হৈছে ষ্ট্ৰোক । বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি, বছৰি প্ৰায় 5 নিযুত লোকৰ ষ্ট্ৰোকৰ ফলত মৃত্যু হয় । আনহাতে, আন 5 নিযুত স্থায়ীভাৱে অক্ষম হৈ পৰে । অৱশ্যে ইমান ঘাতক হোৱা সত্ত্বেও ই কিন্তু সহজে প্ৰতিৰোধযোগ্য । কেৱল ইয়াৰ বাবে লাগে সজাগতা আৰু সতৰ্কতা ।

বিশ্ব ষ্ট্ৰোক দিৱস হৈছে ষ্ট্ৰোকৰ লক্ষণবোৰ আগতীয়াকৈ চিনাক্ত কৰা আৰু সময়মতে ইয়াত হস্তক্ষেপ কৰা । কাৰণ ইয়াৰ দ্বাৰা গুৰুত্বপূৰ্ণ সময়ত ষ্ট্ৰোকৰ দীৰ্ঘম্যাদী প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে । বিশ্ব ষ্ট্ৰোক দিৱসৰ তাৎপৰ্য হৈছে জীৱন ৰক্ষা কৰা আৰু ইয়াৰ ভূমিকা হৈছে লাখ লাখ লোকৰ ওপৰত হোৱা গুৰুতৰ প্ৰভাৱ হ্ৰাস কৰা ।

বিশ্ব ষ্ট্ৰোক দিৱসৰ ইতিহাস

বিশ্ব ষ্ট্ৰোক দিৱস হৈছে বিশ্ব ষ্ট্ৰোক সংস্থাৰ (World Stroke Organization, WSO) এক প্ৰচেষ্টা । এই দিৱসটি 2004 চনত কানাডাৰ ভেংকুভাৰত বিশ্ব ষ্ট্ৰোক কংগ্ৰেছত সূচনা কৰা হৈছিল । ডব্লিউ এছ অ' হৈছে ষ্ট্ৰোক বিশেষজ্ঞ, গৱেষক আৰু পৰামৰ্শদাতাসকলৰ এক বিশ্বজনীন নেটৱৰ্ক, যিয়ে ব্যক্তি আৰু সম্প্ৰদায়ৰ ওপৰত ষ্ট্ৰোকৰ বোজা হ্ৰাস কৰাৰ ক্ষেত্ৰত কাম কৰে ।

2024 চনৰ বিশ্ব ষ্ট্ৰোক দিৱসৰ বিষয়বস্তু

বিশ্ব ষ্ট্ৰোক দিৱস 2024-ৰ বিষয়বস্তু হৈছে '#GreaterThanStroke Active Challenge' । এই বিষয়বস্তু বিশ্ব ষ্ট্ৰোক সংস্থাৰ (ডব্লিউ এছ অ') দ্বাৰা মনোনীত কৰা হৈছে । এই বিষয়বস্তুৱে ক্ৰীড়াৰ প্ৰভাৱে ষ্ট্ৰোক প্ৰতিৰোধ আৰু পুনৰ্সংস্থাপনত কেনেদৰে সহায় কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে । ক্ৰীড়াৰ ভৌগোলিক, সাংস্কৃতিক আৰু জনগাঁথনিকে ধৰি সকলো লোকক আকৰ্ষণ কৰাৰ ক্ষমতা আছে । আনহাতে, ইয়াৰ দ্বাৰা জীৱনৰ সকলো স্তৰৰ লোককো আকৰ্ষিত কৰিব পাৰি । সেয়ে সজাগতা সৃষ্টি কৰিবলৈ ক্ৰীড়াক এক শক্তিশালী মঞ্চ হিচাপে ব্যৱহাৰ কৰিলে এক বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ লোকৰ ওচৰলৈ যোৱাত সহায় কৰিব পাৰে ।

লগতে পঢ়ক :কেৱল কেন্সাৰেই নহয়, ধঁপাত সেৱনৰ ফলত হ’ব পাৰে এই মাৰাত্মক ৰোগ...

ষ্ট্ৰোক কি ?

ষ্ট্ৰোকক 'মগজুৰ আক্ৰমণ' বুলিও কোৱা হয় । যেতিয়াই মগজুৰ অংশলৈ ৰক্ত যোগান বন্ধ হয় বা মগজুৰ ৰক্তনলী বিস্ফোৰিত হয় তেতিয়াই কোনো লোক ষ্ট্ৰোকত আক্ৰান্ত হয় । ষ্ট্ৰোক হৈছে এনে এক স্থিতি, য'ত তেজৰ প্ৰবাহ প্ৰভাৱিত হয় । ভালদৰে কাম কৰিবলৈ মগজুক অক্সিজেন আৰু পুষ্টিৰ নিৰন্তৰ যোগানৰ প্ৰয়োজন । তেজ বা অক্সিজেন অবিহনে মাত্ৰ কেইমিনিটমানৰ পিচতে মগজুৰ কোষবোৰ মৰিবলৈ আৰম্ভ কৰে । যেতিয়া মগজুৰ কোষবোৰ মৰি যায়, মস্তিষ্কৰ কাৰ্যক্ষমতা হেৰাই যায় ।

আনহাতে, আক্ৰান্ত মগজুৰ উক্ত অংশৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা কামবোৰ আপুনি কৰিব নোৱাৰিব পাৰে । শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে যিকোনো লোকৰে ষ্ট্ৰোক হ'ব পাৰে । সাধাৰণতে 65 বছৰতকৈ অধিক বয়সৰ লোকৰ ক্ষেত্ৰত প্ৰায় দুই-তৃতীয়াংশ ষ্ট্ৰোক হয় ।

যুৱ বয়সৰ বাবে বিপজ্জনক নেকি ?

বৃদ্ধসকলৰ তুলনাত যুৱসকলৰ সাধাৰণতে ষ্ট্ৰোকৰ পিছত তুলনামূলকভাৱে ভাল লক্ষণ আৰু শাৰীৰিক আৰোগ্য হোৱা দেখা যায় । কিন্তু প্ৰভাৱ-পৰৱৰ্তী সমস্যা আৰু ই প্ৰায়ে পুনৰাবৃত্তি হয় । সেয়েহে যদি আপোনাৰ সঘনাই মূৰৰ বিষ হয়, তেনেহ'লে নিশ্চিতভাৱে আপোনাক পৰীক্ষা কৰাৰ প্ৰয়োজন । যুৱক-যুৱতীসকলে প্ৰায়ে মচলাযুক্ত, নিমখীয়া আৰু মিঠা খাদ্য খাই ভালপায়, যাৰ ফলত কম বয়সতে দীৰ্ঘম্যাদী ৰোগ হ'ব পাৰে আৰু ষ্ট্ৰোকৰ ঘটনা বৃদ্ধি হ'ব পাৰে ।

ধূমপান আৰু অত্যধিক সুৰাপান ষ্ট্ৰোকৰ গুৰুত্বপূৰ্ণ কাৰণ । কিয়নো সেইবোৰে ভাস্কুলাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । বিশেষকৈ 45% যুৱ পুৰুষ ষ্ট্ৰোক ৰোগীৰ ক্ষেত্ৰত ধূমপান এই ৰোগৰ কাৰণ বুলি জনা যায় । ইয়াৰ উপৰি অত্যধিক ব্যায়াম যেনে ক্ৰীড়া আৰু বিশ্ৰামতো ষ্ট্ৰোকৰ উচ্চ বিপদাশংকা থাকে । চেৰিব্ৰেল ধমনী বিভাজনৰ (cerebral artery dissection) ফলত চেৰিব্ৰেল ইনফাৰ্কচন (cerebral infarction) হয় ।

চেৰিব্ৰেল ধমনী বিভাজন হৈছে কেৰোটিড বা কশেৰুকা ধমনী আদিৰ দৰে ৰক্তনলীৰ বেৰত এক ফাঁট আৰু 10% ৰ পৰা 25% যুৱ ষ্ট্ৰোক ৰোগী চেৰিব্ৰেল ধমনী বিভাজনৰ ফলত চেৰিব্ৰেল ইনফাৰ্কচনৰ ফলত হয় । এইবোৰ কাৰ্যকলাপৰ সময়ত ই হ'ব পাৰে- ডিঙি আৰু মূৰৰ দ্ৰুতগতিত চলাচল, যেনে গ'ল্ফ, সাঁতোৰ, যোগ, অত্যধিক জঁপিওৱা, ডিঙি গুৰুতৰভাৱে ভাঙি যোৱাকৈ মালিচ কৰা, পৰি যোৱা আৰু যান-বাহন দুৰ্ঘটনা ।

ষ্ট্ৰোকৰ প্ৰকাৰ

  • ইস্কিমিক ষ্ট্ৰোক (Ischemic stroke) : অৱৰোধৰ (blockage) ফলত মগজুত তেজৰ প্ৰবাহৰ অভাৱৰ ফলত এই প্ৰকাৰৰ ষ্ট্ৰোক হয় ।
  • হেম'ৰেজিক ষ্ট্ৰোক (Hemorrhagic stroke) : ৰক্তনলীৰ বিস্ফোৰণৰ ফলত মগজুত ৰক্তক্ষৰণৰ ফলত এই ষ্ট্ৰোক হয় ।
  • এই দুয়ো প্ৰকাৰৰ ষ্ট্ৰোকৰ ফলত মস্তিষ্কৰ বিকাৰ হয় আৰু বেলেগ ধৰণে ক্ৰিয়া কৰিবলৈ ধৰে ।
লগতে পঢ়ক :আপুনিও দীঘলীয়া সময়লৈকে একেৰাহে বহি কাম কৰে নেকি ?

বিশ্ব ষ্ট্ৰোক সংস্থাৰ তথ্য অনুসৰি

  • ষ্ট্ৰোক হৈছে মৃত্যু আৰু বিধ্বংসী বিকলাঙ্গতাৰ এক মুখ্য কাৰণ ।
  • প্ৰতি 4 জনৰ ভিতৰত এজন লোকৰ জীৱনকালত ষ্ট্ৰোক হোৱা বুলি অনুমান কৰা হৈছে ।
  • প্ৰতি 3 ছেকেণ্ডত কোনোবা নহয় কোনোবাই, ক'ৰবাত নহয় ক'ৰবাত ষ্ট্ৰোকত আক্ৰান্ত হয় । ইয়াৰ অৰ্থ হৈছে প্ৰতিবছৰে 12 নিযুতৰো অধিক লোক ষ্ট্ৰোকত আক্ৰান্ত হয়; ইয়াৰে ৬.৫ নিযুত লোকৰ মৃত্যু হয় ।
  • ষ্ট্ৰোকৰ পৰা বাচি যোৱাসকলৰ বাবেও ইয়াৰ প্ৰভাৱ বিধ্বংসী হ'ব পাৰে । পৰিয়ালবোৰ ভাগি পৰে, চিৰদিনৰ বাবে জীৱনৰ গতি সলনি হৈ পৰে । কিন্তু তথাপিও ষ্ট্ৰোক এক নীৰৱ ঘাতক মহামাৰী হৈ আছে । সেয়ে ইয়াৰ বাবে অধিক সজাগ আৰু সক্ৰিয় হোৱা আৱশ্যক ।
  • কিন্তু ইয়াৰ মাজতো আশাৰ বতৰা আছে । কিয়নো প্ৰকৃততে 90% ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পাৰি। মুষ্টিমেয় কেইটামান নিয়ন্ত্ৰণযোগ্য বিপদাশংকাৰ কাৰক (শাৰীৰিক নিষ্ক্ৰিয়তা হৈছে ষ্ট্ৰোকৰ অন্যতম বিপদাশংকাবোৰৰ ভিতৰত এটা) আৰু জনসজাগতা বৃদ্ধি কৰি আমি ষ্ট্ৰোকক পৰাজিত কৰিব পাৰোঁ ।

ষ্ট্ৰোকৰ আগতীয়া সতৰ্কবাণীৰ লক্ষণবোৰ কি

ষ্ট্ৰোকৰ সতৰ্কবাণী চিহ্ন আৰু লক্ষণবোৰ জনাটো হৈছে এই ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ আৰু জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ । এই লক্ষণবোৰৰ ভিতৰত আছে :

  • মুখ, বাহু বা ভৰিৰ হঠাৎ দুৰ্বলতা বা হঠাতে জঠৰতা, বিশেষকৈ শৰীৰৰ এফালে
  • বাকশক্তি হেৰুওৱা
  • খেলিমেলি
  • দৃষ্টিশক্তি হ্ৰাস হোৱা
  • কোনো জ্ঞাত কাৰণ নোহোৱাকৈ হঠাতে তীব্ৰ মূৰৰ বিষ
  • মূৰ ঘূৰোৱা
  • খোজকঢ়াত সমস্যা
  • সমন্বয় হেৰুওৱা

কেনেদৰে ষ্ট্ৰোক প্ৰতিৰোধ কৰিব

খাদ্যাভ্যাসৰ উন্নতি হৈছে পূৰ্ব চৰ্ত । ছডিয়াম সমৃদ্ধ খাদ্য (অৰ্থাৎ নিমখ বা নিমখযুক্ত খাদ্য), মচলাযুক্ত আৰু মিঠা খাদ্য আদি খোৱাটো হ্ৰাস কৰাৰ পৰামৰ্শ দিয়া হয় । কিয়নো ই ৰক্তনলীৰ স্বাস্থ্যৰ ক্ষতি কৰে । আনহাতে, প্ৰচুৰ পৰিমাণৰ পাচলি বা ফল আৰু আহাৰত অধিক মাত্ৰাত আঁহজাতীয় খাদ্য খাব লাগে । মেদবহুল নহ'বলৈ নিয়মিত ব্যায়ামৰ জৰিয়তে উপযুক্ত ওজন বজাই ৰখা আৰু ধূমপান ত্যাগ কৰা প্ৰয়োজন । আনকি কোনো লক্ষণ নাথাকিলেও 40 বছৰ বা ততোধিক বয়সৰ লোকসকলক নিয়মিতভাৱে পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয় । আনহাতে, যদি আপোনাৰ ষ্ট্ৰোকৰ বংশগত ইতিহাস আছে, তেন্তে প্ৰতি এক-দুই বছৰত পৰীক্ষা কৰা উচিত ।

ষ্ট্ৰোকৰ বিপদাশংকা হ্ৰাস কৰাৰ বাবে কেইটামান অগ্ৰাধিকাৰ ভিত্তিক পৰামৰ্শ

  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা
  • সপ্তাহত কমেও 5 বাৰ ব্যায়াম কৰা
  • এক সন্তুলিত, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা
  • কলেষ্টেৰল গ্ৰহণ হ্ৰাস কৰা
  • স্বাস্থ্যকৰ ওজন বজাই ৰখা
  • ধূমপান বন্ধ কৰা আৰু ধোঁৱাযুক্ত পৰিৱেশ পৰিহাৰ কৰা
  • ডায়েবেটিচ, চাপ আৰু হতাশা নিয়ন্ত্ৰণ কৰা

ভাৰতত ষ্ট্ৰোক

লেনছেট নিউৰ'লজী আলোচনীত প্ৰকাশিত এক নতুন অধ্যয়ন অনুসৰি, ভাৰতত বিগত তিনি দশকত ষ্ট্ৰোকৰ ঘটনাৰ সংখ্যা আচৰিতভাৱে বৃদ্ধি পাইছে । দেশত 2021 চনত 1.25 নিযুতৰো অধিক নতুন ষ্ট্ৰোকৰ ঘটনা নথিভুক্ত কৰা হৈছিল, যিটো 1990 চনত 650,000 ৰ তুলনাত 51 শতাংশ বৃদ্ধি ।

আনহাতে, বিশ্বজুৰি ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা 2021 চনত 11.9 নিযুতলৈ বৃদ্ধি হৈছে । যিটো 1990 চনৰ পৰা 70 শতাংশ বৃদ্ধি হৈছে । 1.25 নিযুত নতুন ষ্ট্ৰোকৰ ঘটনাৰে ভাৰতে 2021 চনত বিশ্বজনীন ষ্ট্ৰোকৰ বোজাৰ 10 শতাংশ যোগান ধৰিছিল ।

লগতে পঢ়ক :কেনেকৈ জানিব আপোনাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা আছে নে নাই ?
লগতে পঢ়ক :সুৰাপান আপোনাৰ এই অংগৰ বাবে কোনো বিহতকৈ কম নহয়!

ABOUT THE AUTHOR

...view details