ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ মাৰ্চ : ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰিবলৈ চেষ্টা কৰিছে । স্থানীয় সংবাদ মাধ্যমত এক সাক্ষাৎকাৰৰ সময়ত, মুইজজুৱে দ্বীপৰাষ্ট্ৰখনলৈ ভাৰতীয় ঋণ ঘূৰাই দিয়াৰ বিষয়টোত অধিক নৰম হ'বলৈ ভাৰতক অনুৰোধ জনাইছে ।
মন কৰিবলগীয়া যে বছৰটোৰ শেষৰ ফালে মালদ্বীপে ভাৰতক পৰিশোধ কৰিব লাগিব ৪০০.৯ নিযুত আমেৰিকান ডলাৰ । মাত্ৰ ৬.১৯০ বিলিয়ন ডলাৰৰ জিডিপিৰ এখন দেশৰ বাবে এই ঋণ পৰিশোধ কৰাটো অতি কঠিন । মালদ্বীপৰ ইতিমধ্যে ৩.৫৭৭ বিলিয়ন আমেৰিকান ডলাৰৰ মুঠ বাহ্যিক ঋণ আছে । যাৰ ৪২ শতাংশতকৈও অধিক কেৱল চীনকে দিব লাগিব ।
মালদ্বীপৰ ভাৰতত মুঠ ৫১৭ নিযুত আমেৰিকান ডলাৰ ঋণ আছে । কেৱল যোৱা বিত্তীয় বৰ্ষত, ভাৰতে মালদ্বীপত উন্নয়নমূলক প্ৰকল্পৰ বাবে ৯৩ নিযুত আমেৰিকান ডলাৰ ব্যয় কৰিছিল । ভাৰতৰ বিৰুদ্ধে মুইজজুৰ সমালোচনাৰ স্বত্বেও এয়া বাজেটৰ সংখ্যাৰ প্ৰায় দুগুণ আছিল ।
ভাৰতে সদায় কঠিন সময়ত মালদ্বীপৰ কাষত থিয় দি আহিছে । যেতিয়া ১৯৮৮ চনৰ নৱেম্বৰত দেশখনে অভ্যুত্থানৰ প্ৰচেষ্টাৰ সন্মুখীন হৈছিল, ভাৰতেই মালদ্বীপলৈ সৈন্য প্ৰেৰণ কৰিছিল । ১৯৮০ আৰু ৯০ৰ দশকত, ভাৰতে মালদ্বীপক ২০০ বিচনাযুক্ত চিকিৎসালয় আৰু এখন পলিটেকনিক উপহাৰ দিছিল । যেতিয়া ২০০৪ চনত মালদ্বীপত ছুনামি আহিছিল, ভাৰত আছিল তাত সহায় আগবঢ়োৱা প্ৰথম দেশ ।
২০০৮ চনৰ পৰা ভাৰতে মালদ্বীপক সহায়ৰ বাবে বিভিন্ন আঁচনিৰ অধীনত ২৪৫৪.৫৯ কোটি টকাৰ অধিক ব্যয় কৰিছে, যাৰ ভিতৰত আছে ৫০০ টা বিশেষ ঘৰ নিৰ্মাণ, এটা প্ৰযুক্তি গ্ৰহণ কেন্দ্ৰ, এখন ৰাষ্ট্ৰীয় আৰক্ষী আৰু আইন প্ৰৱৰ্তন মহাবিদ্যালয়, মালেত এটা জল আৰু অনাময় প্ৰকল্প । মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ ২০,০০০ৰো অধিক কৰ্মচাৰীক প্ৰশিক্ষণ । ভাৰতৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়েও সময়ে সময়ে এমএনডিএফক বিভিন্ন যুটীয়া অনুশীলনত নিয়োজিত কৰিছে ।
২২ মাৰ্চত স্থানীয় সংবাদ মাধ্যমত মুইজজুৱে প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰতি নমনীয় ইংগিত প্ৰদৰ্শন কৰিছে । মালদ্বীপক সাহায্য প্ৰদান কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু মালদ্বীপত সৰ্বাধিক সংখ্যক প্ৰকল্প ৰূপায়ণ কৰিছে বুলি স্বীকাৰ কৰি মুইজজুৱে আশা ব্যক্ত কৰে যে ভাৰতে ঋণ পৰিশোধৰ ক্ষেত্ৰত ঋণ-সকাহ ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিব আৰু আবু ধাবিত চিঅ'পিৰ সময়ত তেওঁ ভাৰতীয় অৱদানৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীক প্ৰশংসাও কৰে ।