নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: ছিৰিয়াত ইছলামিক ষ্টেট উগ্ৰবাদী গোট আৰু আল কায়দাৰ সৈতে সম্পৰ্ক থকা এটা গোটৰ সৈতে জড়িত ৩৭ টা উগ্ৰবাদীক নিধন কৰিছে মাৰ্কিন সেনাই ৷ দুটা আক্ৰমণত এই উগ্ৰবাদীকেইটা নিহত হোৱা বুলি দেওবাৰে আমেৰিকাৰ সেনাই প্ৰকাশ কৰে । নিহতসকলৰ ভিতৰত দুজন জ্যেষ্ঠ উগ্ৰবাদী নেতা বুলি জানিব পৰা গৈছে ।
আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে মঙলবাৰে উত্তৰ-পশ্চিম ছিৰিয়াত আক্ৰমণ চলাইছিল আৰু আল কায়দাৰ সৈতে জড়িত হুৰাছ আল-দীন গোটৰ এজন জ্যেষ্ঠ উগ্ৰবাদী আৰু আন আঠজনক লক্ষ্য কৰি লৈছিল । তেওঁলোকে কয় যে সামৰিক অভিযান চোৱাচিতা কৰাৰ দায়িত্ব এই জ্যেষ্ঠ উগ্ৰবাদী নেতাজনৰ আছিল ।
মাৰ্কিন সেনাই চলিত মাহৰ আৰম্ভণিৰ পৰা ১৬ ছেপ্টেম্বৰত আক্ৰমণৰ কথাও প্ৰকাশ কৰিছিল ৷ য’ত তেওঁলোকে মধ্য ছিৰিয়াৰ দুৰ্গম অজ্ঞাত স্থানত আই এছ প্ৰশিক্ষণ শিবিৰত বৃহৎ পৰিসৰৰ বিমান আক্ৰমণ চলাইছিল । সেই আক্ৰমণত ছিৰিয়াৰ কমেও চাৰিজন নেতাকে ধৰি ২৮ টা উগ্ৰবাদীৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে ।