অসম

assam

মাস্কৰ সৈতে বিবাদ : ব্ৰাজিলত এক্স প্লেটফৰ্ম স্থগিত ৰখাৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশৰ - Conflict Between X and Brazil

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:49 AM IST

Conflict Between X and Brazil : ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছে বুধবাৰে নিশা মাস্কক সতৰ্ক কৰি দিছিল যে যদি তেওঁ দেশখনত থকা এজন প্ৰতিনিধিৰ নাম লোৱাৰ আদেশ পালন কৰাত বিফল হয়, তেন্তে ব্ৰাজিলত এক্সক ব্লক কৰা হ'ব । ইয়াৰ বাবে মাস্কক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হয় । দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ ৰাষ্ট্ৰখনত অপপ্ৰচাৰ ফলত কেইবা মাহ ধৰি চলি থকা অচলাৱস্থাৰ পিচত শুকুৰবাৰে ন্যায়াধীশগৰাকীয়ে দেশখনত এক্স নিলম্বনৰ নিৰ্দেশ দিয়ে ।

Conflict Between X and Brazil
প্ৰতিনিধিত্বমূলক ছবি (IANS Photo)

এনিউজ ডেস্ক, ৩১ আগষ্ট :ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে ব্ৰাজিলত ইলন মাস্কৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক নিলম্বনৰ নিৰ্দেশ দিছে । প্ৰযুক্তি বিলিয়নাৰগৰাকীয়ে দেশখনত থকা এগৰাকী আইনী প্ৰতিনিধিৰ নাম ল'বলৈ অস্বীকাৰ কৰাৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে এই নিৰ্দেশ দিয়ে । এছ'চিয়েটেড প্ৰেছৰ সূত্ৰত এই কথা প্ৰকাশ ।

শুকুৰবাৰৰ এই পদক্ষেপে দুজন ব্যক্তিৰ মাজত বাক স্বাধীনতা, অতি সোঁপন্থী ভাবধাৰা আৰু ভুল তথ্যক লৈ মাহজুৰি চলি অহা বিবাদক অধিক বৃদ্ধি কৰিলে । ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছে বুধবাৰে নিশা মাস্কক সতৰ্ক কৰি দিছিল যে যদি তেওঁ দেশখনত থকা এজন প্ৰতিনিধিৰ নাম লোৱাৰ বাবে তেওঁৰ আদেশ পালন কৰাত বিফল হয়, তেন্তে এক্সক ব্ৰাজিলত ব্লক কৰা হ'ব পাৰে । ইয়াৰ বাবে তেওঁক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে । উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিৰে পৰা কোম্পানীটোৰ ব্ৰাজিলত কোনো প্ৰতিনিধি নাই ।

নিজৰ সিদ্ধান্তত ডি মোৰেছে ইণ্টাৰনেট সেৱা প্ৰদানকাৰী আৰু এপ ষ্টোৰবোৰক এক্সত প্ৰৱেশাধিকাৰ ব্লক কৰিবলৈ পাঁচ দিনৰ সময়সীমা বান্ধি দি কয় যে এই প্লেটফৰ্মটো তেওঁৰ আদেশ পালন নকৰালৈকে অৱৰোধ হৈ থাকিব । তেওঁ লগতে কয় যে যিসকল লোকে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক বা ভি পি এন ব্যৱহাৰ কৰে, তেওঁলোকে এক্সত প্ৰৱেশ কৰিবলৈ দৈনিক 50,000 ৰিয়াই (8,900 ডলাৰ) জৰিমনা ভৰিব লাগিব ।

উল্লেখ্য যে, ইলন মাস্কে ব্ৰাজিলৰ সাৰ্বভৌমত্বৰ প্ৰতি আৰু বিশেষকৈ ন্যায়পালিকাৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰি নিজকে এক অতি ৰাষ্ট্ৰীয় সত্তা হিচাপে স্থাপন কৰিছে আৰু প্ৰতিখন দেশৰ আইনৰ প্ৰতি ভেঙুচালি কৰিছে । ডি মোৰেছে নিৰ্দেশটোত লিখিছে ।

ব্ৰাজিল হৈছে এক্সৰ এক গুৰুত্বপূৰ্ণ বজাৰ । 2022 চনত মাস্কে পূৰ্বৰ টুইটাৰ ক্ৰয় কৰাৰ পিচত বিজ্ঞাপনদাতাসকলৰ লোকচানৰ সৈতে বৰ্তমান যুঁজি আছে । বজাৰ গৱেষণা গ্ৰুপ ইমাৰকেটাৰে কয় যে প্ৰায় 40 নিযুত ব্ৰাজিলিয়ান জনসংখ্যাৰ প্ৰায় এক-পঞ্চমাংশই প্ৰতিমাহে কমেও এবাৰ এক্সত প্ৰৱেশ কৰে ।

এক্সে বৃহস্পতিবাৰে দিনটোৰ শেষৰ ফালে নিজৰ অফিচিয়েল গ্লোবেল গভৰ্ণমেণ্ট এফেয়াৰ্ছ পেজত পোষ্ট কৰিছিল, "ডি মোৰেছে এক্স বন্ধ কৰিব বুলি আশংকা কৰিছো । কেৱল এইকাৰণে যে আমি তেওঁৰ ৰাজনৈতিক বিৰোধীসকলক চেঞ্চৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ অবৈধ আদেশ পালন নকৰো ।"

"যেতিয়া আমি আদালতত নিজৰ পক্ষত যুক্তি দিবলৈ চেষ্টা কৰিছিলো, ন্যায়াধীশ ডি মোৰেছে আমাৰ ব্ৰাজিলৰ আইনী প্ৰতিনিধিক কাৰাদণ্ডৰ ভাবুকি দিছিল । আনকি তেওঁ পদত্যাগ কৰাৰ পাচতো তেওঁৰ সকলো বেংক একাউণ্ট ফ্ৰিজ কৰিছিল ।" কোম্পানীটোৱে লিখিছে ।

লগতে কয়, "তেওঁৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে আমাৰ স্পষ্ট প্ৰত্যাহ্বানবোৰ হয় খাৰিজ কৰা হৈছিল বা উপেক্ষা কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি মোৰেছৰ সহকৰ্মীসকল তেওঁৰ বিৰুদ্ধে থিয় হ'বলৈ হয়তো অনিচ্ছুক নহ'লে অক্ষম ।"

উল্লেখ্য যে, এক্সে ইউজাৰসকলক ব্লক কৰাৰ আদেশ পালন কৰিবলৈ অনিচ্ছা প্ৰকাশৰ বাবে ডি মোৰেছৰ সৈতে সংঘাতত লিপ্ত হয় । পূৰ্বতে ব্ৰাজিলৰ আদেশত এই প্লেটফৰ্মটোত বন্ধ কৰা একাউণ্টবোৰৰ ভিতৰত আছে প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৰ সোঁপন্থী দলৰ সৈতে জড়িত সাংসদ আৰু ব্ৰাজিলত গণতন্ত্ৰক অৱনমিত কৰাৰ অভিযোগ কৰা কৰ্মীসকল ।

লগতে পঢ়ক :আফ্ৰিকান বংশোদ্ভৱৰ বাবে আন্তৰ্জাতিক দিৱস : আফ্ৰিকানসকলৰ মহান সাফল্যৰ ওপৰত আলোকপাত - PEOPLE OF AFRICAN DESCENT
লগতে পঢ়ক :ইছলামাবাদৰ এছ চি অ' সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ পাকিস্তানৰ - Shanghai Cooperation Organisation

ABOUT THE AUTHOR

...view details