অসম

assam

আৱামী লীগৰ নেতা-কৰ্মীক ধাৰাবাহিক আক্ৰমণ: দুস্কৃতিকাৰীয়ে জ্বলাই দিছে ঘৰ-কাৰ্যালয়-আৰক্ষী চকী - Bangladesh crisis

By ANI

Published : Aug 6, 2024, 10:40 PM IST

Sheikh Hasina resignation: আকৌ জ্বলিছে বাংলাদেশ । ১৯৭১ চনৰ মুক্তিযুদ্ধৰ পিচত দেশখনে এতিয়াৰ দৰে ৰক্তপাত দেখা পোৱা নাছিল । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ পাচত আৱামী লীগৰ নেতা আৰু কৰ্মীসকলৰ ঘৰ আৰু কাৰ্যালয় লক্ষ্য কৰি লয় দুস্কৃতিকাৰীয়ে ৷ যাৰ ফলত অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি ৷

Sheikh Hasina Resignation
আৱামী লীগৰ নেতা কৰ্মীক ধাৰাবাহিক আক্ৰমণ (AFP)

ইন্টাৰনেশ্যনেল ডেস্ক, ৬ আগষ্ট:প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰাৰ পাচত অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি ৷ হাছিনাই দেশ এৰি যোৱাৰ পাচত ঢাকাৰ চৰকাৰী বাসগৃহৰ লগতে আৱামী লীগৰ নেতা-কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে ।

আৱামী লীগৰ নেতা-কৰ্মীক ধাৰাবাহিক আক্ৰমণ: দুস্কৃতিকাৰীয়ে জ্বলাই দিছে ঘৰ-কাৰ্যালয়-আৰক্ষী চকী (AFP)

পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে, গণপ্ৰতিবাদকাৰীয়ে দেশখনত সংঘটিত কৰিছে হিংসাত্মক ঘটনা ৷ সোমবাৰে নিশা বাংলাদেশৰ জেছ’ৰত অচিনাক্ত অগ্নিসংযোগকাৰীয়ে এখন আৱাসিক হোটেলত জুই লগাই দিয়া কমেও ৮ জন লোক নিহত হোৱাৰ লগতে ৮৪ জন আহত হয় বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে । এই হোটেলখন আছিল জশোৰ জিলা আৱামী লীগৰ সাধাৰণ সম্পাদক শ্বাহিন চাকলাদাৰৰ ৷

চহৰখনৰ বিভিন্ন স্থানত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ উদযাপন কৰিছিল হাজাৰ হাজাৰ লোকে । উদযাপনৰ সময়ত একাংশ লোকে চিত্তৰম’ৰ অঞ্চলৰ জাবিৰ হোটেলত অগ্নিসংযোগ কৰি ইয়াৰ আচবাব ভাঙি ভাঙি পেলায় । ইয়াৰ উপৰি শর্ছা আৰু বেনাপোলে অঞ্চলত জিলা আৱামী লীগৰ কার্যালয়ৰ লগতে তিনিজন আৱামী লীগৰ নেতাৰ ঘৰতো আক্রমণ কৰে ৷

লগতে পঢ়ক:আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ; নিহত ৮ - Bangladesh crisis

ইফালে নাৰাইল-২ সমষ্টিৰ সাংসদ মাছৰাফে বিন মুৰ্তাজাৰ বাসগৃহ সোমবাৰে দুষ্কৃতিকাৰীয়ে ভাঙি জুই লগাই দিয়ে । তদুপৰি তেওঁলোকে জিলা আৱামী লীগৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে জিলা আৱামী লীগৰ সভাপতি সুভাস চন্দ্ৰ বসুৰ ঘৰ ভাঙি পেলাই বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে । নাৰায়ণগঞ্জ-৪ সমষ্টিৰ সংসদ সদস্য ছামিম ওছমানৰ বাসগৃহও দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰে । জিলা আৱামী লীগৰ কাৰ্যালয়কো লক্ষ্য কৰি লয় দুস্কৃতিকাৰীয়ে ।

কমিলা-৬ (সদৰ) সমষ্টিৰ সাংসদ এ কে এম বাহাউদ্দিন বাহাৰৰ ঘৰতো অগ্নিসংযোগ কৰা হয় । ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি, কমিলা চহৰৰ মনোহৰপুৰ মুনছেফবাৰী অঞ্চলত থকা বাহাৰৰ বাসগৃহত জ্বলাই দিয়াৰ পূৰ্বে ব্যাপক ক্ষতিসাধন কৰে । ইফালে দুষ্কৃতিকাৰীয়ে চট্টগ্ৰামৰ কমেও ছখন আৰক্ষী থানা ভাঙি-ছিঙি লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰে আৰু থানাৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু বিভিন্ন সা-সঁজুলি লুটপাত কৰি লৈ যায় ।

পৰৱৰ্তী সময়ত চট্টগ্ৰাম মহানগৰ আৰক্ষীৰ অধীনস্থ চান্দগাঁও, পাটেংগা, ইপিজেড, কোটোৱালি আকবৰ শ্বাহ আৰু পাহাৰতলীৰ আৰক্ষী থানাত আক্ৰমণ কৰি জুই লগাই দিয়া হয় । আক্ৰমণৰ সময়ত আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামগ্ৰী লুটপাত কৰা হয় । এই আক্ৰমণত কেইবাজনো আৰক্ষী জোৱান আহত হোৱা বুলি ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক:অগ্নিকুণ্ডত বাংলাদেশ: হাছিনাৰ দলৰ নেতাৰ হোটেলত অগ্নিসংযোগ, গুৰুতৰভাৱে আহত অসমৰ দুই ব্যৱসায়ী - Assam businessmen injured in Dhaka

সন্ধিয়া ৫ মান বজাত (স্থানীয় সময় অনুসৰি) আক্রমণকাৰীয়ে দমপাৰাৰ চট্টগ্ৰাম মহানগৰ আৰক্ষী লাইনৰ মূল গেট ভাঙিবলৈ চেষ্টা চলায় । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে আৰক্ষীৰ লোকে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰাত আক্ৰমণকাৰীক ছত্ৰভংগ দিয়ে ।

ইয়াৰ পিচতে শ শ লোকে দমপাৰাৰ পুলিচ লাইনৰ মূল গেটৰ সন্মুখত একত্ৰিত হৈ আক্ৰমণ কৰি বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে ৰাইজক সৰ্তক কৰি দিয়ে যদিও উত্তেজিত ৰাইজে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ইটা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে

আন এক ঘটনাত লালডিঘী অঞ্চলৰ চট্টগ্ৰাম কেন্দ্ৰীয় কাৰাগাৰতো আক্ৰমণ কৰা হয় । কাৰাগাৰৰক্ষীয়ে ভিতৰৰ পৰা গুলীচালনা কৰাত দুষ্কৃতিকাৰীক ছত্ৰভংগ দিয়ে । সন্ধিয়া ৫ বজাৰ ওচৰত (স্থানীয় সময় অনুসৰি) হালিশাহাৰৰ চোটোপুল অঞ্চলৰ চট্টগ্ৰাম জিলা আৰক্ষী লাইনকো লক্ষ্য কৰি লোৱা হয় ৷

লগতে পঢ়ক:বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

ABOUT THE AUTHOR

...view details