দাগেস্তানত উগ্ৰপন্থীৰ আক্ৰমণত আৰক্ষীসহ নিহত প্ৰায় ১৫ জন লোক - Dagestan militants attack
Dagestan militants attack : ৰাছিয়াৰ দাগেস্তানৰ দুখন চহৰত উগ্ৰপন্থীৰ আক্ৰমণ । ছিনেগগ, গীৰ্জা আৰু আৰক্ষী চকীত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে । প্ৰায় ১৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২৫ গৰাকী আহত হোৱাৰ খবৰ পোৱা গৈছে ।
দাগেস্তানত উগ্ৰপন্থীৰ আক্ৰমণত আৰক্ষীসহ নিহত প্ৰায় ১৫ জন লোক (ETV Bharat)
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ জুন :ৰাছিয়াৰ দক্ষিণৰ গণৰাজ্য দাগেস্তানত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ । সশস্ত্ৰ উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু, আৰক্ষীসহ ১৫ জনতকৈও অধিক লোকৰ মৃত্যু হয় । এই আক্ৰমণত প্ৰায় ২৫ গৰাকী লোক আহত হয় । দাগেস্তানৰ গভৰ্ণৰ ছেৰ্গেই মেলিকভে সোমবাৰে পুৱতি নিশা এক ভিডিঅ' বিবৃতিত এই কথা উল্লেখ কৰে ।
কৰ্তৃপক্ষই জনোৱা মতে উগ্ৰপন্থীয়ে দুখন চহৰত দেওবাৰে দুটাকৈ পুৰণি গীৰ্জা, এটা ছিনেগগ (ইহুদীসকলৰ উপাসনা গৃহ) আৰু এখন আৰক্ষী চকীত আক্ৰমণ কৰে । ৰাছিয়াৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সমিতিয়ে সশস্ত্ৰ উগ্ৰবাদৰ ইতিহাস থকা মুছলমান প্ৰধান অঞ্চলটোত হোৱা এই আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি বৰ্ণনা কৰিছে ।
গভৰ্ণৰে জনোৱা মতে প্ৰায় ৬ উগ্ৰপন্থীও নিহত হৈছে । সোমবাৰৰ পৰা বুধবাৰলৈ অঞ্চলটোত শোক দিৱস পালন কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু আৰু প্ৰায় ৬ গৰাকী আৰক্ষী বিষয়া নিহত হয় । দাগেস্তান প্ৰশাসনে কয় যে কাস্পিয়ান সাগৰ অঞ্চলত থকা ডাৰ্বেণ্ট চহৰৰ এটা ছিনেগগ আৰু এটা গীৰ্জাত সশস্ত্ৰ উগ্ৰপন্থীয়ে গুলীচালনা কৰে ।