ৱাশ্বিংটন :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক (ডিএনআই) তুলসী গাবাৰ্ডৰ সৈতে এক বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰী মোদী আৰু গাবাৰ্ডে ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে । প্ৰধানমন্ত্ৰী মোদী আৰু গাবাৰ্ডে ইজনে সিজনক উষ্ম আদৰণি জনায় ।
উল্লেখ্য যে মাত্ৰ কেইঘণ্টামান পূৰ্বে হোৱাইট হাউচত গাবাৰ্ডে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক হিচাপে শপতগ্ৰহণ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত বৈঠকৰ কথা উল্লেখ কৰি লিখিছে, "ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালকক সাক্ষাৎ কৰো । নতুন পদত নিযুক্তিৰ বাবে তেওঁক অভিনন্দন জনাইছো । ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰো, যাৰ প্ৰতি তেওঁৰ সদায় সমৰ্থন আছিল ।"
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া কাৰ্যসূচীৰে আমেৰিকাত উপস্থিত হৈছে । আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰা আৰু অন্যান্য বিষয়াসকলে বিমানবন্দৰত তেওঁক আদৰণি জনায় । ড'নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম আমেৰিকা ভ্ৰমণ ।
আমেৰিকাত অৱতৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদী ব্লেয়াৰ হাউচলৈ ৰাওনা হয় আৰু তেওঁক আদৰণি জনোৱাৰ বাবে তাত সমবেত হোৱা প্ৰবাসী ভাৰতীয় লোকসকলক অভিনন্দন জনায় । ব্লেয়াৰ হাউচত তেওঁক আদৰণি জনোৱাৰ সময়ত একাংশ লোকে 'ভাৰত মাতা কী জয়' আৰু 'মোডী মোডী' শ্ল'গান দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁলোকক এই বিশেষ আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ পোষ্টত লিখিছে, "প্ৰচণ্ড শীতৰ মাজতে এক উষ্ণ অভ্যৰ্থনা । শীতৰ বতৰ স্বত্বেও ৱাশ্বিংটন ডিচিত প্ৰবাসী ভাৰতীয়সকলে মোক এক বিশেষ আদৰণি জনাইছে । তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা ।" আমেৰিকাত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হ'বলৈ আৰু ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আশাবাদী ।
X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কিছু সময় পূৰ্বে ৱাশ্বিংটন ডিচিত অৱতৰণ কৰিছো । ড'নাল্ড ট্ৰাম্পৰ সাক্ষাৎ আৰু ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে অপেক্ষা কৰি আছো । আমাৰ ৰাষ্ট্ৰসমূহে আমাৰ লোকসকলৰ হিতৰ বাবে আৰু আমাৰ বিশ্বৰ বাবে এক উন্নত ভৱিষ্যতৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি থাকিব ।"
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণকালত আমেৰিকাৰ কেবিনেটৰ সদস্য আৰু উদ্যোগৰ নেতাসকলকো সাক্ষাৎ কৰিব ।