অসম

assam

ETV Bharat / international

G7 সন্মিলনৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, কেইবাখনো বৈঠকত অংশগ্ৰহণৰ সম্ভাৱনা - G7 Summit in Italy

PM Modi arrives in Italy : কেইবাখনো দ্বি-পাক্ষিক বৈঠকত অংশগ্ৰহণৰ লক্ষ্যৰে জি ৭ সন্মিলনত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তিনিদিনীয়াকৈ ইটালীত অনুষ্ঠিত হোৱা এই সন্মিলনৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ এইবেলি ভাৰতক আমন্ত্ৰণ কৰা হৈছে ৷

G7 SUMMIT IN ITALY
ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী (Pm Modi's Twitter account)

By ANI

Published : Jun 14, 2024, 7:12 AM IST

নিউজ ডেস্ক, 14 জুন :তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জি ৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ অৰ্থে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে নিশা (স্থানীয় সময় অনুসৰি) ইটালীৰ আপুলিয়াত উপস্থিত হৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আপুলিয়াৰ ব্ৰিণ্ডিচি বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয় ৷

মোদীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত আছিল ইটালীস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বাণী ৰাও আৰু অন্যান্য বিষয়াসকল ৷ জি ৭ সন্মিলনৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ এইবেলি ভাৰতক আমন্ত্ৰণ কৰা হৈছে ৷

লগতে পঢ়ক:মসৃণ নহ'ব মোদীৰ তৃতীয়টো কাৰ্যকাল ! - Modi Govt third term

উল্লেখ্য যে, একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত অন্তৰ্ভুক্ত আছে জি ৭ সন্মিলনৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণৰ লগতে বিশ্বৰ আন আন দেশৰ নেতাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বাৰ্তালাপ । এই সময়চোৱাত মোদীয়ে বহুকেইখন দ্বি-পাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই সন্দৰ্ভত সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীৰ দিনজোৰা ইটালী ভ্ৰমণৰ সন্দৰ্ভত জয়ছোৱালে আন এটা ভিডিঅ' পোষ্ট কৰিছে ৷ মোদীয়ে শুকুৰবাৰে এই বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:আমি এগৰাকী ন-উদ্ভাসিত মোদীক প্ৰত্যক্ষ কৰিম ; জ্যেষ্ঠ সাংবাদিক এন ৰাম - Journalist N Ram on Modi Govt

এই সন্মিলন 13-15 জুনলৈ তিনিদিনীয়াকৈ ইটালীৰ আপুলিয়াৰ বৰগো এগনাজিয়া ৰিজ’ৰ্টত অনুষ্ঠিত হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিৰ আমন্ত্ৰণমৰ্মে এই সন্মিলনত অংশগ্ৰহণ কৰিছে ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ সন্দৰ্ভত কয় যে, তৃতীয়বাৰৰ বাবে তেওঁ ইটালীত অনুষ্ঠিত এই জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত ৷ পূৰ্বৰ ইটালী ভ্ৰমণৰ কথা সোঁৱৰাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্ক উন্নত কৰাত সহায় কৰাৰ কথা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:মোদী 3.0 ত অধিক ঐক্যবদ্ধৰূপত দেখা যাব বিৰোধীক - MODI GOVERNMENT

মোদীয়ে লগতে কয়, "মই আনন্দিত যে একেৰাহে তৃতীয়বাৰৰ বাবে .ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত এয়া মোৰ প্ৰথমটো ভ্ৰমণসূচী" ৷ বিগত ২০২১ চনত জি-২০ সন্মিলনৰ বাবে মোদীয়ে ইটালী ভ্ৰমণ কৰিছিল ৷

তদুপৰি যোৱা বছৰ(2023) ত প্ৰধানমন্ত্ৰী মেলোনিয়ে দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল, যিটোৱে দুয়োখন দেশৰ দ্বি-পাক্ষিক সম্পৰ্কত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল ৷ তাৰপিছৰে পৰা দুয়োখন দেশে কৌশলগত অংশীদাৰিত্ব একত্ৰিত কৰিবলৈ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় ৷

উল্লেখ্য যে, এয়া ভাৰতৰ ১১ সংখ্যক অংশগ্ৰহণ আৰু জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ একেৰাহে পঞ্চম অংশগ্ৰহণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক:মোদী চৰকাৰৰ দপ্তৰ বিতৰণ; নাড্ডাক স্বাস্থ্য, নিৰ্মলাক বিত্ত; গৃহত শ্বাহ, নিৰাপত্তাত ৰাজনাথ...সবিশেষ চাওক - Narendra Modi Cabinet

ABOUT THE AUTHOR

...view details