বেইজিং :ভাটৌ এক মৰম ল'গা পক্ষী । দেখিবলৈ আকৰ্ষণীয় হোৱাৰ সমান্তৰালকৈ এই ভাটৌ পক্ষীয়ে মানুহক অনুসৰণ বা নকল কৰাত পাকৈত । তাৰ মাজতে সামাজিক মাধ্যমত এটি ভাটৌৰ বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে । এইবাৰ দন্ত চিকিৎসকৰ ৰূপত দেখা গৈছে এটি ভাটৌক । য'ত ভাটৌটোৱে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এটি শিশুৰ বেয়া দাঁত উভালি আনিছে । দাঁতটো উলিয়াই অনাৰ সময় ইমানে কম আছিল যে শিশুটোৱে একো ধৰিবই নোৱাৰিলে ।
ভাটৌৰ কাম দেখি অবাক শিশুটো
ভাইৰেল ভিডিঅ'টো দেখাৰ পিছত আপুনি বিশ্বাস নকৰিব যে এটা ভাটোৱে কাৰোবাৰ দাঁত ইমান নিখুঁতভাৱে উলিয়াই আনিব পাৰে । আপুনি নিশ্চয় দেখিছে যে ভাটৌৱে মানুহৰ ভাগ্যৰ বিষয়ে ক'ব পাৰে ! কিন্তু তাৰ বাহিৰেও, এই ভিডিঅ'টোত ভাটৌটোক দন্ত চিকিৎসকৰ দৰে কাম কৰা দেখা গৈছে ।
ভিডিঅ'টোত দেখা গৈছে যে এটা শিশুৱে হাতত ভাটৌ চৰাইটো লৈ চিকিৎসালয়ত থিয় হৈ আছে আৰু চিকিৎসকজনো তেওঁৰ কাষতে থিয় হৈ আছে কিন্তু ভিডিঅ'টোত দেখা পোৱা নাই । শিশুটোৱে তাৰ পিছত ভাটৌটোক মুখৰ ভিতৰলৈ লৈ যায়, তাৰ পিছত তেওঁৰ বেয়া দাঁতটো দেখুৱায় । ইয়াৰ পিছত ভাটৌটোৱে দাঁতটো দেখাৰ লগে লগে শিশুটোৰ বেয়া দাঁতটো ঠোঁটেৰে উলিয়াই আনে । তাৰ পাছত শিশুটোৱে কোনো প্ৰতিক্ৰিয়া নকৰাকৈ ভাটৌটোলৈ চাবলৈ আৰম্ভ কৰে । একে সময়তে, ভিডিঅ'টোত দেখা গৈছে যে ভাটৌটোৰ ঠোঁটত এটা দাঁত আছে ।
এই আকৰ্ষণীয় ভিডিঅ'টো @Discover_GZ নামৰ এক্সৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে । কেপচনটোত লিখা আছে,"ভাটৌ এজন দন্ত চিকিৎসক হ'ব পাৰে নেকি ? চীনৰ ঝেজিয়াং প্ৰদেশত মাত্ৰ এক ছেকেণ্ডত এটা শিশুৰ বেয়া দাঁত উলিয়াই আনে পোহনীয়া ভাটৌৱে !
লগতে পঢ়ক :সংঘৰ্ষই বধ্যভূমিত পৰিণত কৰা বাংলাদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন - ELECTION IN BANGLADESH