ইণ্টাৰনেশ্যনেল ডেস্ক, 5 মাৰ্চ:ইজৰাইলৰ উত্তৰ দিশত মৃত্যু ঘটিল এগৰাকী ভাৰতীয়ৰ ৷ টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ আক্ৰমণত এগৰাকী ভাৰতীয় নিহত হোৱাৰ লগতে আন দুজন আহত হয় বুলি জানিব পৰা গৈছে ৷
সোমবাৰে লেবানন দিশৰ পৰা নিক্ষেপ কৰা টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰই ইজৰাইলৰ উত্তৰ সীমান্তৱৰ্তী মাৰ্গালিঅ’টৰ সমীপৰ এখন ফলৰ বাগিচাত আঘাত কৰাৰ ফলত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয় । তিনিওজন ভুক্তভোগী দাক্ষিণাত্যৰ কেৰালাৰ বুলি জানিব পৰা গৈছে ।
উদ্ধাৰ অভিযানৰ মুখপাত্ৰ মেগেন ডেভিদ আডম (এমডিএ) জাকি হেলাৰে পিটিআইক জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় 11 বজাত ইজৰাইলৰ উত্তৰ অঞ্চলৰ মোশ্বাভ (সামূহিক কৃষি সম্প্ৰদায়) মাৰ্গালিঅ’টৰ এখন বাগিচাত ক্ষেপণাস্ত্ৰই আঘাত কৰে । এই আক্ৰমণত নিহত ভাৰতীয়জন কেৰালাৰ কোল্লামৰ পাটনিবিন মেক্সৱেল । চৰকাৰী সূত্ৰই জনোৱা মতে, জিভ হাস্পতালত তেওঁৰ মৃতদেহটো লৈ যোৱা হৈছে । আহত বুছ জোচেফ জৰ্জ আৰু পল মেলভিনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি তেওঁলোকে জনায় ।
পিটিআইক এক চৰকাৰী সূত্ৰই জনায়, "জৰ্জক মুখ আৰু শৰীৰত আঘাত পোৱাৰ পিছত পেটাহ টিকভাৰ বেইলিনছন হাস্পতাললৈ যোৱা হয় । তেওঁৰ অপাৰেচন কৰা হৈছে, সুস্থ হৈ উঠিছে, আৰু তেওঁক নিৰীক্ষণত ৰখা হৈছে । ভাৰতত তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে ।"
মেলভিন সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁক ইজৰাইলৰ উত্তৰ দিশৰ ছাফেদ চহৰৰ জিভ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ ঘৰ কেৰালাৰ ইডুক্কি জিলাত । ইয়াৰ পূৰ্বে এম ডি এয়ে কয় যে এই আক্ৰমণত এজন বিদেশী শ্ৰমিক নিহত হোৱাৰ লগতে আন 7 জন আহত হৈছে । গাজা ষ্ট্ৰীপত চলি থকা যুদ্ধৰ মাজতে হামাছৰ সমৰ্থনত 8 অক্টোবৰৰ পৰা প্ৰতিদিনে উত্তৰ ইজৰাইললৈ ৰকেট, মিছাইল, ড্ৰ’ন নিক্ষেপ কৰি অহা লেবাননৰ শ্বিয়া হিজবুল্লাহ ফৈদে এই আক্ৰমণ সংঘটিত কৰা বুলি অনুমান কৰা হৈছে ।