ইণ্টাৰনেচনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : পিটিআই দলে পাকিস্তানৰ নেচনেল এছেম্বলী আৰু পঞ্জাব প্ৰভিন্সিয়েল এছেম্বলীত বিৰোধী দলৰ আসনত বহিব । পাকিস্তানৰ কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলটোৱে শুকুৰবাৰে এই ঘোষণা কৰে ।
দলটোৱে ওমৰ আয়ুব খানক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে আৰু আছলাম ইকবালক পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰাৰ এদিন পিছতে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) বেৰিষ্টাৰ আলী চৈফে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে । ইছলামাবাদৰ কৌমি ৱতন পাৰ্টী পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চৈফে কয় যে দলটোৰ প্ৰতিষ্ঠাপক ইমৰান খানৰ নিৰ্দেশনা অনুসৰি দলটোৱে কেন্দ্ৰ আৰু পঞ্জাবত বিৰোধী দলত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
চৈফে কয়, "আমি বিৰোধীৰ আসনত বহিবলৈ সিদ্ধান্ত লৈছোঁ । যদি আমি আমাৰ ভোট অনুসৰি আসন লাভ কৰিলোহেঁতেন আৰু যদি ফলাফল সলনি নহ'লহেঁতেন, তেন্তে হয়তো আজি আমি 180 খন আসনেৰে কেন্দ্ৰত ক্ষমতাত থাকিলোঁহেঁতেন । আমাৰ প্ৰাৰ্থীসকলে জয়ী হোৱাৰ প্ৰমাণ 45 নং ফৰ্ম ।" অৱশ্যে বিৰোধী দলত যোগদানৰ সিদ্ধান্তৰ পিছত দলটোৱে প্ৰধানমন্ত্ৰী আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী নিৰ্বাচনত অংশগ্ৰহণ কৰিবনে নাই সেয়া স্পষ্ট হোৱা নাই ।