অসম

assam

ETV Bharat / international

চীনত খহি পৰিল ঘাইপথৰ অংশ, ৩০ৰো অধিক লোকৰ মৃত্যু - China highway collapsed

China highway collapsed : প্ৰকৃতিৰ ৰোষত চীন । যোৱা কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত দেশখনৰ বিভিন্ন প্ৰদেশ বানৰ কবলত পৰিছে । তাৰ মাজতে বুধবাৰে এটা গুৰুত্বপূৰ্ণ পথৰ অংশ খহি পৰে । ৩৬ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

China highway collapsed
চীনত খহি পৰিল ঘাইপথৰ অংশ, ৩০ৰো অধিক লোকৰ মৃত্যু

By PTI

Published : May 2, 2024, 9:52 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২ মে':প্ৰাকৃতিক দুৰ্যোগৰ কবলত চুবুৰীয়া দেশ চীন । শেহতীয়াকৈ দেশখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ফলস্বৰূপে দক্ষিণ চীনত এটা গুৰুত্বপূৰ্ণ ঘাইপথৰ এটা অংশ খহি পৰে । যাৰ ফলত বহু বাহন বাগৰি পৰে আৰু কমেও ৩৬ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

মেইঝৌ মহানগৰ চৰকাৰে কোৱা মতে বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ঘাইপথৰ ১৭.৯ মিটাৰ দীঘল এটা অংশ খহি পৰে । যাৰ ফলত এক প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় । সেই গাঁতত প্ৰায় ২৩ খনকৈ বাহন সোমাই যায় । চৰকাৰী বিবৃতি অনুসৰি এই দুৰ্ঘটনাটোত ৩০ জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে । তেওঁলোকৰ ভিতৰত বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, তেওঁলোকে এটা বৃহৎ শব্দ শুনিছিল আৰু তাৰ পাচতে পথটো খহি পৰা দেখিছিল, য'ত বাহনবোৰ চলি আছিল । স্থানীয় সংবাদ মাধ্যমত ভিডিঅ' আৰু ফটোবোৰ প্ৰকাশ পাইছে । য'ত বাহনবোৰ জ্বলি যোৱা দেখা গৈছে । ৰাজপথৰ পৰা তললৈ যোৱা ঢালত ধ্বংসস্তুপত পৰিণত বাহনবোৰ পৰি থকা দেখা গৈছে ।

ইফালে গুয়াংডং প্ৰদেশৰ কিছু অংশত যোৱা দুসপ্তাহ ধৰি ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ফলত সেই প্ৰদেশত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । লগতে ঠায়ে ঠায়ে শিলাবৃষ্টি হোৱাও দেখা গৈছে । যোৱা সপ্তাহত প্ৰাদেশিক ৰাজধানী গুয়াংঝৌত এক টৰ্ণেডোৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হৈছিল । এপ্ৰিল মাহৰ আৰম্ভণিতে মেইঝৌৰ কিছুমান গাঁও প্লাৱিত হৈছিল আৰু তেতিয়াৰে পৰা চহৰখনত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ।

লগতে পঢ়ক :সেনাৰ পুনৰ্গঠন, চীনৰ লক্ষ্য কি ? - Chinese Army Restructuring

ABOUT THE AUTHOR

...view details