অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / international

ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ নেতা হাছান নাছৰাল্লাহ ! - Hezbollah Leader killed

Israeli Airstrikes: ইজৰাইলী সামৰিক বাহিনী আৰু হিজবুল্লাহৰ মাজত সংঘৰ্ষ অব্যাহত আছে । ইজৰাইলৰ বিমান আক্ৰমণত বেইৰুটত হিজবুল্লাহৰ শীৰ্ষ নেতা হাছান নাছৰাল্লাহ নিহত । ইজৰাইলী সামৰিক বাহিনীয়ে এই কথা নিশ্চিত কৰিছে ।

Israeli Airstrikes
ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ নেতা হাছান নাছৰাল্লাহ (AP Photos)

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ বিৰুদ্ধে ইজাৰাইলে একাধিক আক্ৰমণ কৰিছে । তেনে এক আক্ৰমণত বেইৰুটত হিজবুল্লাহৰ নেতা হাছান নাছৰাল্লাহ নিহত হোৱাৰ খবৰ পোৱা গৈছে । ইজৰাইলী সামৰিক বাহিনীয়ে শনিবাৰে এই কথা নিশ্চিত কৰিছে । সামৰিক বাহিনীয়ে কোৱা মতে বাহিনীৰ এক বিমান আক্ৰমণৰ জৰিয়তে বেইৰুটৰ দক্ষিণে দাহিয়েহত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছিল ।

হিজবুল্লাহৰ শীৰ্ষ নেতা নিহত

এই আক্ৰমণত হিজবুল্লাহৰ দক্ষিণ মৰ্চাৰ কমাণ্ডাৰ আলী কাৰ্কি আৰু অতিৰিক্ত হিজবুল্লাহ কমাণ্ডাৰো নিহত হয় বুলি ইজৰাইলী সামৰিক বাহিনীয়ে জনাইছে । ইফালে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে শুকুৰবাৰে হোৱা আক্ৰমণত ৬ গৰাকী লোক নিহত হোৱাৰ লগতে ৯১ গৰাকী লোক আহত হৈছে । একদৰে ৬ টা আৱাসিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে ।

উল্লেখ্য যে নাছৰাল্লাহে তিনি দশকৰো অধিক সময় ধৰি হিজবুল্লাহক নেতৃত্ব দি আহিছে । অৱশ্যে হিজবুল্লাহৰ পৰা তাৎক্ষণিকভাৱে কোনো স্পষ্টীকৰণ পোৱা হোৱা নাই । হিজবুল্লাহে ইজৰাইলক লক্ষ্য কৰি বহু পৰিমাণৰ ৰকেট নিক্ষেপ কৰে আৰু তাৰ প্ৰত্যুত্তৰত ইজৰাইলেও শনিবাৰে হিজবুল্লাহৰ বিৰুদ্ধে বিমান আক্ৰমণ অব্যাহত ৰাখিছে ।

ইজৰাইলী সামৰিক বাহিনীৰ আক্ৰমণ

ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে লেবাননৰ সৈতে উত্তেজনা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে অতিৰিক্ত সংৰক্ষিত সেনা সংগ্ৰহ কৰি আছে । সামৰিক বাহিনীয়ে শনিবাৰে পুৱা কয় যে ই তিনিটা বেটেলিয়ন ৰিজাৰ্ভ সেনাক সক্ৰিয় কৰি ৰখা হৈছে । ইয়াৰ পূৰ্বে উত্তৰ ইজৰাইললৈ দুটাকৈ ব্ৰিগেড প্ৰেৰণ কৰি সম্ভাৱ্য স্থল আক্ৰমণৰ বাবে প্ৰশিক্ষণ দিছিল ।

ইফালে শনিবাৰে পুৱা ইজৰাইলী সামৰিক বাহিনীয়ে দক্ষিণ বেইৰুট আৰু পূব লেবাননৰ বেকা উপত্যকাত কেইবাটাও আক্ৰমণ কৰে । বেইৰুটৰ দক্ষিণ উপনগৰ অঞ্চলত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণৰ ফলত নিশাটোৰ ভিতৰতে অঞ্চলটোত বিধ্বংসী পৰিৱেশৰ সৃষ্টি হয় । ধ্বংসস্তুপ আৰু ধোঁৱাৰে সমগ্ৰ অঞ্চল ভৰি পৰে । এনে পৰিস্থিতিত শ শ লোক আশ্ৰয় শিবিৰৰ দিশে অগ্ৰসৰ হয় । বহু লোকে ৰাজহুৱা স্থান আৰু সমুদ্ৰ তীৰতে নিশা কটায় । পথবোৰত শ শ লোকক খোজকাঢ়ি থকা দেখা গৈছে ।

লগতে পঢ়ক :লেবাননৰ বিৰুদ্ধে আমি এই যুদ্ধ নিবিচাৰোঁ: ইটিভি ভাৰত এক্সক্লুছিভ সাক্ষাৎকাৰত ইজৰাইলৰ ডেপুটি চীফ অৱ মিছন - Israeli strike on Lebanon

ABOUT THE AUTHOR

...view details