আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 31 জানুৱাৰী :বুধবাৰে দক্ষিণ কোৰিয়াৰ দক্ষিণ-পশ্চিম উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ F-16 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত যুঁজাৰু বিমানখনৰ পৰা এজন পাইলট সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় ৷ জানিব পৰামতে, দুমাহৰো কম সময়ৰ ভিতৰত এইটো দ্বিতীয় বিমান দুৰ্ঘটনা ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টম যুঁজাৰু শাখাই এক বিবৃতিযোগে কয় যে, ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা পাইলটজন উদ্ধাৰ কৰি স্বাস্থ্য় পৰীক্ষাৰ বাবে চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মিছন অংশীদাৰসকলৰ সৈতে পাইলটজনক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈ পৰিছিল ৷ বিমানখন বন্দৰ চহৰ গুনচানৰ ওচৰত সাগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটগৰাকীক উদ্ধাৰ কৰা হয় ৷ সম্প্ৰতি দুৰ্ঘটনাটো কি কাৰণে সংঘটিত হৈছিল তাৰ সন্দৰ্ভত অনুসন্ধান কৰা হৈছে ৷
কমাণ্ডাৰ শাখা কৰ্ণেল মেথিউ চি গেটকে কয় এই দুৰ্ঘটনাৰ ঘটনাৰ সন্দৰ্ভত কয়, "আমি কোৰিয়া গণৰাজ্যৰ উদ্ধাৰকাৰী বাহিনী আৰু আমাৰ সকলো সতীৰ্থৰ প্ৰতি অত্যন্ত কৃতজ্ঞ যিয়ে আমাৰ পাইলটৰ দ্ৰুত পুনৰুদ্ধাৰ সম্ভৱ কৰি তুলিছে । এতিয়া আমি বিমানখনৰ সন্ধান আৰু পুনৰুদ্ধাৰৰ ওপৰত আমাৰ গুৰুত্ব দিব পাৰিম ।"