অসম

assam

ETV Bharat / international

আত্মঘাতী বোমাৰুৰ দ্বাৰা হত্যা নুছৰা ফ্ৰণ্টৰ সহ-প্ৰতিষ্ঠাপকক - Nusra Front co founder Killed

Nusra Front co founder Killed : আল কায়দাৰ সৈতে জড়িত ছিৰিয়াৰ মূল গোট এটাৰ সহ-প্ৰতিষ্ঠাপকক হত্যা ৷ এসময়ত নুছৰা ফ্ৰণ্ট নামেৰে পৰিচিত আছিল এই গোটটো ৷ মৃত সহ-প্ৰতিষ্ঠাপকজনৰ নাম আবু মাৰিয়া আল-কাহতানী ৷

By PTI

Published : Apr 5, 2024, 10:26 AM IST

Bombing kills co-founder of Syria's main al-Qaida-linked group, once known as Nusra Front
এসময়ত নুছৰা ফ্ৰণ্ট নামেৰে পৰিচিত আল কায়দাৰ সৈতে জড়িত এটি গোটৰ সহ-প্ৰতিষ্ঠাপকক হত্যা

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 এপ্ৰিল:বোমা বিস্ফোৰণত ছিৰিয়াৰ আল কায়দাৰ সৈতে জড়িত মূল গোটটোৰ সহ-প্ৰতিষ্ঠাপকক হত্যা কৰা হয় ৷ ইটো এসময়ত নুছৰা ফ্ৰণ্ট নামেৰে পৰিচিত আছিল ৷ বৃহস্পতিবাৰে বিয়লি উত্তৰ-পশ্চিম ছিৰিয়াত আত্মঘাতী বোমাৰু বিস্ফোৰকে বিস্ফোৰণ ঘটাই উত্তৰ-পশ্চিমৰ বহু অংশ নিয়ন্ত্ৰণ কৰা দেশখনৰ মূল আল কায়দাৰ সৈতে জড়িত গোটটোৰ সহ-প্ৰতিষ্ঠাপকক হত্যা কৰে বুলি যুদ্ধ নিৰীক্ষকে জনায় ।

একাংশ কৰ্মীয়ে বিস্ফোৰণৰ উৎসক লৈ বিতৰ্ক কৰি কয় যে ইয়াৰ পৰিৱৰ্তে দূৰৈৰ পৰা ৰিম’টৰ দ্বাৰা বিস্ফোৰণ কৰা বোমাত আবু মাৰিয়া আল-কাহতানীৰ মৃত্যু হয় ৷ যাৰ প্ৰকৃত নাম মায়ছাৰা আল-জুবুৰী । আল-কাহতানীয়ে ছিৰিয়াত নুছৰা ফ্ৰণ্টৰ সহ-প্ৰতিষ্ঠাপক আছিল, যিটো উগ্ৰপন্থী গোটে পিছলৈ নিজৰ নাম সলনি কৰি হায়াত তাহৰিৰ আল-শ্বাম ৰাখিছিল আৰু আল কায়দাৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰা বুলি দাবী কৰিছিল ।

ব্ৰিটেইনস্থিত অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছৰ তথ্য অনুসৰি স্থলভাগত কৰ্মীৰ নেটৱৰ্ক থকা যুদ্ধ নিৰীক্ষক আত্মঘাটী বোমাৰুটোৱে ইডলিব প্ৰদেশৰ ছাৰ্মাদা চহৰৰ আল-কাহতানিৰ অতিথিশালাত সন্ধিয়া দেৰিকৈ প্ৰৱেশ কৰি বিস্ফোৰণ ঘটায় ।

উত্তৰ-পশ্চিম ছিৰিয়াৰ সৰু এনক্লেভটোৱেই হৈছে দেশখনৰ বিদ্ৰোহীৰ অধীনস্থ শেষ ভূ-খণ্ড । হায়াত তাহৰিৰ আল-ছামে উত্তৰ-পশ্চিম ইডলিব প্ৰদেশ নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে তুৰস্ক সমৰ্থিত বিৰোধী গোটে উত্তৰ আলেপ্পো প্ৰদেশ নিয়ন্ত্ৰণ কৰে । ইডলিব আৰু আলেপ্পো প্ৰদেশত বাস কৰা 45 লাখ লোকৰ অধিকাংশই জীয়াই থাকিবলৈ মানৱীয় সাহায্যৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰায় আধা সংখ্যক লোকে স্থানচ্যুত শিবিৰত বাস কৰে ৷

আগষ্ট মাহত ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰৰ বাবে নিজৰ লোকে আটক কৰি ৰখাৰ পিছত মাৰ্চ মাহত জেলৰ পৰা মুক্তি পাইছিল । মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মতে, তেওঁৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ গোটৰ সৈতে যোগাযোগ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে তেওঁক গোটটোৰ জ্যেষ্ঠ বিষয়া হিচাপে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

মানৱ নিৰীক্ষণ কেন্দ্ৰটোৱে জনোৱা মতে, বিস্ফোৰণৰ কিছু সময়ৰ পাচতে আল-কাহতানীক ইদলিবৰ বাব আল হাৱা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ আঘাতত মৃত্যু হয় । যুদ্ধ নিৰীক্ষকৰ মতে, আল-কাহতানীৰ ঘৰত থকা অতিথিসকলৰ দুজনো আহত হয় এই আক্ৰমণত ।

অৱশ্যে এজন চিকিৎসা বিষয়াই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, আল-কাহতানিৰ এচক’ৰ্টৰ লগতে আন 8 জন অতিথি আহত অৰ্থাৎ মুঠ 9 জন আহত হৈছে । উগ্ৰপন্থী সংগঠনটোৱে জ্যেষ্ঠ সদস্যসকলক দমন কৰাৰ লগতে ৰাজপথৰ প্ৰতিবাদ দমন কৰাৰ পিছৰে পৰা আল গোলানী আৰু হায়াত তাহৰিৰ আল শ্বামৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পাইছে ।

লগতে পঢ়ক:আল কায়দাৰ নেতা খালিদ আল বাটাৰফিৰ অস্বাভাৱিক মৃত্যু

ABOUT THE AUTHOR

...view details