নতুন দিল্লী: ছিৰিয়াত ৰাষ্ট্ৰপতি বাশ্বাৰ আল-আছাদৰ শাসনৰ পতন, ভাৰতৰ বাবে, কেৱল এক আঞ্চলিক ক্ষমতাৰ পৰিৱৰ্তনতকৈ অধিক তাৎপৰ্যপূৰ্ণ। এই পট পৰিবৰ্তনে পশ্চিম এছিয়াত, কৌশলগত স্থিৰতা হ্ৰাস কৰাৰ এক ভাবুকি সৃষ্টি কৰিছে ৷ মন কৰিবলগীয়া যে এই অঞ্চল হৈছে নতুন দিল্লীৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰৰ লগতে ভূ-ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ অঞ্চল।
উল্লেখ্য যে এই পৰ্যন্ত এক বিতৰ্কিত স্থিতি স্বত্বেও আছাদ চৰকাৰে, ইছলামিক ষ্টেট (আইএছ)ৰ দৰে উগ্ৰপন্থী শক্তিৰ বিৰুদ্ধে জনসমক্ষত এক কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছিল ৷ বিশেষজ্ঞসকলৰ মতে আছাদৰ অপসাৰণৰ ফলত সৃষ্টি হোৱা শূণ্যতাৰ পৰিপ্ৰেক্ষিতত এতিয়া এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’ব, মৌলবাদী গোটবোৰ শক্তিশালী হ'ব আৰু বিশ্বব্যাপী সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আৰু নিজৰ প্ৰবাসীসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্বাৰ্থ বিপদাপন্ন হ'ব।
লক্ষণীয়াভাৱে, ভাৰত আৰু পশ্চিম এছিয়াৰ ৰাষ্ট্ৰখনৰ মাজত নতুন দিল্লীত অনুষ্ঠিত বৈদেশিক পৰিক্ৰমা সংক্ৰান্তীয় এক বৈঠকৰ ঠিক এসপ্তাহ পিছতেই দেওবাৰে ছিৰিয়াৰ এই ঘটনাক্ৰম সংঘটিত হৈছে।
২৯ নৱেম্বৰত হোৱা আলোচনাৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছিল, "আলোচনাত দুয়োখন দেশৰ মাজত প্ৰতিষ্ঠানগত প্ৰণালীক উজ্জীৱিত কৰাৰ এক নতুন প্ৰতিশ্ৰুতিৰ সৈতে ভাৰত-ছিৰিয়া দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰা হৈছে ।"
বিবৃতিত লগতে কোৱা হৈছিল, "দুয়োপক্ষই ফাৰ্মাচিউটিকেল, উন্নয়নমূলক অংশীদাৰীত্ব আৰু সক্ষমতা বিকাশৰ দৰে ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ পথৰ বিষয়েও আলোচনা কৰে।
বিগত সময়ত কি পৰ্যায়ত ভাৰত-ছিৰিয়া দ্বিপাক্ষিক সম্পৰ্ক ?
ইতিহাস আৰু সভ্যতাৰ যোগসূত্ৰক ভিত্তি কৰি ভাৰত আৰু ছিৰিয়াই অতীজৰে পৰা এক বন্ধুত্বসূলভ সম্পৰ্ক উপভোগ কৰি আহিছে। এক ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী আৰু উন্নয়নমূলক অভিমুখীতাৰ ওপৰিও ভাৰত আৰু ছিৰিয়াই বহু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত একে ধৰণৰ মতবাদ পোষণ কৰে । আৰৱৰ সংহতিৰ প্ৰতি ভাৰতৰ পৰম্পৰাগত সমৰ্থনক, বিশেষকৈ পেলেষ্টাইনী সমস্যা সমাধান আৰু ইজৰাইল অধিকৃত গোলান হাইটছ ছিৰিয়াক হস্তান্তৰ কৰাৰ বিষয়ত, ছিৰিয়াৰ লোকসকলে প্ৰশংসা কৰি আহিছে।
অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতে 430 নিযুত ডলাৰ ব্যয়ৰ 20200 মেগাৱাট টিশ্ৰিন থাৰ্মাল পাৱাৰ প্লাণ্ট সম্প্ৰসাৰণ প্ৰকল্পৰ আংশিক বিত্তীয় (52 শতাংশ) সহায়তাৰ লক্ষ্যৰে 2009 চনৰ মে মাহত ছিৰিয়ালৈ 240 নিযুত ডলাৰৰ ঋণ আগবঢ়াইছিল । প্ৰকল্পটো, ছিৰিয়াৰ উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ গেকোষ্টীলৰ সৈতে মিলি ভাৰতীয় কোম্পানী এপোলো ইণ্টাৰনেশ্যনেল লিমিটেডে 2017 ৰ মে’ মাহত সম্পূৰ্ণ কৰিছিল।
2004 চনৰ পৰা ছিৰিয়াৰ তেল খণ্ডৰ সৈতে ভাৰতীয় কোম্পানীবোৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক বজায় আছে, যাৰ ভিতৰ 350 নিযুত ডলাৰৰ দুটা গুৰুত্বপূৰ্ণ বিনিয়োগ উল্লেখনীয় । অ'এনজিচি বিদেশ লিমিটেডে (ওভিএল) 2004 চনত এক্সপ্লোৰেচন ব্লক-24ত 60 শতাংশ অংশগ্ৰহণৰ আগ্ৰহৰ সৈতে ছিৰিয়াত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত, ওভিএল-এ 2016 চনৰ জানুৱাৰীত অল-ফুৰাত পেট্ৰ'লিয়াম কোম্পানীত (এএফপিচি) চীন নেচনেল পেট্ৰ'লিয়াম কৰ্পোৰেশ্যন (চিএনপিচি)ৰ সৈতে যুটীয়াভাৱে 37 শতাংশ অংশীদাৰীত্ব অধিগ্ৰহণ কৰে। প্ৰত্যাহ্বানজনক নিৰাপত্তা পৰিস্থিতিৰ বাবে, 2012 চনৰ পৰা ব্লক-24-ত খনন সংক্ৰান্তীয় কাৰ্যকলাপ স্থগিত ৰখা হৈছে।
ভাৰত বিভিন্ন ধৰণে ছিৰিয়াৰ যুৱক-যুৱতীসকলৰ সক্ষমতা বিকাশৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আছে। 'ষ্টাডি ইন ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত, ছিৰিয়াৰ যুৱক-যুৱতীসকলৰ কাৰিকৰী আৰু পৰিচালনা ক্ষমতা বিকাশৰ ওপৰত গুৰুত্ব দি ২০১৭-১৮ বৰ্ষৰ পৰা চাৰিটা পৰ্যায়ত- স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীৰ বাবে ছিৰিয়াৰ শিক্ষাৰ্থীসকলক মুঠ ১,৫০০ খন আসন আগবঢ়োৱা হৈছে।
বৰ্তমান, ভাৰত চৰকাৰে ভাৰতৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহত বিভিন্ন স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট কাৰ্যসূচী অধ্যয়ন কৰিবলৈ 25 টা ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (আইচিচিআৰ) বৃত্তি আগবঢ়াইছে। ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আইটিইচি) কাৰ্যসূচীৰ অধীনত ছিৰিয়ালৈ বছৰি মুঠ 90 টা প্ৰশিক্ষণৰ আসন আগবঢ়োৱা হয়, যিবোৰ সাধাৰণতে হ্ৰস্বম্যাদী পেছাদাৰী প্ৰশিক্ষণ কাৰ্যসূচী।
ছিৰিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ আগ্ৰহ কৌশলগত, অৰ্থনৈতিক, ঐতিহাসিক আৰু ভূ-ৰাজনৈতিক বিবেচনাৰ ওপৰত আধাৰিত। ছিৰিয়াৰ জটিল আভ্যন্তৰীণ গতিবিধি আৰু প্ৰত্যাহ্বানমূলক আঞ্চলিক পৰিৱেশ স্বত্বেও, দামাস্কাচৰ সৈতে সম্পৰ্ক গভীৰ কৰাটোৱে ভাৰতক গুৰুত্বপূৰ্ণ সুযোগ আৰু সুবিধা প্ৰদান কৰে।
ছিৰিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি, ভাৰতে পশ্চিম এছিয়াত ইয়াৰ উপস্থিতি শক্তিশালী কৰিব পাৰে আৰু চীন আৰু পাকিস্তানৰ দৰে প্ৰতিদ্বন্দ্বী শক্তি, যিয়ে অঞ্চলটোত তেওঁলোকৰ খোপনি পুতিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ প্ৰভাৱক সন্তুলিত কৰি ৰাখিব পাৰে। যদিও উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি) ৰাষ্ট্ৰসমূহ আৰু ইৰাণৰ সৈতে ভাৰতৰ ইতিমধ্যেই শক্তিশালী সম্পৰ্ক আছে, ছিৰিয়াক সংযোজিত কৰি ভাৰতে নিজৰ পশ্চিম এছিয়া নীতিত এক নতুন মাত্ৰা যোগ কৰিছে।
সংঘৰ্ষক্ষেত্ৰৰ সৈতে ছিৰিয়াৰ নিকটবৰ্তিতা আৰু ইয়াৰ সন্ত্ৰাসবাদ বিৰোধী অৱস্থানে ভাৰতক বিশ্বব্যাপী সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত সহায় কৰাৰ সম্ভাৱনা আছে, বিশেষকৈ দক্ষিণ এছিয়াত বিৰূপ প্ৰভাৱ পেলাব পৰা উগ্ৰপন্থী কাৰ্যকলাপ আৰু উগ্ৰ মতাদৰ্শৰ বিৰুদ্ধে যুঁজ দিয়াত।
২০১১ চনত চিৰিয়াত গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছত কি ঘটিছিল?
ছিৰিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক ২০১১ চনত ছিৰিয়াৰ সংকট আৰম্ভ হোৱাৰ সময়ত সময়ৰ পৰীক্ষাৰ সন্মুখীন হৈছিল। ভাৰতে এক নীতিগত স্থিতি গ্ৰহণ কৰি অসামৰিক উপায়েৰে আৰু ছিৰিয়াৰ নেতৃত্বত এক সন্মিলিত ৰাজনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে সংঘৰ্ষ সমাধানৰ পোষকতা কৰিছিল। সংকট শিখৰত থকা সময়তো ভাৰতে দামাস্কাছত ইয়াৰ দূতাবাসত কাৰ্যকলাপ বজাই ৰাখিছিল। ছিৰিয়াৰ সাৰ্বভৌমত্ব, স্বাধীনতা, ঐক্য আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতি দৰ্শাই নতুন দিল্লীয়ে ইউএনএছচি প্ৰস্তাৱ 2254 অনুসৰি ছিৰিয়াৰ নেতৃত্বত আৰু অধীনত ৰাজনৈতিক সমাধানৰ ওপৰত জোৰ দিয়া অব্যাহত ৰাখিছে।
যোৱা বছৰ জুলাইত, তৎকালীন বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ছিৰিয়া ভ্ৰমণ কৰিছিল। আৰৱ বসন্তৰ বিদ্ৰোহৰ পিছত এই ভ্ৰমণক ভাৰত-ছিৰিয়া সম্পৰ্কৰ এক নতুন আৰম্ভণি হিচাপে বিবেচনা কৰা হৈছিল। সেই ভ্ৰমণকালত দুয়োপক্ষই উন্নয়নমূলক অংশীদাৰীত্বত সহায়, শিক্ষা আৰু সক্ষমতা বিকাশকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।
মুৰলীধৰণৰ ভ্ৰমণৰ পিছত, ২০২৩ চনৰ নৱেম্বৰত, ভাৰতে ইৰশাদ আহমেদ নামৰ এজন আৰবী পণ্ডিতক ছিৰিয়াত ইয়াৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল, যিটো পদ ইয়াৰ পূৰ্বে দুবছৰ ধৰি খালী হৈ আছিল। লগতে, ২০২৩ চনৰ ফেব্ৰুৱাৰীত ছিৰিয়াত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত, ভাৰতে অপাৰেচন দোস্তৰ অংশ হিচাপে কেইবাটনো সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল।