নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: দক্ষিণ পশ্চিম নৰৱে’ত সমুদ্ৰৰ বুকুত উপঙি উঠিল ৰাছিয়াৰ সন্দেহযুক্ত চোৰাংচোৱা ৷ ই কিন্তু মানুহ নহয়, এটা তিমিহে ৷ যাক বেলুগা তিমি বুলি কোৱা হয় ৷ মৃত অৱস্থাত উদ্ধাৰ হোৱা এই বেলুগা তিমিটোৰ নাম হৈছে ভালডিমিৰ ৷ ৰাছিয়াই ভালডিমিৰক বিশেষভাৱে চোৰাংচোৱাৰ প্ৰশিক্ষণ দিয়া বুলি শেহতীয়াকৈ চৰ্চা হৈছিল ৷
বেলুগা তিমিটোৰ মৃতদেহটো দক্ষিণ-পশ্চিম নৰৱে’ৰ ৰিছাৱিকা উপ-সাগৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় যোৱা শনিবাৰে ৷ সাগৰত মাছ ধৰিবলৈ যোৱা এহাল পিতা-পুত্ৰই উদ্ধাৰ কৰে বেলুগা তিমিটো ৷ নৰৱে’ৰ ৰাজহুৱা সম্প্ৰচাৰক NRK ই প্ৰকাশ কৰিছে এই তথ্য ৷
“ভালডিমিৰৰ কেৱল বেলুগা তিমি নাছিল; তেওঁ আছিল আশাৰ পোহৰ, সংযোগৰ প্ৰতীক তথা মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ গভীৰ বন্ধনৰ প্ৰতীক,” ইয়াৰ গতিবিধি অনুসৰণ কৰি অহা অবৈতনিক সংস্থা মেৰিন মাইণ্ডে ছ’চিয়েল মিডিয়াত এইদৰে কয় ।
লগতে পঢ়ক:আকাশত চলে ৰে'ল, যাত্ৰীক দিয়া হয় অক্সিজেন মাস্ক : ক’ত এই ৰে’লপথ ? - Railway Station
ভালডিমিৰ(Hvaldimir) তিমিৰ ক্ষেত্ৰত ব্যৱহৃত নৰৱেৰ এটা শব্দ “hval” আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰথম নামৰ সংমিশ্ৰণ ৷ ভালডিমিৰক প্ৰথমবাৰৰ বাবে ২০১৯ চনত নৰৱেৰ সুদূৰ উত্তৰ উপকূলত দেখা গৈছিল ।
ভালডিমিৰৰ দেহত এটা মানৱসৃষ্টি জিন আছে (ঘোঁৰাৰ পিঠিত মানুহ বহিবলৈ ব্যৱহাৰ কৰা গাদীৰ দৰে), য’ত সংযোজিত কেমেৰাত ‘‘Equipment St Petersburg’’ বুলি স্পষ্টকৈ ষ্টাম লগোৱা আছে ৷ ইয়েই ভালডিমিৰক এটা চোৰাংচোৱা তিমি বুলি ভাবিবলৈ যথেষ্ট ইন্ধন যোগাইছে ৷
ভালডিমিৰক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পিছত ইয়াৰ মৃতদেহটো ক্ৰেনেৰে পানীৰ পৰা উলিয়াই ওচৰৰ বন্দৰলৈ লৈ যোৱা হয় আৰু অধিক পৰীক্ষা কৰা হয় ।
সাগৰীয় জীৱবিজ্ঞানী চেবাষ্টিয়ান ষ্ট্ৰেণ্ডে এন আৰ কেক জনোৱা মতে, “আমি ইয়াৰ অৱশিষ্ট উদ্ধাৰ কৰি পশু চিকিৎসা প্ৰতিষ্ঠানৰ নেক্ৰ’প্সিৰ প্ৰস্তুতিৰ বাবে ঠাণ্ডা ঠাইত ৰাখিবলৈ সক্ষম হৈছো, যিয়ে বেলুগা তিমিটোৰ প্ৰকৃততে কি হৈছিল সেইটো নিৰ্ণয় কৰাত সহায় কৰিব পাৰে ।’’ জন্তুটোৰ দেহত কোনো ডাঙৰ আঘাতৰ চিন দেখা নাই বুলিও ষ্ট্ৰেণ্ডে লগতে কয় ৷