কুৰুক্কাল মাডাম :কথাতে কয় বোলে ৰাখে হৰি মাৰে কোনে । হয় কপালত থকা আয়ুস ৰেখা দীঘলীয়া হ'লে কোনো এজন ব্যক্তি যিমানেই দুৰ্যোগ-বিপদৰ সন্মুখীন নহওক কিয়, তেওঁ নিৰ্ধাৰিত বয়সলৈ জীয়াই থাকিবই । তেনে এক ঘটনাই সংঘটিত হৈছিল এটি দুমহীয়া শিশুৰ ক্ষেত্ৰত । মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা এই শিশুটি এতিয়া এগৰাকী ২০ বছৰীয়া চফল ডেকা ।
২০০৪ চনত ভাৰত মহাসাগৰৰ বিধ্বংসী ছুনামিৰ পিছত এই কেঁচুৱাটি বোকাৰ পৰা উদ্ধাৰ কৰা হৈছিল । ইয়াৰ পিছত এক আৱেগিক ন্যায়ালয়ৰ যুঁজৰ অন্তত শিশুটিৰ পিতৃ-মাতৃৰ সৈতে পুনৰ মিলন ঘটে। এসময়ত 'বেবী ৮১' নামেৰে পৰিচিত এই শিশুটি এতিয়া উচ্চ শিক্ষাৰ সপোন দেখা এজন ২০ বছৰীয়া চফল ডেকা ।
জয়ৰাছা অবিলাশৰ এই কাহিনী হৈছে আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিচ্ছিন্ন হোৱা পৰিয়ালবোৰৰ এক প্ৰতীক । কিন্তু ইয়াৰ লগতে এই ঘটনাই এক আশাবাদো প্ৰদান কৰিছে । এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত শ্ৰীলংকাত ৩৫,০০০ ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে আন বহুতো লোক সন্ধানহীন হৈছিল । দুমাহৰ কেঁচুৱাটি সেই সময়ত পূব শ্ৰীলংকাত সংঘটিত ছুনামিৰ ফলত উটি গৈছিল আৰু উদ্ধাৰকাৰী দলে তেওঁক ঘৰৰ পৰা কিছু দূৰৈত উদ্ধাৰ কৰিছিল । তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত তেওঁৰ পঞ্জীয়ন নম্বৰ আছিল ৮১ ।
পিতৃ মুৰুগুপিল্লাই জয়ৰাছাই তেওঁৰ বিচ্ছিন্ন হৈ পৰা পৰিয়ালটো বিচাৰি তিনিদিন অতিবাহিত কৰিছিল । তাৰ পিছত প্ৰথমে তেওঁ নিজৰ মাতৃক বিচাৰি পায় । তাৰ পিছত তেওঁৰ পত্নীক বিচাৰি পায় । কিন্তু তেওঁলোকৰ নৱজাতক পুত্ৰ তেতিয়াও সন্ধানহীন হৈ আছিল । ইফালে এগৰাকী নাৰ্ছে এটি কেঁচুৱাক চিকিৎসালয়ৰ পৰা লৈ গৈছিল যদিও শিশুটিৰ পৰিয়ালটো জীয়াই থকা বুলি শুনি তেওঁলোকক ঘূৰাই দিছিল ।
কিন্তু এই অগ্নিপৰীক্ষা তেতিয়াও শেষ হোৱা নাছিল । আন নটা পৰিয়ালেও 'বেবী 81' নামৰ শিশুটি তেওঁলোকৰ বুলি দাবী কৰিছিল । সেয়েহে চিকিৎসালয় প্ৰশাসনে উপযুক্ত প্ৰমাণ অবিহনে শিশুটিক জয়ৰাছা আৰু তেওঁৰ পত্নীক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ ফলত পৰিয়ালটো আৰক্ষীৰ ওচৰ চাপে । বিষয়টো গৈ আদালতত উপনীত হয় । তাৰ পিছত ন্যায়াধীশে ডি এন এ পৰীক্ষাৰ নিৰ্দেশ দিয়ে । কিন্তু এই প্ৰক্ৰিয়াটো শ্ৰীলংকাত তেতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছিল ।
কিন্তু এক উল্লেখযোগ্য কথা হৈছে যে আন নটা পৰিয়ালৰ এটায়ো কেঁচুৱাটিক আইনীভাৱে দাবী কৰা নাছিল আৰু তেওঁলোকৰ কোনো ডি এন এ পৰীক্ষা কৰিবলৈ আগবাঢ়ি অহা নাছিল বুলি জয়ৰাছাই কয় । তেওঁ কয়, "চিকিৎসালয়খনে শিশুটিৰ নাম 'বেবী ৮১' ৰাখে আৰু শিশুটিক দাবী কৰা নজন লোকৰ নাম তালিকাভুক্ত কৰে । কিন্তু উক্ত তালিকাৰ পৰা আমাক বাদ দিয়ে ।" তেওঁ সেই সময়ৰ কথা স্মৰণ কৰি কয়, "যিসকলে শিশুটি তেওঁলোকৰ বুলি দাবী কৰিছিল তেওঁলোকক ডি এন এ পৰীক্ষাৰ অধীনলৈ আনিব লাগে বুলি ৰাজহুৱাভাৱে আহ্বান জনোৱা হৈছিল, কিন্তু তেওঁলোকৰ কোনেও আগবাঢ়ি অহা নাছিল ।" জয়ৰাছাই কয় যে তেওঁৰ পৰিয়ালে ডি এন এ নমুনা দিছিল আৰু শিশুটি তেওঁলোকৰে বুলি প্ৰমাণিত হৈছিল ।
ইয়াৰ পিছতে পৰিয়ালটো পুনৰ মিলিত হয় । ইফালে তেওঁলোকৰ এই কাহিনীয়ে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে আৰু আনকি এক সাক্ষাৎকাৰৰ বাবে তেওঁলোকে আমেৰিকাও ভ্ৰমণ কৰে । বৰ্তমান অবিলাশে হাইস্কুলৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । এক দৃঢ়মনা আৰু সৎ চৰিত্ৰৰ অবিলাশে তথ্য-প্ৰযুক্তি অধ্যয়ন কৰিবলৈ কোনো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ আশাবাদী ।