ডেইৰ অল-বালাহ : নৱবৰ্ষ উদযাপনত বিশ্ববাসী ব্যস্ত আছে । কিন্তু এতিয়াও গাজাত অস্থিৰতা অব্যাহত আছে । বছৰৰ প্ৰথমটো দিনতে গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ কৰিছে । য'ত প্ৰায় ১২ গৰাকী পেলেষ্টাইনী নাগৰিক নিহত হৈছে । তাৰ ভিতৰত বেছিভাগে মহিলা আৰু শিশু ।
উপকূলীয় অঞ্চলৰ আটাইতকৈ বিচ্ছিন্ন আৰু ব্যাপক ধ্বংসৰ সন্মুখীন হোৱা উত্তৰ গাজাৰ জাবালিয়া অঞ্চলৰ এটা বাসগৃহত ইজৰাইলে প্ৰথমটো আক্ৰমণ কৰে । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এই আক্ৰমণত এগৰাকী মহিলা আৰু ৪ টা শিশুসহ ৭ জন লোক নিহত হৈছে । ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে তেওঁলোকে হামাছৰ ঘাটিত আক্ৰমণ কৰিছে ।
মধ্য গাজাৰ নিৰ্মীয়মান বুৰেইজ শৰণাৰ্থী শিবিৰত নিশাটোৰ ভিতৰতে হোৱা আন এক আক্ৰমণত এগৰাকী মহিলা আৰু এটা শিশু নিহত হয় বুলি জানিব পৰা গৈছে । বিশ্ববাসীয়ে নৱবৰ্ষ উদযাপন কৰাৰ সময়তে এতিয়া গাজাত এনে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । জৰুৰীকালীন বাহনত এটা শিশুৰ মৃতদেহ লৈ যোৱা এজন লোকে চিঞৰি কয়, "আপোনালোকে উদযাপন কৰি আছে নেকি ? আমাৰ মৃত্যু উপভোগ কৰক । ডেৰ বছৰ ধৰি আমি মৰি আছো ।"
ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে সন্ত্ৰাসবাদীয়ে নিশা বুৰেইজ অঞ্চলৰ পৰা ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত সেনা বাহিনীয়ে সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ চলাইছিল ।
নাছেৰ হাস্পতাল আৰু ইউৰোপিয়ান হাস্পতালৰ তথ্য অনুসৰি দক্ষিণৰ খান ইউনুছ চহৰত হোৱা তৃতীয়টো আক্ৰমণত ৩ গৰাকী লোক নিহত হয় ।
হামাছক সকীয়নি ইজৰাইলৰ
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰি প্ৰায় ১,২০০ লোকক হত্যা কৰে আৰু প্ৰায় ২৫০ জনক অপহৰণ কৰে । তেতিয়াৰে পৰা এই যুদ্ধ আৰম্ভ হয় । গাজাত এতিয়াও প্ৰায় ১০০ জন বন্দী হৈ আছে আৰু কমেও এক তৃতীয়াংশ লোক মৃত বুলি ধাৰণা কৰা হৈছে ।
ইয়াৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বুধবাৰে এক বিবৃতিত সতৰ্ক কৰি দিছে যে হামাছে গাজাত কল্পনা কৰিব নোৱাৰা এক পৰিণামৰ সন্মুখীন হ'ব যদিহে সোনকালেই বাকী বন্দীসকলক মুকলি নকৰে আৰু ইজৰাইলৰ ওপৰত আক্ৰমণ বন্ধ নকৰে ।
একেদৰে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ইজৰাইলৰ বায়ু আৰু স্থল আক্ৰমণত ৪৫,০০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । মৃতকৰ ভিতৰত বেছিভাগেই মহিলা আৰু শিশু । কিন্তু নিহতসকলৰ ভিতৰত কিমানজন সন্ত্ৰাসবাদী আছিল সেয়া উল্লেখ কৰা নাই ।