যিকোনো দুৰ্ঘটনা বা সাধাৰণ ঘটনাৰ পিচত সীমিত সামগ্ৰী ব্যৱহাৰ কৰি ৰোগীক দিয়া প্ৰথম চিকিৎসাক প্ৰাথমিক চিকিৎসা বোলা হয় ৷ ইয়াৰ পিচত ব্যক্তিজনক সম্পূৰ্ণ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয় ৷ সময়মতে প্ৰাথমিক চিকিৎসা লাভ কৰাটো আজীৱনৰ বাবে আশীৰ্বাদ হ’ব পাৰে ৷ এই কাৰণেই প্ৰাথমিক চিকিৎসাৰ গুৰুত্ব বুজাবলৈ প্ৰতি বছৰে প্ৰাথমিক চিকিৎসা দিৱস পালন কৰা হয় ৷
যদি আপুনি ঘৰত বা বাহিৰত আঘাতপ্ৰাপ্ত হয় তেন্তে নিজকে বা লগত থকা লোকসকলক কেনেকৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয় ৷ খেলি থাকোঁতে শিশুৱে প্ৰায়ে আঘাত পায় ৷ এনে পৰিস্থিতিত তেওঁলোকক আতংকিত নহ’বলৈ আৰু কি কি প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগে সেই বিষয়ে অৱগত কৰাটো অতি প্ৰয়োজনীয় ৷ এই বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ছেপ্টেম্বৰৰ দ্বিতীয়টো শনিবাৰে বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস পালন কৰা হয় ৷
কিয় উদযাপন কৰা হয় বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস ?
বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস প্ৰথমবাৰৰ বাবে ২০০০ চনত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ আৰু ৰেড ক্ৰীচেণ্ট ফেডাৰেচনে উদযাপন কৰিছিল ৷ তেতিয়াৰ পৰাই প্ৰতি বছৰে ছেপ্টেম্বৰৰ দ্বিতীয় শনিবাৰে বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস পালন কৰি আহিছে ৷ এই দিৱস উদযাপনৰ আঁৰৰ উদ্দেশ্য হৈছে ৰাইজৰ মাজত প্ৰাথমিক চিকিৎসা সম্পৰ্কে সজাগতা সৃষ্টি কৰা ৷ প্ৰাথমিক চিকিৎসাৰ সহায়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীক কেনেদৰে সহায় কৰিব পাৰি সেয়া জনাটো গুৰুত্বপূৰ্ণ ৷ প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ে সকলোৰে প্ৰাথমিক চিকিৎসাৰ জ্ঞান থাকিব লাগে ৷ ইয়াৰ লগতে আপোনাৰ ঘৰ আৰু গাড়ীত প্ৰাথমিক চিকিৎসাৰ সামগ্ৰীও থাকিব লাগে ৷