ETV Bharat / health

ডায়েবেটিছ ৰোগীৰ বাবে যদি চেনি বৰবিহ তেন্তে গুড় খাব পাৰেনে ? - DIABETES DIET

ডায়েবেটিছ ৰোগীয়ে কি খাই আছে সেই বিষয়ে সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয়, এনে ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে গুড় খাব পাৰেনে বিশেষজ্ঞৰ পৰাই জানো আহক-

Jaggery/Gur Consumption in Diabetes Patients: Is it Safe?
ডায়েবেটিছ ৰোগীৰ বাবে যদি চেনি বৰবিহ তেন্তে গুড় খাব পাৰেনে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 19, 2024, 3:49 PM IST

ভাৰতত গুড় অতি জনপ্ৰিয়, যিটো কুঁহিয়াৰৰ ৰস বা তালৰ ৰসৰ পৰা তৈয়াৰ কৰা এবিধ প্ৰাকৃতিক মিঠা খাদ্য ৷ ই শোধিত চেনিৰ দৰে নহয়, ইয়াত আইৰণ, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে কিছুমান প্ৰয়োজনীয় খনিজ পদাৰ্থ ধৰি থাকে কাৰণ ইয়াৰ প্ৰক্ৰিয়াকৰণ অতি কম ৷ কিন্তু গুড়ত থকা অণুপুষ্টিকৰ পদাৰ্থৰ পৰিমাণৰ বাবে ইয়াক বগা চেনিতকৈ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷

এই কাৰণেই বহু ডায়েবেটিছ ৰোগীয়ে গুড়ৰ সলনি চেনি খোৱাৰ অভ্যাস গঢ়ি তোলে যদিও এই অভ্যাস সঠিক নহয় কাৰণ ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যও বেয়া হ’ব পাৰে ৷ ডায়েবেটিছ ৰোগীয়ে গুড় কিয় পৰিহাৰ কৰাটো উচিত এই বিষয়ে আজি পুষ্টিবিদ ড৹ সুচৰিতা সেনগুপ্তৰ পৰাই জানি লও আহক-

ডায়েবেটিছ ৰোগীয়ে কিয় গুড় পৰিহাৰ কৰাটো উচিত ?

১/ উচ্চ গ্লাইচেমিক সূচকাংক

গুড়ৰ গ্লাইচেমিক সূচকাংক বেছি, যাৰ বাবে ইয়াৰ আৰু শোধিত চেনিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে ৷ অৰ্থাৎ ই তেজত শৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰে ৷ ডায়েবেটিছ ৰোগীৰ বাবে গ্লুক’জৰ মাত্ৰা সুস্থিৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ, আৰু গুড়ৰ দৰে উচ্চ জিআইযুক্ত খাদ্য সামগ্ৰী গ্ৰহণ কৰিলে হঠাৎ স্পাইক হ’ব পাৰে, যাৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে ৷

২/ শৰ্কৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰে

বগা চেনিৰ তুলনাত গুড় কম প্ৰক্ৰিয়াকৃত হ’লেও ৰক্ত শৰ্কৰাৰ ওপৰত ইয়াৰ প্ৰভাৱ প্ৰায় একেই ৷ খাদ্যত গুড় যোগ কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হ’ব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে এক প্ৰধান লক্ষ্য ৷

৩/ লুকাই থকা কেলৰি

গুড় হৈছে এবিধ প্ৰচুৰ কেলৰিযুক্ত খাদ্য, যিটো সঘনাই সেৱন কৰিলে ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে ৷ অতিৰিক্ত ওজন বা মেদবহুল হ’লে ডায়েবেটিছৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাব পাৰে, কিয়নো অতিৰিক্ত ওজন ইনচুলিনৰ সংবেদনশীলতা হ্ৰাসৰ সৈতে জড়িত ৷

৪/ চুক্ৰ’জৰ পৰিমাণ বেছি

গুড় মূলতঃ চুক্ৰ’জ নামৰ এবিধ চেনিৰে গঠিত যি তেজত দ্ৰুতগতিত বিভাজিত হৈ গ্লুক’জলৈ পৰিণত হয় ৷ ডায়েবেটিছ ৰোগীৰ বাবে এইটো উপযুক্ত নহয় ৷ ইয়াৰ ফলত শৰীৰত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত পিচলৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

৫/ ইনচুলিন প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা

নিয়মিত গুড় খালে সময়ৰ লগে লগে শৰ্কৰাৰ মাত্ৰা অধিক হ’ব পাৰে, যাৰ ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতা বেয়া হ’ব পাৰে – যিটো অৱস্থাত কোষবোৰ ইনচুলিনৰ প্ৰতি কম সংবেদনশীল হৈ পৰে ৷ বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগীয়ে ইতিমধ্যে ইনচুলিনৰ কাৰ্যক্ষমতা হ্ৰাসৰ সৈতে যুঁজি আছে তেওঁলোকৰ বাবে ই ক্ষতিকাৰক ৷

লগতে পঢ়ক: শীতকালত শৰীৰত পানীৰ অভাৱ হোৱাটো বিপজ্জনক! খাওক এই ৫বিধ খাদ্য, শৰীৰ হৈ থাকিব Hydrated

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.