ETV Bharat / health

নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ৭টা উপায় - NEWBORN IMMUNITY

শীতকালত নৱজাত শিশু বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে, সেয়ে এনে ক্ষেত্ৰত শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো খুবেই জৰুৰী আজি এই বিষয়ে বিতংভাৱে জানো আহক-

Boosting Immune Function in Newborns
নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ৭টা উপায় (FREEPIK)
author img

By ETV Bharat Health Team

Published : Dec 19, 2024, 5:17 PM IST

নৱজাত শিশুৰ শৰীৰটো খুবেই সংবেদনশীল আৰু ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সম্পূৰ্ণৰূপে বিকশিত নহয় ৷ এই কাৰণেই প্ৰায়েই নৱজাত শিশু সংক্ৰমণ আৰু ৰোগত ভুগিবলগীয়া হয় ৷ নৱজাত শিশুক সুস্থ কৰি ৰাখিবলৈ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাটো অতি প্ৰয়োজনীয় ৷

যেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় তেতিয়া শিশুৱে কেৱল ঋতুভিত্তিক ৰোগৰ পৰা সুৰক্ষিত হৈ থকাই নহয়, শিশুটিৰ শাৰীৰিক আৰু মানসিক বিকাশৰো উন্নতি সাধন হয় ৷ বিশেষকৈ পৰিৱৰ্তনশীল বতৰ আৰু শীতকালত শিশুক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী ৷

সেয়ে আজিৰ এই প্ৰতিবেদনত আপুনি কেনেকৈ আপোনাৰ নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে আৰু ইয়াৰ বাবে আপুনি কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ আহক, ইয়াৰ ৭টা ফলপ্ৰসূ ব্যৱস্থা জানি লও আহক, যিয়ে আপোনাৰ শিশুটিক ৰোগৰ পৰা আঁতৰাই ৰখাই নহয়, তেওঁক সুস্থ কৰি ৰখাতো সহায় কৰে ৷ এই বিষয়ৰ ওপৰত অধিক তথ্যৰ বাবে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ এম কে গোস্বামীৰ পৰা বিতংভাৱে জানি লও আহক-

১/ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে স্তনপান কৰাটো প্ৰয়োজনীয়

স্তনপান কৰোৱাটো শিশুৰ বাবে সম্পূৰ্ণ খাদ্য ৷ ইয়াত থকা এন্টিব’ডিয়ে শিশুক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ প্ৰসৱৰ পিছত প্ৰথম গাখীৰ হোৱা কল’ষ্ট্ৰ’মে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিবডি থাকে ৷ শিশুটিক কমেও ৬ মাহৰ বাবে একচেটিয়া মাতৃদুগ্ধ পান কৰোৱাটো জৰুৰী ৷

Boosting Immune Function in Newborns
নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ৭টা উপায় (FREEPIK)

২/ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক

নৱজাত শিশুৰ শৰীৰ সংক্ৰমণৰ প্ৰতি সংবেদনশীল ৷ ছাল, কাপোৰ-কানি আৰু চাৰিওফালৰ পৰিবেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী ৷ আপোনাৰ শিশুৰ খেলা সঁজুলি আৰু অন্যান্য ঘৰুৱা সামগ্ৰী নিয়মিতভাৱে পৰিষ্কাৰ কৰক ৷ এইদৰে আপুনি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ৷

৩/ সঠিক উষ্ণতা সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ

নৱজাত শিশুৱে ঠাণ্ডা আৰু গৰমৰ প্ৰতি সোনকালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সঠিক উষ্ণতাত ৰাখিলে ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ ঠাণ্ডা বতৰত গৰম আৰু কোমল কাপোৰ পিন্ধাওক ৷ যদি আপুনি কেঁচুৱাটোক বাহিৰলৈ লৈ গৈ আছে তেন্তে ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰিবলৈ শিশুটিৰ কাপোৰবোৰ লেয়াৰ কৰক ৷

৪/ টিকাকৰণ কৰা

সময়মতে শিশুটিক টিকা দিলে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ ইয়াৰ ফলত শিশুটিয়ে বৰআই, সৰুআই আৰু অন্যান্য গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে ৷ চিকিৎসকৰ লগত টিকাকৰণৰ সময়সূচী নিশ্চিতভাৱে পৰীক্ষা কৰক ৷ শীতকালত দিয়া ভেকচিনে শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষামূলক ঢাল হিচাপে কাম কৰে ৷

৫/ শিশুটিক ছমাহৰ পিচত পুষ্টিকৰ খাদ্য দিয়ক

যেতিয়া আপোনাৰ শিশুটিৰ বয়স ৬ মাহ হ’ব, তেতিয়া পুষ্টিকৰ উপাদান সমৃদ্ধ খাদ্য, যেনে ফল-মূল, শাক-পাচলি, শস্য আদি । ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক বিকাশৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় । ৬ মাহৰ পিচতো খাদ্যৰ লগতে স্তনপান কৰাই থাকিব ।

৬/ শীতকালত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে

শীতকালত নৱজাতক শিশুক শীতৰ পৰা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় কাৰণ তেওঁলোকৰ শৰীৰ উষ্ণতাৰ পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল হয় ৷ মইশ্ব’ৰাইজাৰেৰে তেওঁলোকৰ ছালখন কোমল কৰি ৰাখক ৷ ইয়াৰ লগতে কেঁচুৱাটিক কুহুমীয়া পানীৰে গা ধুৱাব লাগে ৷

৭/ শিশুটিৰ শৰীৰত মালিচ কৰিব লাগে

নিয়মিতভাৱে শিশুটিক মালিচ কৰিলে শিশুটিৰ পেশীবোৰ শক্তিশালী হয় আৰু ৰক্ত সঞ্চালন ক্ৰিয়া উন্নত হয় ৷ সৰিয়হ, নাৰিকল বা আলমণ্ড তেলেৰে মালিচ কৰিলে উপকাৰী ৷ মালিচে শিশুটিক শিথিল কৰাত সহায় কৰে আৰু লগতে তেওঁলোকৰ টোপনিৰ মান উন্নত কৰে ৷ শীতকালত ঠাণ্ডাৰ পৰা ৰক্ষা কৰাটো সহায় কৰে ৷

নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো তেওঁলোকৰ উন্নত স্বাস্থ্য আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ৷ মাতৃদুগ্ধ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, টিকাকৰণ আৰু উপযুক্ত যত্নৰ জৰিয়তে আপুনি আপোনাৰ শিশুটিক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে ৷

লগতে পঢ়ক: নৱজাত শিশুৰ চকুৰ লওক বিশেষ যতন: হ’ব পাৰে এই ৫টা সমস্যা - Newborn Eye Care

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.