প্ৰতি বছৰে ১ মাৰ্চৰ দিনটোত বিশ্ব প্ৰশংসা দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱস বিশ্বজুৰি উদযাপন কৰা হয় ৷ য'ত সকলোৱে প্ৰকৃত অন্তৰৰ পৰা নিজকে ইতিবাচকতাৰ দিশে আগুৱাই লৈ যায় ৷ যাতে প্ৰশংসাৰ দ্বাৰা আপোনাৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু ঘনিষ্ঠ মানুহৰ মাজৰ সম্পৰ্ক সুদৃঢ় হ’ব পাৰে ৷
কিয় উদযাপন কৰা হয় এই দিৱস ?
বিশ্ব প্ৰশংসা দিৱসৰ লক্ষ্য হৈছে ইজনে আনজনক পৰিপূৰক কৰি সুখ বিয়পোৱা । আপোনাৰ চৌপাশৰ কোনোবা এজন ব্যক্তিক সুখী আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে আজিৰ দিনটো উদযাপন কৰা হয় । আপুনি কাৰোবাক কোনো উপহাৰ, চাৰপ্ৰাইজতকৈ প্ৰশংসাৰ সৰু ইংগিত এটাই তেওঁক সুখী আৰু উৎসাহিত কৰিব ।
বিশ্ব প্ৰশংসা দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহে নিজকে ভাল অনুভৱ কৰা আৰু আত্মবিশ্বাসী অনুভৱ কৰোৱা । জনাই দিও যে এই দিৱস পোন প্ৰথমে ২০১৯ চনত নেদাৰলেণ্ডৰ হান্স প’ৰ্টভলিটে প্ৰৱৰ্তন কৰিছিল ।
সেয়ে এই বিশেষ দিনটোত আপোনাৰ আপোনজনক স্মৰণ কৰি ম’বাইলৰ জৰিয়তে তলত উল্লেখিত এই বিশেষ বাৰ্তাসমূহ প্ৰেৰণ কৰিব পাৰে-
- প্ৰশংসাৰ কেইটামান শব্দই এই পৃথিৱীখনক বসবাসৰ বাবে এক উন্নত ঠাই কৰি তুলিব পাৰে ৷ বিশ্ব প্ৰশংসা দিৱসত আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
- ভাল কামৰ বাবে কাৰোবাৰ প্ৰশংসা কৰিছো, তেনেহ’লে প্ৰকৃততে আপুনি তেওঁক উৎসাহ দি আছে ৷ বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
- আমাৰ চৌপাশৰ যিসকল লোকে আমাৰ বাবে সৰু-সৰুকৈ ভাল কাম কৰিছে তেওঁলোকৰ বাবে এইটো এটা বিশেষ বিশ্ব প্ৰশংসা দিৱস হিচাপে উদযাপন কৰোঁ আহক ৷ ২০২৪ চনৰ বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জনালোঁ ৷
- প্ৰশংসা দিবলৈ কেতিয়াও লাজ নকৰিব, কিয়নো ই আপোনাৰ চৌপাশৰ কোনোবা এজনৰ বাবে বহুত বুজাব পাৰে ৷ মোৰ প্ৰিয় বন্ধু, আপোনাক বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জনালোঁ ৷
- প্ৰকৃত প্ৰশংসাই এজন ব্যক্তিক অতি সুখী আৰু ভাল অনুভৱ কৰাব পাৰে আহক আমি আমাৰ হৃদয়ৰ পৰা পোনে পোনে অহা প্ৰশংসাৰে World Compliment Day উদযাপন কৰোঁ ৷
- আপোনাৰ সৃষ্টিশীলতা আৰু কলাত্মক প্ৰতিভাই মোক সদায় আচৰিত কৰি তোলে ৷ এনেদৰেই আপুনি নিজৰ মনৰ প্ৰতিভা দেখুৱাই যাওক ৷ ২০২৪ চনৰ বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জনালোঁ ৷
লগতে পঢ়ক:ক’ভিডে ভাৰতীয়ৰ হাওঁফাওঁৰ গুৰুতৰ ক্ষতিসাধন কৰিছে