ETV Bharat / health

সাইলাখ কবিৰ দৰে দেখাত ব্ৰকলি আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে ?

আমিষ খাদ্যক প্ৰ’টিনৰ উৎস বুলি গণ্য কৰা হয়, গতিকে নিৰামিষভোজী লোকে শৰীৰত পুষ্টিকৰ উপাদানৰ যোগান ধৰিবৰ বাবে কি খোৱা উচিত-

author img

By ETV Bharat Health Team

Published : 3 hours ago

Health Benefits of Broccoli
সাইলাখ কবিৰ দৰে দেখাত ব্ৰকলি আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে ? (ETV Bharat)

ব্ৰকলি দেখাত কবিৰ দৰে, ই প্ৰচুৰ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ ৷ আপুনি জানেনে যে ইয়াক প্ৰ’টিন ডায়েট হিচাপেও খোৱা হয়, কাৰণ বহুতে কণী, মাংস বা মাছৰ দৰে নন-ভেজ বস্তু খাব নোৱাৰে ৷ আমাৰ শৰীৰৰ বাবে প্ৰ’টিন কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে সকলোৱে জানে ৷ জানো আহক আমাৰ শৰীৰৰ বাবে ব্ৰকলিয়ে কিদৰে উপকাৰিতা সাধন কৰে ৷

প্ৰ’টিনৰ বাবে খাওক ব্ৰকলি

ব্ৰকলি তেনেই এবিধ সাধাৰণ পাচলি, যাক বহু পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি কোৱা হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিনৰ লগতে কেলচিয়াম, কাৰ্বহাইড্ৰেট, আইৰণ, ভিটামিন এ, চি আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত বহু ধৰণৰ লৱণো পোৱা যায়, যিয়ে শৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷

৯১ গ্ৰাম ব্ৰকলিত থকা পুষ্টিকৰ উপাদান-

  • প্ৰ’টিন: ২.৫ গ্ৰাম
  • কাৰ্ব: ৬ গ্ৰাম
  • চেনিঃ ১.৫ গ্ৰাম
  • আঁহ: ২.৪ গ্ৰাম
  • চৰ্বি: ০.৪ গ্ৰাম
  • কেলৰি: ৩১
  • পানী: ৮৯%

ব্ৰকলি খোৱাৰ ৫টা আচৰিত উপকাৰিতা

১) ব্ৰকলিত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি পোৱা যায় ৷ ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু সংক্ৰমণৰ পৰাও ৰক্ষা কৰিব পাৰে ৷

২) ব্ৰকলিত থকা চেলেনিয়াম আৰু গ্লুক’চিনলেটৰ দৰে মৌলে হৃদযন্ত্ৰক সুস্থ কৰি ৰখা প্ৰ’টিন বৃদ্ধিৰ কাম কৰে ৷

৩) খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰিলে যকৃতৰ ক্ষতিৰ সম্ভাৱনা কম হয় আৰু চৰ্বিযুক্ত যকৃতৰ সমস্যাত সকাহ পোৱা যায় ৷

৪) ব্ৰকলিত প্ৰ’টিন, আইৰণ, ফলেট, ভিটামিন চি আৰু ভিটামিন কে আদিও ভাল উৎস থাকে যিবোৰ গৰ্ভৱতী মহিলাৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদান বুলি গণ্য কৰা হয় ৷

৫) ব্ৰকলিত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ এনে পৰিস্থিতিত ব্ৰকলি হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷

https://pmc.ncbi.nlm.nih.gov/articles/PMC10376324/

লগতে পঢ়ক: সঁচাকৈয়ে ব্ৰকলিয়ে কেন্সাৰৰ আশংকা হ্ৰাস কৰিব পাৰেনে ? কি কয় গৱেষণাই - Cancer Treatment Diet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.