অসম

assam

মহিলাসকলে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ নিতৌ খাওক এই ৰস - Juices For Women

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 5:13 PM IST

Healthy juices for women: বহু মহিলাৰ টেঙা-মিঠা আৰু তেলত ভজা খাদ্য খোৱাৰ অভ্যাস আছে, কিন্তু এনে কৰাটো মহিলাৰ স্বাস্থ্যৰ বাবে একেবাৰেই উপযোগী নহয়, ইয়াৰ স্থানত যদি আপুনি এইসমূহ ৰস পান কৰে তেন্তে বহু মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰিব ৷ লগতে সুস্থ ছাল আৰু চোকা মগজুৰ গৰাকী হ’ব পাৰিব...

Women should drink this juice daily to maintain good health
মহিলাসকলে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ নিতৌ খাওক এই ৰস (CANVA)

এগৰাকী নাৰীয়ে নিজৰ জীৱনটো কত কি অসুবিধাৰ সন্মূখীন হ’বলগীয়া হয়, যদি মহিলাগৰাকী কৰ্মৰত হয় তেন্তে ঘৰৰ লগতে কাৰ্যালয়ৰ দায়িত্বও সমানে পালন কৰিবলগীয়া হোৱাটো যথেষ্ট সম্ভৱ ৷ এই ব্যস্ত জীৱনশৈলীৰ বাবেই তেওঁ নিজৰ স্বাস্থ্যৰ যত্নও ভালদৰে ল’বলৈ সক্ষম নহয় ৷ বিশেষকৈ ৩০ বছৰৰ পাছত শৰীৰৰ কোষৰ উৎপাদন লেহেমীয়া হ’বলৈ ধৰে, যাৰ ফলত পেশী, যকৃত, বৃক্ককে ধৰি বহু অংগত প্ৰভাৱ পৰে ৷

ইয়াৰ বাহিৰেও যদি মহিলাসকলৰ হাড়বোৰ দুৰ্বল হৈ পৰে তেন্তে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাৰ্যকলাপত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত এনে খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ যিটো মহিলাৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে এনে কেইবিধমান ৰসৰ বিষয়ে ক’বলৈ ওলাইছো যাক আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী ৷

মহিলাসকলৰ বাবে ৩ প্ৰকাৰৰ ৰস

১) মিক্স ফলৰ ৰস (Mix Fruit Juice)

বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ ফল-মূলত পোৱা যায় আৰু ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ লগতে মগজুৱেও বহু উপকাৰিতা লাভ কৰে ৷ ইয়াৰ দ্বাৰা হাৰ্ট এটেকৰ দৰে বিপজ্জনক হৃদৰোগো ৰোধ কৰিব পৰা যায় ৷ ইয়াৰ উপৰিও চকু, ছাল আৰু চুলিৰ বাবেও ই অতি উপকাৰী ৷

২) নাৰিকল পানী (Coconut Water)

আমি সকলোৱে নাৰিকল পানীৰ উপকাৰিতাৰ বিষয়ে অৱগত, কিন্তু সকলোৱে দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম নহয় ৷ গ্ৰীষ্মকালতো আমি এই নাৰিকলৰ পানী খাবলৈ ভাল পাও কাৰণ ই আমাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ নাৰিকলৰ পানীয়ে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু লগতে ছালৰ লগত জড়িত সমস্যাও ৰোধ কৰে ৷

৩) শাক-পাচলিৰ ৰস (Vegetable Juice)

সতেজ শাক-পাচলি সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, এনে বহুলোক আছে যিয়ে শাক-পাচলিৰ ৰস গ্ৰহণ কৰে কিন্তু এতিয়া শাক-পাচলিৰ ৰস খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভ্যাস গঢ়ি তোলক ৷ ইয়াৰ ফলত শৰীৰে ভিটামিন, এন্টিঅক্সিডেন্ট, পটাছিয়াম, জিংক আৰু কেৰটিনয়ড আদিৰ দৰে পুষ্টিকৰ উপাদান লাভ কৰে ৷ ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছালৰ সমস্যা আদি সমস্যা দূৰ হয় ৷

লগতে পঢ়ক:বিয়াৰ পিচত কিয় শকত হৈ পৰে মহিলাসকল ? পোহৰলৈ আহিল এই ৫টা ডাঙৰ কাৰণ - Women Gain weight After Marriage

ABOUT THE AUTHOR

...view details