অসম

assam

ETV Bharat / health

এই বৰ্ষত দেৱীৰ আগমন তথা গমনে কেনে প্ৰভাৱ পেলাব ভক্তৰ জীৱনত - Durga Puja 2024 - DURGA PUJA 2024

Durga Puja 2024: কেতিয়াৰ পৰা পালন কৰা হ’ব শাৰদীয় দুৰ্গোৎসৱ ? দেৱী দুৰ্গাৰ আগমণ আৰু গমনে কি বতৰা আনিব দেশলৈ ৷ জানিবলৈ সবিশেষ পঢ়ক-

WHEN IS DURGA PUJA 2024? FIND OUT THE DATE, TIMINGS, AND MORE
শাৰদী ৰাণী দুৰ্গাৰ আগমণ তথা গমনে কি বতৰা আনিব দেশলৈ (Getty Images)

By ETV Bharat Features Team

Published : Sep 19, 2024, 3:57 PM IST

গুৱাহাটী, 19 ছেপ্তেম্বৰ: নৈৰ গৰাত ফুলিছে কহুৱা । ধৰালৈ নামিছে উৎসৱৰ বতৰা । শৰতৰ সুগন্ধি বিয়পাবলৈ আহি আছে দুৰ্গাপূজা । ঢাক-ঢোলৰ শব্দৰে মুখৰিত হ'ব আকাশ বতাহ । এইয়াই উৎসৱৰ আৰম্ভণি । চাওঁতে চাওঁতে আকৌ আহি পালে শাৰদীয় দুৰ্গা পূজা । বিশ্বখনিকৰৰ আৰাধনাৰে আৰম্ভ হ’ল উৎসৱৰ বতৰা । শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান বাকী ।

মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ পূজাৰী প্ৰণৱ শৰ্মা (ETV Bharat Assam)

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত তুংগত উঠিছে দুৰ্গাপূজাৰ প্ৰস্তুতি । পূজা সমিতিসমূহেও লাখ লাখ টকা বাজেটেৰে আৰম্ভ কৰিছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি । দুৰ্গা দেৱীক আদৰিবলৈ বিভিন্ন প্ৰান্তত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ ।

জনাই দিও যে আগন্তুক ২ অক্টোবৰত ধৰালৈ নামিব দেৱী দুৰ্গা । ২ অক্টোবৰত মহালয়া । সেই দিনটোতে ধৰাৰ বুকুলৈ নামি আহিব দুৰ্গতিনাশিনী মা দুৰ্গা ।

শাৰদী ৰাণী দুৰ্গাৰ আগমণ তথা গমনে কি বতৰা আনিব দেশলৈ (Getty Images)

মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ পূজাৰী প্ৰণৱ শৰ্মাই জনোৱা মতে , এইবাৰ মা দুৰ্গা দোলাত আহিব আৰু ঘোঁৰাত গমণ কৰিব । দোলাত আহিলে ইমান ভাল বুলি ধৰা নহয় । সমাজৰ কাৰণে ভাল হয় । কিন্তু ঘোঁৰাত যোৱাটো অশুভ বুলি গণ্য কৰা হয় ।

শাৰদী ৰাণী দুৰ্গাৰ আগমণ তথা গমনে কি বতৰা আনিব দেশলৈ (Getty Images)

ঘোঁৰাত গ'লে স্বত্ৰভংগ বুলিও কোৱা হয় । যুদ্ধ , বিগ্ৰহ , মহামাৰি আদি সমাজত দেখা দিয়াৰ সম্ভাৱনা থাকে বুলিও বিশ্বাস কৰা হয় । কিন্তু পূজাৰ সঠিক দিন কি ? কেতিয়াৰ পৰা কেতিয়ালৈ চলিব পূজা বিধি জানো আহক-

  • ৮ অক্টোবৰত আৰম্ভ হ’ব পঞ্চমী পূজা ।
  • ৯ অক্টোবৰত ষষ্ঠী পূজা
  • ১০ অক্টোবৰত সপ্তমী পূজা
    শাৰদী ৰাণী দুৰ্গাৰ আগমণ তথা গমনে কি বতৰা আনিব দেশলৈ (Getty Images)
  • ১১ অক্টোবৰত অষ্টমী পূজা
  • ১২ অক্টোবৰত নৱমী পূজা
  • ১৩ অক্টোবৰত দশমী পূজা

প্ৰণৱ শৰ্মাই জনোৱা অনুসৰি এইবাৰ কম সময়ৰ বাবে পূজাৰ তিথিবোৰ পৰিছে ।

লগতে পঢ়ক:দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ? - Durga Puja 2024

ABOUT THE AUTHOR

...view details