অসম

assam

By ETV Bharat Health Team

Published : 5 hours ago

ETV Bharat / health

এই কাৰণতে যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে হাৰ্ট এটাকৰ ঘটনা - Heart Attack

Heart Attack: পূৰ্বে হাৰ্ট এটাকৰ ঘটনা কেৱল বয়সস্থ লোকৰ ক্ষেত্ৰতহে দেখা গৈছিল যদিও ব্যস্ততাৰে জীৱনত ই যুৱক-যুৱতীসকলকো প্ৰভাৱিত কৰিবলৈ ধৰিছে । ইয়াৰ আঁৰৰ কাৰণ কি গৱেষণাৰ দ্বাৰা জানো আহক-

What's Behind the Rise in Heart Attacks Among Young People?
এই কাৰণতে যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে হাৰ্ট এটাকৰ ঘটনা (ETV Bharat)

পূৰ্বে হাৰ্ট এটাকৰ ঘটনা কেৱল বয়সস্থ লোকৰ ক্ষেত্ৰতহে দেখা গৈছিল যদিও বৰ্তমানৰ ব্যস্ততাৰে ভৰা এই জীৱনত এই মাৰত্মক ৰোগে বহু যুৱক-যুৱতীকো প্ৰভাৱিত কৰিছে, ইয়াক লৈয়ে এতিয়া চিন্তিত হৈ পৰিছে যুৱক-যুৱতীসকল ৷ পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যাভ্যাস আৰু মানসিক চাপৰ জীৱনে এই সমস্যা অধিক ভয়াৱহ কৰি তুলিছে ৷

আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে, হাৰ্ট এটাক বেছিভাগেই বৃদ্ধৰ লগত হয়, কিন্তু আজিকালি যুৱক-যুৱতীসকলৰ মাজতো হৃদৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ এনে পৰিস্থিতিত প্ৰতিজন যুৱকৰ মনত এটা প্ৰশ্নই থাকি যায় যে তেওঁলোকৰ জীৱনশৈলীত এনে কি পৰিৱৰ্তন কৰা উচিত যাতে তেওঁলোকে হাৰ্ট এটাকৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে ৷

কম বয়সত হাৰ্ট এটাক হোৱাৰ কাৰণ কি ?

চিকিৎসকে কয় যে, ৰক্ত সঞ্চালন কমি যোৱা বা বন্ধ হোৱাৰ বাবে বহু যুৱক-যুৱতীৰ মাজত হাৰ্ট এটাকৰ ঘটনা সংঘটিত হোৱা দেখা যায় ৷ এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া শিৰাত চৰ্বি আৰু কলেষ্টেৰল জমা হয় ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এই সঞ্চয়ক ‘প্লেক’ বুলি কোৱা হয় ৷ প্লেক জমা হ’লে সিৰাবোৰ সংকুচিত হ’ব পাৰে ৷ ইয়াৰ ফলত ৰক্ত সঞ্চালন কমি যায় ৷ এই কাৰণতে যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটাকৰ ঘটনা হোৱা দেখা যায় ৷

ইয়াৰ আঁৰৰ কাৰণ কি ?

সাধাৰণতে যুৱক-যুৱতীৰ জীৱনশৈলী বেয়া, ব্যায়ামৰ অভাৱ, তেলীয়া খাদ্য খোৱা আৰু জাংক ফুড আদি খোৱাৰ ফলত হাৰ্ট এটাকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ টোপনিৰ অভাৱৰ বাবে যৌৱনকালত হাৰ্ট এটাকৰ ঘটনাও বৃদ্ধি পাব পাৰে ৷ চিকিৎসকে কয় যে, প্ৰতিদিনে আধা ঘণ্টা ধৰি ব্যায়াম কৰিলে হাৰ্ট এটাকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে ৷ খাদ্যত ফল-মূল, সেউজীয়া শাক-পাচলি, গোটা শস্য ব্যৱহাৰ কৰক আৰু ধূমপান, মদ আৰু চিগাৰেট পৰিহাৰ কৰক, কাৰণ এনে পদাৰ্থ সেৱনে হাৰ্ট এটাকৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

টোপনিৰ অভাৱত হৃদযন্ত্ৰৰ সমস্যা

টোপনিৰ অভাৱত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ গতিকে প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে ৭-৮ ঘন্টা পৰ্যন্ত শোৱাটো উচিত ৷ ইয়াৰ উপৰিও সময়ে সময়ে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু উচ্চ কলেষ্টেৰলৰ দৰে পৰীক্ষা কৰি থাকিব, ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সচেতন হৈ থাকিব পাৰে ৷

https://cminj.com/whats-behind-the-rise-in-heart-attacks-among-young-people/#:~:text=Of%20all%20the%20things%20that,heart%20attack%20compared%20with%20nonsmokers.

লগতে পঢ়ক:শীতকালত আপোনাৰ এই ভুলৰ বাবে বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ আশংকা

ABOUT THE AUTHOR

...view details