ETV Bharat / sports

মণিপুৰৰ হিংসাই সলনি কৰিলে ক্ৰীড়াৰ পৰিৱেশ : দুভাগত বিভক্ত ৰাজ্যিক ফুটবল দল - MANIPUR VIOLENCE ON SPORTS

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Kuki and Meitei clash: মণিপুৰত দীৰ্ঘদিনৰে পৰা চলি থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰভাৱ পৰিছে ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰত ৷ হিংসাত্মক পৰিস্থিতিয়ে দুভাগত বিভক্ত কৰিছে ৰাজ্যখনৰ ফুটবল দলটোক ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন...

MANIPUR VIOLENCE ON SPORTS
মণিপুৰৰ ক্ৰীড়াক্ষেত্ৰত হিংসাৰ প্ৰভাৱ (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ: এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ...... ড৹ ভূপেন হাজৰিকাই তাহানিতে লিখি থৈ গৈছিল এই যুগমীয়া গীতটি ৷ এই গীতটোৰেই এটা অন্তৰা হ'ল "বিচ্ছিন্নতাৰ নীতি নালাগে/ কাম্য সমন্বয়/ ক্ৰীড়াবিদে নেজানে একতাৰ বিনে/ একতাৰ ধ্যানতে তন্ময়... ৷

সঁচাকৈ ক্ৰীড়াই সমাজক এক কৰে ৷ সমাজলৈ শান্তি আনে ৷ ক্ৰীড়া হৈছে এনে এক মাধ্যম, যিয়ে সাধাৰণ লোকক একত্ৰিত কৰে ৷ কাৰণ ক্ৰীড়াই প্ৰভাৱ বিস্তাৰ কৰে সৰ্বসাধাৰণৰ জীৱনশৈলীৰ ওপৰত ৷ পিছে এইখন দেশতে বৰ্তমান সময়ত বিভাজন ঘটা দেখা গৈছে ক্ৰীড়াৰ ৷ যাৰ মূল কাৰণ হৈছে হিংসাত্মক কাৰ্যকলাপ ৷ ঘটনাৰ প্ৰেক্ষাপট হৈছে মণিপুৰ ৷

আমি সকলোৱে এই কথা জানো যে, বিগত প্ৰায় ডেৰবছৰে হিংসাত্মক পৰিস্থিতিয়ে জুৰুলা কৰিছে মণিপুৰক ৷ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত অব্যাহত থকা হিংসা, হত্যাৰ দৰে কাণ্ডবোৰৰ বাবে বাৰুকৈয়ে প্ৰভাৱিত হৈছে ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰ ৷

ক্ৰীড়াক্ষেত্ৰত হিংসাৰ প্ৰভাৱ

পূৰ্বে সকলো প্ৰকাৰৰ ৰাজ্যিক ক্ৰীড়াৰ লগতে সৰ্বভাৰতীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা মণিপুৰৰ ৰাজ্যিক ফুটবল দলটো বৰ্তমান দুটা ভাগত বিভক্ত ৷ সেয়া হৈছে- কুকি আৰু মেইটেই ফুটবল দল ৷ তাৰোপৰি দল দুটাই সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাদে পৰিহাৰ কৰিছে সকলো প্ৰকাৰৰ ৰাজ্যিক প্ৰতিযোগিতা ৷

আনকি কোনো সময়ত একেখন খেলপথাৰতে মুখামুখি হ’বলগীয়া হ’লেও দল দুটাৰ মাজত নচলে কোনো বাৰ্তালাপ ৷ মুঠৰ ওপৰত ৰাজ্যখনত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ প্ৰভাৱ ৰাজ্যিক ফুটবল দলটোৰ ওপৰত পৰা পৰিলক্ষিত হৈছে ৷

তেজপুৰত প্ৰশিক্ষণ

তেজপুৰৰ প’ল’ফিল্ডতো শেহতীয়াকৈ দেখা যায় একেই দৃশ্য ৷ এক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণৰ উদ্দেশ্যে মণিপুৰৰ দুভাগত বিভাজন হোৱা ফুটবল দল দুটা উপস্থিত হয় তেজপুৰৰ প’ল’ফিল্ডত ৷ পিছে এই সময়ত দুয়োটা দলৰ মাজতে মনোমালিন্য পৰিস্ফুট হোৱা দেখা যায় ৷ দল দুটাৰ খেলুৱৈসকলে নিজৰ দলপতিৰ বাহিৰে প্ৰতিপক্ষৰ কাৰোৰে সৈতে বাৰ্তালাপ কৰা পৰিলক্ষিত নহ’ল ৷

খেলুৱৈসকলে কি কয় ?

মণিপুৰৰ ইম্ফল ফুটবল দলৰ অধিনায়ক মিলন কৈজামে তেজপুৰৰ প’ল’ফিল্ডত অনুষ্ঠিত ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কয় যে, "হিংসা জৰ্জৰিত মণিপুৰত এতিয়া ফুটবলৰ প্ৰশিক্ষণ লয় গাঁৱৰ সুৰক্ষাৰ মাজত" ।

"বিগত বৰ্ষত মণিপুৰত হোৱা হিংসাত্মক গোষ্ঠীগত সংঘৰ্ষৰ ফলত পূৰ্বতে একেলগে খেল খেলা মেইটেই আৰু কুকি খেলুৱৈয়ে বৰ্তমান একেলগে নেখেলে ৷ মণিপুৰত সঘনাই জাৰি কৰা সান্ধ্য আইন, আক্ৰমণ-প্ৰতি আক্ৰমণৰ ঘটনাৰ ফলত ফুটবল খেলুৱৈসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । ৰাজধানী চহৰখনৰ পাহাৰীয়া গাঁও অঞ্চলত ড্ৰোণ, ৰকেট আৰু গুলীৰ মাজতে ফুটবলৰ পৰিৱেশ সৃষ্টি কৰা হৈছে ৷" এইদৰে কয় কৈজামে ।

কাক্সিং জিলাৰ এগৰাকী উদীয়মান যুৱ ফুটবল খেলুৱৈয়ে কয়, "মোৰ জিলাত কালি সংঘটিত গুলীচালনাত দুজন লোকৰ মৃত্যু হয় । সঘনাই আক্ৰমণ-প্ৰতি আক্ৰমণৰ সংঘটিত হৈ থাকে ৷ কিন্তু আমি তাৰ মাজতে ফুটবল খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰো ।"

মণিপুৰৰ হিংসা

2023 চনৰে পৰা মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ এতিয়াও শাম কটা নাই ৷ বৰং ই পূৰ্বৰ তুলনাত বাঢ়িছেহে ৷ যাক লৈ আজিও নীৰৱ ভূমিকা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ মণিপুৰৰ প্ৰায় 60 হাজাৰ লোকে আজিও আশ্ৰয় গ্ৰহণ কৰিছে আছে অস্থায়ী শিবিৰত ৷ এই হিংসাত্মক ঘটনাত শতাধিক লোকে মৃত্যুবৰণ কৰে ৷ আনহাতে, হিংসাৰ ফলত সংঘটিত অগ্নিকাণ্ডত ঘৰ-বাৰী হেৰুৱাইছে আন বহু লোকে ৷

মণিপুৰক ভাৰতীয় ফুটবলৰ কেন্দ্ৰস্থল বুলি জনা যায় ৷ মণিপুৰত জন্ম লাভ কৰিছে দেশৰ বহুকেইগৰাকী বিখ্যাত খেলুৱৈয়ে ৷ ভাৰতীয় ফুটবল জগতলৈ আছে মণিপুৰৰ যথেষ্ট অৱদান ৷

বিশেষকৈ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ত মণিপুৰৰ পৰাই সৰ্বাধিক খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে ৷ পঞ্জাৱ এফ চি, জামছেদপুৰ এফ চি, নৰ্থ-ইষ্ট এফ চি, কেৰালা এফ চি, বেংগালুৰু এফ চি, চেন্নাই এফ চি, ওড়িশা এফ চি, এফ চি গোৱা, মুম্বাই চিটি এফ চি, ইষ্ট বেংগল, মোহন বাগান আৰু হায়দৰাবাদ এফ চি আদিকে ধৰি দেশৰ আগশাৰীৰ কেইবাটাও দলত আছে মণিপুৰৰ খেলুৱৈ ৷

লগতে পঢ়ক: 12 বছৰীয়া অপেক্ষাৰ অন্ত; অসমৰ দখলত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ - SUB JUNIOR BOYS NATIONAL FOOTBALL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.