ETV Bharat / state

বিজেপি যুৱনেতাৰ আত্মহত্যা : দুলাল বৰাৰ জামিন নাকচ, সাংবাদিক ৰফিক আহমেদৰ অগ্ৰিম জামিন - Debajit Hazarika Suicide Case - DEBAJIT HAZARIKA SUICIDE CASE

Court rejects bail plea of Dulal Borah : আৰ টি আই কৰ্মী দুলাল বৰাৰ জামিন আবেদন নাকচ হ’ল । বিপৰীতে জামিন পালে সাংবাদিক ৰফিক আহমেদে ৷ দুয়োৰে নাম আছিল বিজেপি নেতাৰ আত্মহত্যা টোকাত ৷

Court rejects bail plea of Dulal Borah
দুলাল বৰাৰ জামিন নাকচ, সাংবাদিক ৰফিক আহমেদৰ অগ্ৰিম জামিন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 7:41 PM IST

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : বিজেপিৰ যুৱনেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ জামিন আবেদন নাকচ হ’ল । বিপৰীতে একেটা প্ৰসংগত নাম সাঙোৰ খাই পৰা এটা ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক ৰফিক আহমেদে পালে অন্তৱৰ্তীকালীন জামিন ।

সোণাৰি থানাৰ ১১২/২০২৪নম্বৰ গোচৰৰ বিপৰীতে ৰফিক আহমেদে লাভ কৰিলে জামিন ৷ দুয়োগৰাকী লোকে কৰি অহা ব্লেকমেইলিং আৰু মানসিক নিৰ্যাতনৰ বাবেই অভিজিৎ হাজৰিকাই আত্মহত্যা কৰাৰ অভিযোগ উঠিছিল ৷

Court rejects bail plea of Dulal Borah
সাংবাদিক ৰফিক আহমেদৰ অগ্ৰিম জামিন লাভ (ETV Bharat Assam)

এফালে আৰ টি আই আৰু নিউজ পৰ্টেলৰ যোগেদি ব্লেকমেইলিং কৰাৰ অভিযোগত অভিযুক্ত দুলাল বৰাৰ জামিন আবেদন বুধবাৰে নাকচ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ আনফালে নতুন দিল্লীত এখন হাস্পতালত আশ্ৰয় লৈ থকা অৱস্থাত দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিল বিতৰ্কিত দুলাল বৰা ৷

উচ্চ ন্যায়ালয়ে দুলাল বৰাক নিদিলে কোনো সকাহ ৷ অন্তৱৰ্তী জামিন লাভ নকৰিলে দুলাল বৰাই ৷ উচ্চ ন্যায়ালয়ে গোচৰটোৰ বিচাৰিলে কেছ ডায়েৰী ৷ অহা ২২ অক্টোবৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি দুলাল বৰাৰ ক্ষেত্ৰত কেছ ডায়েৰী বিচাৰিলে আদালতে ৷

আনহাতে, দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ গোচৰত আন এজন অভিযুক্ত এটা নিউজ চেনেলৰ সাংবাদিক ৰফিক আহমেদে লাভ কৰিলে অন্তৰ্ৱৰ্তীকালীন জামিন ৷ প্ৰয়াত দেৱজিৎ হাজৰিকাৰ পত্নীয়ে কৰা অভিযোগ অনুসৰি বুধবাৰে জামিন লাভ কৰা তথা ঘটনাটো ঘটা দিনাৰ পৰা পলাতক অৱস্থাত থকা সাংবাদিক ৰফিক আহমেদে দেৱজিৎ হাজৰিকাক ৫০ হাজাৰ টকা দাবী কৰিছিল ৷

আনহাতে এটা নিউজ পৰ্টেলৰো স্বত্বাধিকাৰী দুলাল বৰাই আৰ টি আইৰ যোগেদি আত্মহত্যা কৰা পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাক ব্লেকমেইল কৰাৰ অভিযোগ উঠিছিল । দুলাল বৰাৰ নিউজ পৰ্টেলটোত ডাঃ মৃদুপৱন নাথ নামৰ এজন চিকিৎসকৰ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ আৰু লেন-দেনৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষেও তলৱ কৰিছিল দুলাল বৰাক ৷

দুলাল বৰাৰ জামিনৰ বিৰুদ্ধে আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা মাখন ফুকনে ৷ আনহাতে জামিন লাভ কৰা ৰফিক আহমেদৰ হৈ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত যুক্তি দৰ্শাইছিল অধিবক্তা বিজন মহাজনে ৷

লগতে পঢ়ক : দিল্লীত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত দুলাল বৰা, শীঘ্ৰে অনা হ’ব অসমলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.