ETV Bharat / sports

বৰ্তমান যান্ত্ৰিকতাৰে পূৰ্ণ জীৱনত খেল হৈছে মুক্ত বতাহৰ দৰে: চি এম চেম্পিয়নশ্বিপ ট্ৰফী উদ্বোধনী অনুষ্ঠানত ভৱেশ কলিতা - CM CHAMPIONSHIP TROPHY IN RANGIA

author img

By ETV Bharat Sports Team

Published : 2 hours ago

CM Championship Trophy 2024: ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উদ্বোধন কৰিলে চি এম চেম্পিয়নশ্বিপ ট্ৰফী শীৰ্ষক ফুটবল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মুঠ দহটাকৈ ক্লাৱে ৷ পঢ়ক বিতং খবৰ...

CM CHAMPIONSHIP TROPHY IN RANGIA
চি এম চেম্পিয়নশ্বিপ ট্ৰফীৰ উদ্বোধনী অনুষ্ঠান (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ: কামৰূপ জিলাৰ ৰঙিয়াত বুধবাৰৰ পৰা আৰম্ভ হৈছে চি এম চেম্পিয়নশ্বিপ ট্ৰফী ৷ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ প্ৰথম দিনৰ খেলত অংশগ্ৰহণ কৰে ৰঙিয়া টাউন ক্লাৱ আৰু আৰ বি কে হাজোৱে ।

প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । প্ৰতিযোগিতাখন উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে, "বৰ্তমান যান্ত্ৰিকতাৰে পূৰ্ণ জীৱনত খেল হৈছে মুক্ত বতাহৰ দৰে । প্ৰতিজন খেলুৱৈয়ে খেলপথাৰত নামি পৰাৰ লগে লগে মুক্ত হৈ পৰে আৰু খেলৰ সময়খিনিত সকলো সমস্যাৰ কথা পাহৰি খেল উপভোগ কৰে । সেয়েহে আজিৰ যুগত শাৰিৰীক তথা মানসিক সু-স্বাস্থ্যৰ বাবে খেল অতিকৈ প্ৰয়োজনীয়" ৷

ভৱেশ কলিতাৰ সৈতে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দেৱাশীষ গোস্বামী ৷ মহকুমাধিপতিগৰাকীয়ে উদ্যোক্তাসকলৰ শলাগ লোৱাৰ লগতে উপস্থিত থকা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

চি এম চেম্পিয়নশ্বিপ ট্ৰফীত অংশগ্ৰহণ কৰিব মুঠ দহটাকৈ ক্লাৱে ৷ অসমৰ ভিন্ন স্থানৰ উপৰিও ইয়াত অংশগ্ৰহণ কৰিব মণিপুৰ আৰু মেঘালয়ৰ পৰা অহা দুটাকৈ ফুটবল ক্লাৱে ৷ প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন 29 ছেপ্টেম্বৰত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব । বুধবাৰৰ উত্তেজনাপূৰ্ণ উদ্বোধনী খেলখনত ৰঙিয়া টাউন ক্লাৱ 4-2 গ’লৰ ব্যৱধানত জয়ী হয় ।

উল্লেখ্য যে, উদ্বোধনী খেলখন পৰিচালনা কৰে আনচাৰুদ্দিন আলী আহমেদৰ লগতে ধ্ৰুৱজ্যোতি কলিতা আৰু পৰহেদ আলীয়ে । প্ৰতিযোগিতাৰ প্ৰথমখন খেল উপভোগ কৰিবলৈ উপস্থিত থাকে অঞ্চলটোৰ শতাধিক দৰ্শকৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰী ৷

লগতে পঢ়ক: বি চি চি আইৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ প্ৰাক্তন ক্ৰিকেটাৰৰ - SANJAY MANJREKAR SLAMS BCCI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.