ETV Bharat / health

হৃদযন্ত্ৰক সদায় সুস্থ ৰাখিব বিচাৰে যদি খাদ্য তালিকাত ৰাখক ওমেগা থ্ৰী ফেটি এচিডযুক্ত খাদ্য - Omega 3 Fatty Acids

Omega-3 Fatty Acids: সুস্থ হৈ থাকিবলৈ শৰীৰত থকা সকলো পুষ্টিকৰ উপাদান থকাটো জৰুৰী । এই সকলোবোৰ পুষ্টিকৰ উপাদানে আমাক সুস্থ কৰি ৰখাত সহায় কৰে । ওমেগা ৩ ফেটি এচিড এই উপাদানসমূহৰ ভিতৰত অন্যতম যাক খাদ্যত অন্তৰ্ভুক্ত কৰিলে কেৱল এক নহয় অনেক উপকাৰিতা লাভ কৰিব পাৰি । খাদ্যত ওমেগা ৩ ফেটি এচিড অন্তৰ্ভুক্ত কৰাৰ উপকাৰিতাৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক-

Health benefits of omega-3 fatty acids
হৃদযন্ত্ৰক সদায় সুস্থ ৰাখিব বিচাৰে যদি খাদ্য তালিকাত ৰাখক ওমেগা থ্ৰী ফেটি এচিডযুক্ত খাদ্য (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 25, 2024, 1:33 PM IST

আমাৰ শৰীৰৰ বাবে ওমেগা থ্ৰী ফেটি এচিড অন্যতম এক প্ৰয়োজনীয় পুষ্টিকৰ উপাদান, যিটো শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু গুৰুত্বপূৰ্ণ ৷ মূলতঃ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী ৷ সেয়ে দৈনিক খাদ্য তালিকাত আমি ইয়াক অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিব লাগে, যাতে আপুনি ইয়াৰ বহুতো সুবিধা লাভ কৰিব পাৰে ৷ জানো আহক কিয় ওমেগা থ্ৰী ফেটি এচিড আমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ-

  • হৃদযন্ত্ৰৰ স্বাস্থ্য

ওমেগা থ্ৰী বিশেষকৈ ইপিএ আৰু ডিএইচএ যি মেকেৰেল আৰু ছালমনৰ দৰে মাছত প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷ এইবোৰে ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰে, শৰীৰত প্ৰদাহ ৰোধ কৰে আৰু সুষম ৰক্তচাপ বজাই ৰখাত সহায় কৰে ৷

Health benefits of omega-3 fatty acids
হৃদযন্ত্ৰক সদায় সুস্থ ৰাখিব বিচাৰে যদি খাদ্য তালিকাত ৰাখক ওমেগা থ্ৰী ফেটি এচিডযুক্ত খাদ্য (ETV Bharat)
  • মগজুৰ কাৰ্যক্ষমতা

DHA হৈছে এক প্ৰকাৰৰ ওমেগা থ্ৰী যি মগজুৰ কলাৰ এক অতি গুৰুত্বপূৰ্ণ অংশ ৷ ওমেগা থ্ৰী সেৱনে জ্ঞানমূলক কাৰ্য উন্নত কৰে, স্মৃতিশক্তি তীক্ষ্ণ কৰে আৰু বয়সৰ লগে লগে জ্ঞানশক্তিৰ অৱনতি হ্ৰাস কৰে ৷

  • গাঁঠিৰ স্বাস্থ্য

ওমেগা থ্ৰীৰ প্ৰদাহ নিবাৰণকাৰী গুণে গাঁঠিৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ কৰে ৷ বাতবিষৰ দৰে অৱস্থাত ইহঁতে গাঁঠিৰ গতি আৰু নমনীয়তাত সহায় কৰে আৰু বিষৰ পৰা সকাহ দিয়ে ৷

  • মেজাজ আৰু মানসিক স্বাস্থ্য

কিছু গৱেষণাৰ মতে, ওমেগা থ্ৰী ফেটি এচিড সেৱনে উদ্বেগ আৰু হতাশাৰ দৰে মেজাজৰ বিকাৰ নিৰাময়ত সহায় কৰে ৷ এইবোৰে নিউৰ’ট্ৰান্সমিটাৰৰ কাৰ্যত সহায় কৰে আৰু মেজাজৰ ভাৰসাম্য ৰক্ষা কৰে ৷

  • চকুৰ স্বাস্থ্য

চকুৰ ৰেটিনাতো DHA পোৱা যায় ৷ ওমেগা থ্ৰী সেৱনে দৃষ্টিশক্তি বৃদ্ধি কৰে আৰু বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচন হ্ৰাস কৰে ৷

  • ছালৰ স্বাস্থ্য

ওমেগা থ্ৰীয়ে আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে, প্ৰদাহ কমায় আৰু ছালৰ লগত জড়িত একজিমা আৰু চ’ৰিয়াচিছ আদি ৰোগত উপকাৰী ৷ এইদৰে ছালৰ সুস্বাস্থ্যৰ বাবে ওমেগা থ্ৰী ফেটি এচিড অতি গুৰুত্বপূৰ্ণ ৷

  • গৰ্ভাৱস্থা

গৰ্ভাৱস্থাত ভ্ৰুণৰ মগজু আৰু চকুৰ বিকাশৰ বাবে ওমেগা থ্ৰী ফেটি এচিড অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় ৷ এই কাৰণেই গৰ্ভৱতী মহিলাক প্ৰায়ে Omega Three চাপ্লিমেণ্ট দিয়া হয় ৷

https://ods.od.nih.gov/factsheets/Omega3FattyAcids-Consumer/

লগতে পঢ়ক: ভিটামিন-ডি, অমেগা-3, ব্যায়ামে কৰ্কট ৰোগৰ বিপদাশংকা 61% লৈ হ্ৰাস কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.