ETV Bharat / state

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্বেগজনক তথ্য: দীপৰ বিললৈ বিপদ আহিছে - POLLUTION INCREASING IN DEEPOR BEEL

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে Biochemical oxygen demand( BOD)ৰ পৰিমাণ দীপৰ বিলৰ পানীত অত্যধিক পোৱা গৈছে ।

pollution increasing in deepor beel
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্বেগজনক তথ্য: দীপৰ বিললৈ বিপদ আহিছে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 7:36 PM IST

গুৱাহাটী: ৰাজ্যৰ একমাত্ৰ আন্তর্জাতিক ৰামছাৰ ক্ষেত্ৰ তথা দেশী-বিদেশী পক্ষীৰ বিচৰণথলী দীপৰ বিলে অস্তিত্বৰ স’তে যুঁজ দি আহিছে । শেহতীয়াকৈ অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যত দীপৰ বিলৰ পানী প্ৰদূষিত হোৱাটো প্ৰমাণিত হৈছে । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে Biochemical oxygen demand( BOD)ৰ পৰিমাণ দীপৰ বিলৰ পানীত অত্যধিক পোৱা গৈছে । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দীপৰ বিলৰ পানীক আঠটা জ'নত ভাগ কৰি পৰীক্ষা কৰিছে ।

দীপৰ বিলৰ চৰাই পৰ্যবেক্ষণ কেন্দ্ৰৰ ওচৰত, দীপৰ বিলৰ পূব দিশৰ ওচৰত, দীপৰ বিলৰ ধাৰাপুৰ চাৰিআলি দিশত, খানামুখ দিশত, বৰাগাঁও দিশত, আজাৰা ৰেলৱে ষ্টেচন দিশত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় দিশত আৰু দীপৰ বিলৰ মাজত এই আঠটা স্থানৰ বিলৰ পানী পৰীক্ষা কৰা হৈছিল । তথ্য মতে, Biochemical oxygen demand( BOD) ৰ পৰিমাণ দীপৰ বিলৰ চৰাই পৰীক্ষণ কেন্দ্ৰৰ ওচৰত প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম, দীপৰ বিলৰ পূব দিশৰ ওচৰত প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম, দীপৰ বিলৰ ধাৰাপুৰ চাৰিআলি দিশত প্ৰতি লিটাৰত ৫.৬ মিলিগ্ৰাম , খানামুখ দিশত প্ৰতি লিটাৰত ৫.৭ মিলিগ্ৰাম , বৰাগাঁও দিশত প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম , আজাৰা ৰেলৱে ষ্টেচন দিশত প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম , অসম অভিযান্ত্ৰিক মহাবিদ্যালয় দিশত প্ৰতি লিটাৰত ৫.৪ মিলিগ্ৰাম আৰু দীপৰ বিলৰ মাজত প্ৰতি লিটাৰত ৫.৪ মিলিগ্ৰাম পোৱা গৈছে ।

পৰিষদৰ নিয়ম অনুযায়ী Biochemical oxygen demand( BOD) প্ৰতি লিটাৰ পানীত ৩ মিলিগ্ৰামৰ বেছি থাকিব নালাগে ।‌ এই পৰিমাণ বেছি পোৱা গ'লে পানী প্ৰদূষিত হয় । Biochemical oxygen demand( BOD) পৰিমাণ বেছি হ'লে জলাশয়ত থকা মাছৰ লগতে জলজ জীৱৰ বাবে সংকটজনক হয় । এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয়- "দীপৰ বিলৰ কাষত থকা বিলৰ তলৰ গুৱাহাটী পৌৰ নিগমৰ জাৱৰ পেলোৱা স্থানে বিলৰ পানী প্ৰদূষিত কৰিছে । লগতে ভৰলু, বাহিনী আৰু বশিষ্ঠ নদীৰ প্ৰদূষিত পানী বিলত পৰি বিলৰ পানী প্ৰদূষিত কৰি আহিছে ।"

লগতে পঢ়ক: পুনৰ দীপৰ বিলত নতুন ৰে'লপথ প্ৰকল্প, বন্যপ্ৰাণীলৈ তীব্ৰ সংকট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.