ETV Bharat / health

বিশ্ব নিউমোনিয়া দিৱস: হাওঁফাওঁৰ সংক্ৰমণ দূৰ কৰাৰ বাবে বিশেষজ্ঞৰ মতে আমি কি কৰা উচিত ? - বিশ্ব নিউমোনিয়া দিৱস

নিউমোনিয়া হ’লে উশাহ-নিশাহ লোৱাত খুবেই অসুবিধা হয় । সেয়ে আজি এনে কেইটিমান উপায়ৰ বিষয়ে জানো আহক যিয়ে নিউমোনিয়াৰ পৰা সকাহ প্ৰদান কৰাত যথেষ্ট লাভদায়ক-

World Pneumonia Day
বিশ্ব নিউমোনিয়া দিৱস (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 12, 2024, 7:11 PM IST

প্ৰতি বছৰে ১২ নৱেম্বৰৰ দিনটোত বিশ্ব নিউমোনিয়া দিৱস পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে নিউমোনিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু ইয়াক প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰা ৷ নিউমোনিয়া হ’ল এক গুৰুতৰ সংক্ৰমণ যাৰ ফলত হাওঁফাওঁ ফুলা আৰু উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি কৰে ৷ ইয়াত হাওঁফাওঁত তৰল পদাৰ্থ জমা হোৱাৰ ফলত অক্সিজেনৰ অভাৱ হয়, যাৰ ফলত ভাগৰ, জ্বৰ, কাহ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

কিন্তু ঔষধৰ লগতে কিছুমান ঘৰুৱা উপায়ো নিউমোনিয়াৰ সমস্যা হ্ৰাস কৰাত লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷ আজি এনে চাৰিটা ঘৰুৱা উপায়ৰ বিষয়ে বিতংভাৱে জানো আহক যিয়ে নিউমোনিয়াৰ পৰা সকাহ প্ৰদান কৰাত যথেষ্ট লাভদায়ক-

১/ আদা

NIHৰ গৱেষণা অনুসৰি, আদাত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ আদাৰ চাহ বা আদাৰ টুকুৰা চোবাই খালে ডিঙিৰ বিষৰ পৰা উপশম দিয়া আৰু হাওঁফাওঁৰ প্ৰদাহ কম কৰাত সহায় কৰে ৷ আদাৰ ৰসে শ্লেষ্মা পৰিষ্কাৰ কৰি উশাহ-নিশাহ লোৱাৰ প্ৰক্ৰিয়াও সহজ কৰি তোলে ৷

২/ নহৰু

নহৰুত থকা এন্টি-বেক্টেৰিয়েল গুণ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত অতি লাভদায়ক ৷ প্ৰতিদিনে পুৱা কেইটুকুৰা কেঁচা নহৰু খালে নিউমোনিয়াৰ পৰা সকাহ পাব পাৰি ৷ নহৰু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা শক্তিশালী কৰে ৷

৩/ হালধি গাখীৰ

হালধিত এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে শৰীৰৰ প্ৰদাহ আৰু সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে ৷ এগিলাচ গৰম গাখীৰত আধা চামুচ হালধি মিহলাই খালে হাওঁফাওঁ পৰিষ্কাৰ হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷

৪/ ভাপ লোৱা

ভাপ ল’লে হাওঁফাওঁৰ শ্লেষ্মা ঢিলা কৰাত সহায় হয়, যাৰ ফলত উশাহ-নিশাহ লোৱাৰ প্ৰক্ৰিয়া সহজ হয় ৷ গৰম পানীত পদিনা তেল বা ইউকেলিপ্টাছ তেল কেইটোপালমান দি ভাপ ল’লে নাক বন্ধ হোৱা সমস্যা দূৰ হয় আৰু সকাহ পোৱা যায় ৷

অস্বীকাৰ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: পলাই পত্ৰং দিব কাহ-চৰ্দি-জ্বৰ: আজিয়েই প্ৰস্তুত কৰি ৰাখক এইবিধ গুড়ি - Trikatu Powder

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.