ETV Bharat / health

কি হয় ABCDE ফৰ্মূলা ? বিশেষজ্ঞৰ মতে যিয়ে দূৰ কৰে হৃদৰোগৰ আশংকা

অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে কম বয়সৰ যুৱক-যুৱতীসকলৰো হাৰ্ট এটেক হ’বলৈ ধৰিছে । এনে পৰিস্থিতিত চিকিৎসকে এই ৰোগ প্ৰতিৰোধৰ উপায় বিচাৰি উলিয়াইছে...

What is the ABCDE for prevention of heart disease? AIIMS Bhopal Director Ajay Singh told people the way to protect themselves from heart disease
কি হয় ABCDE ফৰ্মূলা ? বিশেষজ্ঞৰ মতে যিয়ে দূৰ কৰে হৃদৰোগৰ আশংকা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 12, 2024, 7:44 PM IST

দেশত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগীৰ সংখ্যা ৷ শেহতীয়াকৈ হাৰ্ট এটেক হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৃত্যুৰ কাৰণ ৷ পূৰ্বে বয়সস্থ লোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ প্ৰৱণতা অধিক আছিল যদিও বৰ্তমান সময়ত কম বয়সৰ যুৱক-যুৱতীও ইয়াৰ ফলত মৃত্যুৰ মুখত পৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ মূল কাৰণ হৈছে অনিয়মিত জীৱনশৈলী ৷ ইয়াৰ বাবে প্ৰত্যেকেই দৈনন্দিন জীৱনত খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱাটো উচিত আৰু কিছুমান বিশেষ অভ্যাস যেনে শাৰীৰিক কাৰ্য-কলাপ, ওজন নিয়ন্ত্ৰণ, মদ্যপান আৰু ধূমপান আদি অভ্যাস ত্যাগ কৰাটো উচিত ৷ আপুনি ২০ বছৰ বয়সৰ হওক বা ৫০ বছৰৰ ওপৰৰ হওক, এই সৰু সৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি আপুনি হৃদৰোগৰ দৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ৷

বেছিভাগ হৃদযন্ত্ৰৰ সমস্যাই লক্ষণবিহীন ৷ কাৰণ বহু বছৰৰ ভিতৰত লাহে লাহে ইয়াৰ বিকাশ ঘটে ৷ যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় ৷ এইমছ ভোপালৰ জ্যেষ্ঠ চিকিৎসক অজয় ​​সিঙে কয় যে, এই ৰোগৰ পৰা হাত সাৰিবলৈ জীৱনশৈলীত এবিচিডিইএফৰ সূত্ৰ মানি চলিব লাগে ৷

What is the ABCDE for prevention of heart disease?
জ্যেষ্ঠ চিকিৎসক অজয় ​​সিং, এইমছ ভোপাল (ETV Bharat)

কি হয় ABCDEF সূত্ৰ:

এইমছ ভোপালৰ চিকিৎসক অজয় ​​সিঙে কয় যে, জীৱনশৈলী উন্নত কৰাৰ লগতে হৃদৰোগ প্ৰতিৰোধৰ বাবে তলত উল্লেখ কৰা ৬টা গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় ৷ যেনে-

A (Addiction)- A ৰে Addiction মানে সুৰা আৰু ধূমপানৰ দৰে মাদক দ্ৰব্য সেৱনৰ অভ্যাস ত্যাগ কৰা ৷ কাৰণ সুৰা আৰু চিগাৰেট সেৱনৰ লগে লগে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় ৷ গতিকে সুস্থ হৃদযন্ত্ৰৰ বাবে এই বেয়া অভ্যাস পৰিহাৰ কৰা উচিত ৷

B (Blood Pressure)- Bৰে Blood pressure অৰ্থাৎ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা ৷ উচ্চ ৰক্তচাপ হৃদৰোগৰ প্ৰধান কাৰণ ৷ ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷

C (Cholesterol)- তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাটো হৃদযন্ত্ৰৰ বাবে যথেষ্ট ক্ষতিকাৰক ৷ ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন অতিকৈ প্ৰয়োজনীয় ৷

D (Diabetes or Diet)- D মানে ডায়েবেটিছ আৰু খাদ্যাভ্যাস ৷ ডায়েবেটিছে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷

E (Exercise)- হৃদযন্ত্ৰ আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে নিয়মিত ব্যায়াম প্ৰয়োজনীয় ৷ সপ্তাহত ৫ দিন ৪০ মিনিট খোজ কাঢ়িব লাগে ৷ তদুপৰি যোগ আৰু প্ৰাণায়াম কৰিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হয় ৷

F (Fun)- পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে আমি খুবেই শান্তি অনুভৱ কৰো ৷ মানসিক চাপ কম কৰাৰ ক্ষেত্ৰত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱা, কথা পতা আদি অনুসৰণ কৰা উচিত ৷ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷

লগতে পঢ়ক: কেনেকৈ জানিব আপোনাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা আছে নে নাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.