সমগ্ৰ বিশ্বতে পিঁয়াজৰ ব্যাপক ব্যৱহাৰ দেখিবলৈ পোৱা যায় ৷ পিঁয়াজ খাদ্যৰ এক গুৰুত্বপূৰ্ণ উপাদান । বিশেষজ্ঞসকলৰ মতে খাদ্যত পিঁয়াজ ব্যৱহাৰ কৰিলে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি হয় । শাক-পাচলিত নিয়মীয়াকৈ বহুতে পিঁয়াজ ব্যৱহাৰ কৰে প্ৰতিদিনে ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এমাহ পিয়াঁজ খোৱা বন্ধ কৰিলে কি হ’ব পাৰে ? পিঁয়াজ পৰিহাৰ কৰাটো শৰীৰৰ বাবে ভাল নে বেয়া ?
পিয়াঁজে শৰীৰক সুস্থ কৰি ৰাখে
আপুনি বিশ্বাস কৰিবনে এমাহ পিয়াঁজ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিলে কোষ্ঠকাঠিন্যৰ পৰা দৃষ্টিশক্তিলৈকে বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ? জ্যেষ্ঠ খাদ্য বিশেষজ্ঞসকলৰ মতে পিঁয়াজত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টপ্ৰচুৰ পৰিমাণে থাকে । শৰীৰক সুস্থ কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন বি ৬ আৰু লগতে ফ’লেট ৰোগ প্ৰতিৰোধ ক্ষমতা, কোষৰ বৃদ্ধি আৰু হজম শক্তিও বজাই ৰাখে । এলিচিন আৰু কুৱেৰচেটিনৰ দৰে প্ৰদাহ নিবাৰণকাৰী গুণৰ লগতে এন্টিঅক্সিডেন্ট আৰুকেন্সাৰ প্ৰতিৰোধী গুণো পিঁয়াজত পোৱা যায় । এইবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ।
যদি আপুনি এমাহৰ বাবে পিয়াঁজৰ পৰা আঁতৰি থাকে তেন্তে কি হ'ব ?