ETV Bharat / health

মিউজিক থেৰাপী কি ? ই আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে - Music Therapy

মিউজিক থেৰাপী বা সংগীত চিকিৎসা নো কি এই বিষয়ে সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামীয়ে ই টি ভি ভাৰতৰ আগত কি ক’লে সবিশেষ পঢ়ক-

author img

By ETV Bharat Health Team

Published : 2 hours ago

MUSIC THERAPY
মিউজিক থেৰাপী কি ? ই আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে (ETV Bharat)

বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হয় । তাহানিৰ পৰাই থেৰাপী চিকিৎসা প্ৰচলিত হৈ আহিছে । এই থেৰাপীবোৰৰ ভিতৰত অন্যতম হৈছে মিউজিক থেৰাপী । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত মিউজিক থেৰাপীয়ে লাহে লাহে জনপ্ৰিয়তা লাভ কৰিছে । এই মিউজিক থেৰাপী বা সংগীত চিকিৎসা নো কি তথা এই বিষয়ে সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামীয়ে ই টি ভি ভাৰতৰ আগত কি ক’লে সবিশেষ পঢ়ক-

মিউজিক থেৰাপী কি ?

সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামী (ETV Bharat Assam)

মিউজিক থেৰাপী বা সংগীত চিকিৎসা মানে হ'ল সংগীতৰ জৰিয়তে এজন মানুহৰ শৰীৰক মানসিক, আৱেগিক বা জ্ঞান কেন্দ্ৰীক কিছু অসুস্থতা ,বিকাশৰ সমস্যা দূৰ কৰিবলৈ মিউজিক থেৰাপীৰ জৰিয়তে আৰোগ্য লাভ কৰাত সহায় । মিউজিক থেৰাপী বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় । শ্ৰৱণৰ জৰিয়তেও মিউজিক থেৰাপী দিব পাৰে বা এজন লোকক গান গাই, গান লিখি , বাদ্য বজাই আদি ধৰণেও মিউজিক থেৰাপী দিয়া হয় ।

MUSIC THERAPY
মিউজিক থেৰাপী কি ? ই আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে (ETV Bharat Assam)

বিশেষকৈ ট্ৰেষ্ট,এনজাইটিত ভুগি থকা লোকক সংগীত চিকিৎসা বা থেৰাপী প্ৰদান কৰা হয় বুলিও অনুভূতি কাকতি গোস্বামীয়ে ইটিভি ভাৰতৰ আগত জানিবলৈ দিয়ে । শাৰীৰিক,মানসিক আৱেগিক লোকে মিউজিক থেৰাপীৰ জৰিয়তে উপকৃত হ'ব পাৰে । শাৰীৰিক অসুবিধা বিশেষকৈ নিউৰোলজী সমস্যা , ষ্ট্ৰ’ক, কমাত থকা ৰোগী, পেৰালাইচিচ, মূৰৰ বিষ আদি কৰি সৰু ৰোগৰ পৰা ডাঙৰ বেমাৰলৈকে মিউজিক থেৰাপীৰ জৰিয়তে সুফল লাভ কৰিব পাৰি । ঠিক একেদৰে মানসিক ৰোগৰ সৰুৰ পৰা ডাঙৰলৈ ষ্ট্ৰেচ এনজাইটি, ডিপ্ৰেচন, স্ক্ৰিজ্জ’ফেনিয়া আদিৰ চিকিৎসা কৰা হয় । শিশুকো মিউজিক থেৰাপী দিব পাৰি ।

মিউজিক থেৰাপী ল'বলৈ কোনো ৰোগী হ'ব লাগিব বুলি কথা নাই । শৰীৰত কোনো ৰোগ নাথাকিলেও এগৰাকী ব্যক্তিয়ে মিউজিক থেৰাপী ল’ব পাৰে । খালী মন কৰা উচিত যে যি সংগীত আমি যি সময়ত শুনো সেই সময়ৰ বাবে সঠিক হয় নে নাই ।

শেষত সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামীয়ে কয় যে তেওঁ ১০ বছৰ ধৰি মিউজিক থেৰাপীৰ লগত জড়িত হৈ আছে । ভাৰতবৰ্ষৰ বিভিন্ন স্থান যেনে অসম , দিল্লী, কলকাতা, ঋষিকেষ, গোকৰ্ণা, মুম্বাইত মিউজিক থেৰাপীৰ কৰ্মশালা কৰি তেওঁ বহুতকে উপকৃত কৰিছে ।

লগতে পঢ়ক: এয়া হৈছে সামান্থা ৰুথ প্ৰভুৰ উজ্বল ছালৰ ৰহস্য...আপুনিও কৰিব পাৰে অনুসৰণ - Samantha Skin Care Routine

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.