অসম

assam

ETV Bharat / health

মাইগ্ৰেইনৰ কাৰণ-লক্ষণ-প্ৰতিকাৰ সম্পৰ্কে এটা ক্লিকটে জানি লওক - Migraine Disease

Migraine Disease: মাইগ্ৰেইন হৈছে এনে এক ৰোগ যিয়ে এগৰাকী ব্যক্তিৰ অতিপাত মূৰৰ বিষৰ দৰে সমস্যাৰ সৃ্ষ্টি কৰিব পাৰে ৷ সেয়ে আজি জানো আহক, মাইগ্ৰেইন ৰোগ দৰাচলতে হয় কি ? মাইগ্ৰেইনৰ লক্ষণ আৰু কেনেকৈ নিৰাময় কৰিব পাৰি...

By ETV Bharat Assamese Team

Published : May 29, 2024, 12:39 PM IST

What is migraine disease? Know its symptoms, causes, and treatment
মাইগ্ৰেইনৰ কাৰণ-লক্ষণ-প্ৰতিকাৰ সম্পৰ্কে এটা ক্লিকটে জানি লওক (FREEPIK)

আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসক বহু ৰোগৰ মূল বুলি গণ্য কৰা হয় ৷ কৰ্মৰ চাপৰ বাবে মানুহে সময়মতে খাব পৰা নাই, শান্তিৰে শুবও নোৱাৰে ৷ লগতে দিনটোৰ বেছিভাগ যিসকলে সময় স্ক্ৰীণৰ আগত কটায় যেনে, মোবাইল, লেপটপ বা টেলিভিছন তেনে লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক হোৱা দেখা যায় ৷ জানো আহক, মাইগ্ৰেইন কি, মাইগ্ৰেইনৰ লক্ষণ আৰু প্ৰতিকাৰ কি কি ইত্যাদি ৷

মাইগ্ৰেইন কি ?

মাইগ্ৰেইন হৈছে এক প্ৰকাৰৰ মূৰৰ বিষ, যিটো সাধাৰণতে মূৰৰ আধা অংশত হয় ৷ ইয়াৰ কাৰণ হ’ব পাৰে মগজুৰ স্নায়ুতন্ত্ৰৰ বিকাৰ ৷ এই ৰোগত প্ৰায়ে মূৰত সামান্য আৰু তীব্ৰ বিষ হয় ৷ কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা ই একেবাৰে পৃথক ৷ এই বিষ যিকোনো সময়তে হ’ব পাৰে, যিটো সহ্য কৰাটো অতি কঠিন হৈ পৰে ৷ ই এক সাধাৰণ স্বাস্থ্যজনিত বিকাৰ, প্ৰায় ৫ গৰাকী মহিলাৰ ভিতৰত ১ গৰাকী আৰু ১৫ গৰাকী পুৰুষৰ ভিতৰত ১ গৰাকী আক্ৰান্ত হয় ৷ মাইগ্ৰেইনত মূৰৰ বিষৰ সময় কেইঘণ্টামানৰ পৰা কেইবাদিনলৈ হ’ব পাৰে ৷

মাইগ্ৰেইনৰ লক্ষণসমূহ কি কি ?

এটা সময়ত মূৰৰ বিষৰ সমস্যাই সকলোকে নিশ্চয় অশান্তি দিছে, কিন্তু সাধাৰণ মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ মূৰৰ বিষৰ মাজত পাৰ্থক্য কৰিব জানেনে ? যদি নাই, তেন্তে ইয়াত আমি আপোনালোকক ক’ম মাইগ্ৰেইনৰ মূৰৰ বিষৰ লক্ষণ কি কি ৷ মাইগ্ৰেইনৰ মূৰৰ বিষক ‘অ’ৰা’ বুলি চিনাক্ত কৰা হয়, অ’ৰা মানে দৃষ্টিশক্তিৰ সমস্যা ৷ ইয়াত ৰোগীয়ে জিলিকি থকা লাইট আৰু বেঁকা ৰেখা দেখা পায় ৷ ইয়াৰ লক্ষণসমূহ এনেধৰণৰ:-

  1. চকুৰ আগত ক’লা দাগ
  2. ছালত বিন্ধাৰ দৰে অনুভূতি
  3. দুৰ্বল অনুভৱ কৰা
  4. চকুৰ তলত ক’লা দাগ
  5. অতিপাত খং উঠা
  6. খিংখিঙীয়া হোৱা
  7. মূৰৰ এটা ফালে বিষ হোৱা
  8. পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পায়

মাইগ্ৰেইনৰ কাৰণ কি ?

মাইগ্ৰেইনৰ কাৰণ হ’ল মগজুৰ স্নায়ু, ৰাসায়নিক পদাৰ্থ আৰু ৰক্তবাহী নলীৰ সাময়িক পৰিৱৰ্তন, যাৰ ফলত মূৰত অসহ্যকৰ আৰু তীব্ৰ বিষ হয় ৷ অৱশ্যে মাইগ্ৰেইনৰ কোনো নিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু কিছুমান বিশেষ কাৰকে মাইগ্ৰেইনৰ সূচনা কৰিব পাৰে, য’ত মগজুৰ ৰাসায়নিক পদাৰ্থৰ পৰিৱৰ্তন জড়িত হৈ থাকে ৷ ইয়াৰ ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্যহীনতা বিশেষকৈ চেৰ’টনিনৰ বাবেই আৰম্ভ হয় ৷

মাইগ্ৰেইনৰ সূচনা কৰা মূল কাৰণসমূহ এনেধৰণৰ:-

  1. শৰীৰ হাইড্ৰেটেড নোহোৱাৰ সমস্যা
  2. অত্যধিক চিন্তা
  3. অত্যধিক মানসিক চাপ
  4. মহিলাৰ হৰম’নৰ পৰিৱৰ্তন
  5. উজ্জ্বল পোহৰ
  6. শক্তিশালী ধ্বনি
  7. টোপনিৰ পৰিৱৰ্তন
  8. চিগাৰেট খোৱা আৰু মদ্যপান কৰা
  9. অত্যধিক গৰম
  10. প্ৰবল গোন্ধ

মাইগ্ৰেইন কিমান প্ৰকাৰৰ হয় ?

যদিও মাইগ্ৰেইন বহু প্ৰকাৰ আছে, তথাপিও কিছুমান এনেধৰণৰ:-

  • ক্ৰনিক মাইগ্ৰেইন–ক্ৰনিক মাইগ্ৰেইনত প্ৰতিমাহে ১৫ দিনতকৈ অধিক সময়ৰ বিষ হয় ৷
  • পিৰিয়ড মাইগ্ৰেইন–পিৰিয়ডৰ সময়ত এই মাইগ্ৰেইন অনুভৱ কৰা হয় ৷
  • এব্ধ’মিনেল মাইগ্ৰেইন–১৪ বছৰৰ তলৰ শিশুৰ এব্ধ’মিনেল মাইগ্ৰেইন হয়, যিটো অন্ত্ৰ আৰু পেটৰ অনিয়মিত কাৰ্যক্ষমতাৰ বাবে হ’ব পাৰে ৷
  • ভেণ্টিকুলাৰ মাইগ্ৰেইন– তীব্ৰ মূৰ ঘূৰোৱা এই ধৰণৰ মাইগ্ৰেইনৰ এটা লক্ষণ ৷
  • হেমিপ্লেজিক মাইগ্ৰেইন– এই ধৰণৰ মাইগ্ৰেইনত শৰীৰৰ এফালে সাময়িকভাৱে দুৰ্বলতা দেখা যায় ৷

মাইগ্ৰেইন কেনেকৈ নিৰাময় হয় ?

মাইগ্ৰেইনৰ চিকিৎসা কেনেকৈ কৰা হয় জানেনে ? আপুনি জানি আচৰিত হ’ব যে মাইগ্ৰেইনৰ চিকিৎসা সম্পূৰ্ণৰূপে সম্ভৱ নহয়, কিন্তু চিকিৎসকৰ পৰামৰ্শ আৰু কিছু ঔষধৰ জৰিয়তে আপুনি মাইগ্ৰেইনৰ বিষ কম কৰিব পাৰে ৷ ইয়াৰ লক্ষণসমূহৰ চিকিৎসা কৰি আপুনি ইয়াক সহজে নিয়ন্ত্ৰণ কৰিব পাৰে ৷ চিকিৎসকে তলত দিয়া কথাবোৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ চিকিৎসা আৰম্ভ কৰে:-

  • ৰোগীৰ বয়স
  • মাইগ্ৰেইনৰ বিষ কেতিয়া আৰু কিমান দিন হয়
  • মাইগ্ৰেইনৰ বিষৰ ধৰণ
  • বিষ কিমান দিনলৈ থাকে আৰু কিমান ভয়াৱহ
  • মূৰৰ বিষৰ বাহিৰে আন যিকোনো লক্ষণ
  • মাইগ্ৰেইনৰ ফলত মূৰৰ বাহিৰে আন ঠাইত বিষ হয়

মাইগ্ৰেইনৰ অসুবিধা কি কি ?

মাইগ্ৰেইনৰ দৰে সমস্যাই শৰীৰৰ বহু অংশত আক্ৰান্ত কৰে ৷ ইয়াৰ ফলত সৃষ্টি হোৱা মানসিক আৰু শাৰীৰিক সমস্যা দিনক দিনে বাঢ়ি যায় ৷ মাইগ্ৰেইনৰ কি ক্ষতি হয় জানো আহক:-

  1. মাইগ্ৰেইনে শৰীৰৰ ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়, যাৰ বাবে হাৰ্ট এটেকৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
  2. ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টিও হয়, যাৰ বাবে ব্যক্তিজন হতাশাত ভুগিব পাৰে ৷
  3. যদি আপোনাৰ চকুৰ মাইগ্ৰেইন হয় তেন্তে ই আপোনাৰ চকুৰ ক্ষতি কৰাৰ লগতে চকুলৈ তেজৰ সোঁত কমাই দিব পাৰে ৷
  4. ইয়াৰ ফলত আপোনাৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায় ৷
লগতে পঢ়ক:শুই উঠাৰ লগে লগে মূৰৰ বিষ হয় নেকি ? তেন্তে হ’ব পাৰে এই সমস্যা

ABOUT THE AUTHOR

...view details