অসম

assam

ETV Bharat / health

Flesh-Eating Bacteria কি ? যাৰ সংক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু ঘটে ৰোগীৰ - Flesh Eating Bacteria

Flesh Eating Bacteria: Covid-19 সংক্ৰমণৰ পিচত জাপানত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বেক্টেৰিয়াৰ সংক্ৰমণৰ ঘটনা । নতুনকৈ আবিৰ্ভাৱ ঘটিছে STSS নামৰ এবিধ বেক্টেৰিয়াৰ ৷ এই বেক্টেৰিয়াৰ আক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰত ব্যক্তিৰ মৃত্যুও হ’ব পাৰে । সেয়ে ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা আপুনি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ।

What is Flesh-Eating Bacteria? Infection can kill a person in just 48 hours, cases are increasing continuously in Japan
Flesh-Eating Bacteria কি ? যাৰ সংক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু হয় ৰোগীৰ (FREEPIK)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 6:02 PM IST

জাপানত বিৰল ফ্লেছ ইটিং বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত দেশখনত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে ৷ এই বেক্টেৰিয়াই Streptococcal Toxic Shock Syndrome (STSS) সৃষ্টি কৰে, যিয়ে অতি কম সময়ৰ ভিতৰতে ৰোগীৰ বাবে মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰে ৷

বিশেষজ্ঞসকলৰ মতে, এই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে ৷ ২০২৪ চনৰ জুন মাহলৈকে জাপানত ইতিমধ্যে ৯৭৭ টা এছটিএছএছৰ ঘটনা ধৰা পৰিছে, যি সংখ্যা যোৱা বছৰ আছিল ৯৪১ গৰাকী ৷ ইয়াৰ ফলত উদ্বেগ বাঢ়িছে, কাৰণ জাপানৰ নেচনেল ইনষ্টিটিউট অৱ ইনফেকচিয়েছ ডিজিজেছৰ তথ্য অনুসৰি যদি এই গতিৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থাকে, তেন্তে এইবছৰ দেশখনত এছটিএছএছত আক্ৰান্ত ব্যক্তিৰ সংখ্যাই স্পৰ্শ কৰিব ২৫০০ ৰ ঘৰ ৷ যাৰ ফলত মৃত্যুৰ হাৰ ৩০% বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে চিকিৎসকে ৷

ক’ভিড 19 ৰ নিষেধাজ্ঞাত শিথিলতা হ্ৰাস কৰাৰ পিচত বাঢ়িল নেকি আক্ৰান্তৰ সংখ্যা ?

একাংশ বিশেষজ্ঞৰ মতে ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰোপ কৰা নিষেধাজ্ঞা শিথিল কৰাৰ পাচত জাপানত STSS ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ অৱশ্যে ইয়াৰ সুনিৰ্দিষ্ট প্ৰমাণ এতিয়াও পোৱা হোৱা নাই ৷

কি কি লক্ষণ দেখা যায় ?

এছটিএছএছৰ প্ৰাৰম্ভিক লক্ষণসমূহ ফ্লুৰ দৰে হ’ব পাৰে, য’ত জ্বৰ, পেশীৰ বিষ, ডিঙিৰ বিষ আদি হোৱা দেখা যায় ৷ কিন্তু ইয়াৰ পিচৰ লক্ষণসমূহ ক্ৰমাৎ গুৰুতৰ হ’ব পাৰে, য’ত অতিমাত্ৰা জ্বৰ, ৰক্তচাপ হ্ৰাস, ছাল ৰঙা পৰা আৰু Dead Tissue ৰ আবিৰ্ভাৱ আদি লক্ষণসমূহ অন্তৰ্ভূক্ত ৷

কেনেকৈ সুৰক্ষা দিব ?

বৰ্তমান এই বেক্টেৰিয়াৰ বিষয়ে বিশেষ তথ্য চিকিৎসকে পাবলৈ সক্ষম হোৱা নাই, যদিও ইয়াক প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে হাত ধোৱা আৰু যিকোনো ধৰণৰ ঘাঁ পৰিষ্কাৰ কৰি ৰখাটো বহু পৰিমাণে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷ ইয়াৰ উপৰিও যদি সংক্ৰমণৰ লক্ষণ দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

লগতে পঢ়ক:WHO TB Report: অহোপুৰুষাৰ্থৰ পিছতো দেশত কিয় বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা ? পোহৰলৈ আহিল এই ডাঙৰ তথ্য

ABOUT THE AUTHOR

...view details