আপুনি জানেনে যে, অধিক পৰিমাণে নিমখ খোৱাটো কেৱল আপোনাৰ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ বাবেই নহয়, ই আপোনাৰ ছালৰ ক্ষতিও কৰিব পাৰে ? হয়, আপুনি ঠিকেই শুনিছে ! যদি আপুনিও সেইসকল লোকৰ ভিতৰত আছে যিয়ে নিজৰ খাদ্যত ৰুচিৰ বাবে বহুত নিমখ ব্যৱহাৰ কৰে, তেন্তে সাৱধান হওক ৷
এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে, অত্যধিক পৰিমাণৰ ছডিয়াম সমৃদ্ধ নিমখ সেৱন কৰিলে একজিমাৰ সম্ভাৱনা বৃদ্ধি পায়, য’ত ছালখন শুকান হৈ পৰে আৰু তাৰ ওপৰত ফোহা ওলায়, যিয়ে খজুৱতি কৰে ৷ পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে ছালত অতিৰিক্ত ছডিয়ামে দীৰ্ঘদিনীয়া বিষ আৰু একজিমাকে ধৰি অটোইম্যুন সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ এই গৱেষণাসমূহৰ পৰা এইটোও প্ৰকাশ পাইছে যে অধিক পৰিমাণৰ ছডিয়ামযুক্ত ফাষ্ট ফুড সেৱন কৰিলেও কিশোৰ-কিশোৰীসকলৰ একজিমাৰ সম্ভাৱনা বৃদ্ধি পায়, যিটোও অতি গুৰুতৰ হ’ব পাৰে ৷
আনকি এক গ্ৰাম বেছি ছডিয়াম বিপজ্জনক
নতুন গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক পৰামৰ্শ দিয়া সীমাতকৈ এক গ্ৰাম বেছি ছডিয়াম খালেও একজিমাৰ সম্ভাৱনা ২২ শতাংশ বৃদ্ধি পায় ৷ এক গ্ৰাম ছডিয়াম প্ৰায় আধা চামুচ নিমখ বা আন্তঃৰাষ্ট্ৰীয় ফাষ্ট ফুড চেইন মেকড’নাল্ডছৰ হেমবাৰ্গাৰ বিগ মেকত থকা পৰিমাণৰ সমান ৷ বিশ্ব স্বাস্থ্য সংস্থাই দিনটোত দুই গ্ৰামতকৈ কম ছডিয়াম খোৱাৰ পৰামৰ্শ দিয়াৰ বিপৰীতে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰি প্ৰতিদিনে ২.৩ গ্ৰাম ছডিয়াম গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে ৷