আমি সকলোৱে জানো যে বাৰী বা দোকানৰ পৰা ফল-মূল ক্ৰয় কৰাৰ পিছত ভালদৰে ধুইহে গ্ৰহণ কৰিব লাগে, কিন্তু ইয়াক ধোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে ৷ খাদ্য বিশেষজ্ঞসকলে কয় যে, ফল-মূল খোৱাৰ আগতে বা প্ৰস্তুত কৰাৰ আগতে সঠিকভাৱে ধুলে ইয়াৰ মল আঁতৰে আৰু বহু ৰোগৰ সম্ভাৱনা কম হয় ৷
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, খেতিৰ পৰা আমাৰ পাকঘৰলৈ পোৱা শাক-পাচলি আৰু ফল-মূল লিষ্টেৰিয়া , ই কলাই, ছালমনেলা সেইবোৰ আঁতৰাবলৈ ঠাণ্ডা আৰু পৰিষ্কাৰ বৈ যোৱা পানীৰে ধুব লাগে ৷ এই বীজাণুবোৰ বৈ যোৱা পানীৰে সহজে পৰিষ্কাৰ কৰিব পাৰি ৷
ফল-মূল আৰু শাক-পাচলি পৰিষ্কাৰ কৰাৰ বাবে এই বিশেষ টিপছবোৰ মানি চলক
এটা ডাঙৰ পাত্ৰ লৈ শাক-পাচলি আৰু ফল-মূল ধুব ৷ তাত পানী দি ফল-মূল আৰু শাক-পাচলি দুই মিনিটৰ পৰা পাঁচ মিনিট ৰাখিব ৷ এটা গৱেষণাৰ পৰা দেখা গৈছে যে ফল-মূল আৰু শাক-পাচলি ধোৱাৰ আগতে তিয়াই থ’লে ইয়াত থকা বেক্টেৰিয়াৰ সংখ্যা যথেষ্ট হ্ৰাস পায় ৷