কেন্সাৰ এনে এক ৰোগ যে ইয়াৰ নাম শুনিলেই অধিকাংশ লোকেই ভয় খায় ৷ এই ভয় কেৱল এই ৰোগৰ ভয়াৱহতাৰ বাবেই নহয়, ইয়াৰ চিকিৎসা আৰু দীৰ্ঘদিনীয়া চিকিৎসা প্ৰক্ৰিয়াৰ খৰচকলৈও যথেষ্ট চিন্তিত হৈ পৰে ৷ শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে ৬০% ভাৰতীয়ই কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ চিন্তাত জীৱন কটাবলগীয়া হয় ৷
কৰ্কট ৰোগ ভাৰতৰ অন্যতম ভয়ংকৰ ৰোগত পৰিণত হৈছে ৷ কেন্সাৰৰ বিৰুদ্ধে যুঁজত এটা উল্লেখযোগ্য বাধা হৈছে এই ৰোগক লৈ থকা ভয় ৷ শেহতীয়া GOQii এক সমীক্ষাত দেখা গৈছে যে প্ৰায় ৬০% ভাৰতীয়ই অহৰহ এই ৰোগক লৈ চিন্তিত হৈ থাকে ৷ এইটো কেৱল চিন্তাৰ বিষয় হোৱাই নহয়; ইয়াৰ ফলত শেষত মানুহৰ জীৱনশৈলীৰ পছন্দ, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে ৷
কিন্তু কেন্সাৰ হ’লে ভয় খোৱাৰ প্ৰয়োজন নাই, কেন্সাৰ হ’লে আগতীয়াকৈ চিকিৎসা কৰাব লাগে, তেতিয়া আপুনি মই সুস্থ সবল ভাৱে জীয়াই থাকিব পাৰো,আৰু মোৰো কেন্সাৰ হৈছিল আৰু ২০১৬ চনত চিকিৎসা কৰাইছিল, বৰ্তমান মই সুস্থ ভাবে আছো এই মন্তব্য কৰে যোৰহাটৰ জ্যেষ্ঠ চিকিৎসক ভক্তিময় ভট্টাচাৰ্যৰ । লগতে তেওঁ কয় যে, কেন্সাৰ চিকিৎসা কৰাৰ পিছত যিসমূহ নিয়মীয়া পৰীক্ষা থাকে সেয়া কৰাটো নিতান্তই প্ৰয়োজন ।
কেন্সাৰ হোৱা নিদিষ্ট কাৰণ নাই যদিও বহু ফেক্টৰ আছে
চিকিৎসক ভট্টাচাৰ্য্য ই কয় যে, কেন্সাৰ হোৱা নিদিষ্ট কোনো কাৰণ নাই যদিও কেন্সাৰ হোৱা বহু ফেক্টৰ আমাৰ সহজতে উপলদ্ধ হয় , সেই ফেক্টৰ বা কাৰকবোৰ আমি যদি কেনেবাকৈ তাৰ পৰাই আঁতৰি থাকিব পাৰো বা নিজকে বচাই ৰাখিব পাৰো আৰু আমি সহজতে ব্যায়াম, প্ৰণায়ম, শৰীৰচৰ্চা লগতে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য খাই থাকো । তেতিয়া নিশ্চয়কৈ কেন্সাৰ পৰা আমি মুক্ত হৈ থাকিব পাৰো ।
কেন্সাৰ হোৱা কাৰণ বোৰ ভিতৰত উত্তৰ পূৱত ধঁপাত অন্যতম
কেন্সাৰ হোৱা কাৰণবোৰ ভিতৰত উত্তৰ পূৱত বিশেষকৈ ধঁপাত এটা অন্যতম পদাৰ্থ । ধপাঁত পৰা কেন্সাৰ হোৱা সম্ভাৱনা এই কাৰনে বেছি,কাৰণ ধঁপাতত থকা ৫হাজাৰ ৰসায়ণ ভিতৰত পঞ্চাশ টামান ৰাসায়ণ এনেকুৱা ৰসায়ণ আছে, যি তেজস্কিয়তাও আছে, তাৰ কেন্সাৰ কৰোৱা প্ৰৱনতা অধিক বেছি থাকে,যাক আমি কাৰচিনো জেন বুলি কোৱা যায়, আৰু ধঁপাত খোৱা মানুহৰ কেন্সাৰ হোৱা সম্ভাৱনা বেছি কাৰণ ধঁপাত একেলগে কেন্সাৰ হোৱা পঞ্চাশটা কাৰণ একেলগে থাকে ৷
আমাৰ দেহত প্ৰত্যকটো সময়ত কেন্সাৰৰ চেল সমুহ,যি বিলাকক একনমেল চেল অথাৎ একনমেল কোষ বুলি বুলি কোৱা যায় ,এই কোষ বিলাকৰ উৎপন্ন হয়,ই এক সাধাৰণ প্ৰক্ৰিয়া,কিন্তু প্ৰত্যেক মানুহৰ দেহৰ ভিতৰত যিটো বেমাৰ প্ৰতিৰোধ কৰিব পৰা শক্তি,সেই শক্তিয়ে যি কেন্সাৰ চেল সমুহ সদায় নিষ্কয় কৰি পেলায়,তেওঁ লোকক বৃদ্ধি হবলৈ কোনো সম্ভাৱনা নাইকিয়া কৰি পেলালে, কিন্তু যদিহে আমি কাৰচিনো জিনৰ লগত সমন্ধ হৈ যায়,তেতিয়া আমাৰ দেহত বেমাৰ প্ৰতিৰোধ কৰিব পৰা শক্তি টো নাইকিয়া হৈ যায়,ফলত সহজতে কেন্সাৰ চেল সমুহ শৰীৰ কোনো স্থানত বৃদ্ধি হৈ টিউমাৰ আকাৰে কেন্সাৰ সৃষ্টি কৰে।
লগতে তেওঁ কয় যে, কেন্সাৰ লক্ষণ যদি আপোনাৰ আছে বুলি সন্দেহ হয় তেতিয়া আগতীয়াকৈ কেন্সাৰ হাস্পতালত গৈ স্কেনিঙৰ সুবিধা গ্ৰহণ কৰিব লাগে ,কাৰণ এই সুবিধা চিকিৎসালত উপলদ্ধ, লগতে মহিলা জয়ায়ু সন্মুখৰ ভাগত কেন্সাৰ নহব বাবে বৰ্তমান ভেকচিনো উপলব্ধ । উল্লেখ্য যে, চিকিৎসক ভক্তিময় ভট্টাচাৰ্য বৰ্তমান যোৰহাট এইডচ আৰু ধঁপাত নিয়ন্ত্ৰণৰ নডেল অফিচা হিচাপে কৰ্মৰত হৈ আছে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক