বৰ্তমান সময় ফেশ্বনৰ দৌৰত মানুহ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু । ফেশ্বনৰ প্ৰকৃত উদ্দেশ্য আৰামৰ সৈতে ফেশ্বনেবল দেখাটো যদিও বৰ্তমানৰ ফেশ্বন উদ্যোগটো গ্লেমাৰ আৰু গ্লিটজৰ ওপৰত নিৰ্ভৰশীল । ইয়াত কাপোৰৰ মহিলাৰ ভৰিত মেচিং হাই হিলো জীৱনৰ এক অংশ হৈ পৰিছে ।
হাই হিল পিন্ধাৰ একমাত্ৰ লাভ হ’ল ইয়াৰ দ্বাৰা মহিলাসকলে এক ফেশ্বনেবল লুক পোৱাৰ লগতে ওখ দেখা যায় ৷ কিন্তু আপুনি জানেনে যে ইয়াৰ ফলত আপুনি কিমান অসুবিধাৰ সন্মূখীন হ’বলগীয়া হ’ব পাৰে । হাই হিলে কেনেদৰে আমাৰ ক্ষতি কৰে আজি জানো আহক-
কঁকালৰ তলৰ অংশৰ বিষ
হাই হিল পৰিধান কৰিলে শৰীৰৰ মাধ্যাকৰ্ষণ কেন্দ্ৰ স্থানান্তৰিত হয় আৰু পিঠিৰ তলৰ অংশ আগলৈ অধিক হেলনীয়া হৈ থাকে । পেলভিছ নিজাববীয়াকৈ আগলৈ বেঁকা হোৱাৰ ফলত পিঠিৰ তলৰ অংশত খুবেই চাপ পৰে, যাৰ বাবে কঁকালৰ বিষ আৰম্ভ হয় ।
ভৰিৰ আঙুলিৰ বিষ
যেতিয়া আমি অধিক সময়ৰ বাবে হাইহিল পৰিধান কৰো আমাৰ ভৰিৰ আঙুলিখিনিত খুবেই হেঁচা পৰে যাৰ ফলত প্ৰায়েই আঙুলিত অতিপাতৰ বিষৰ সৃষ্টি হয় ৷ ইয়াৰ ফলত কেতিয়াবা Hammer Toeৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷