অসম

assam

ETV Bharat / health

খোজকঢ়া বনাম চিৰি বগোৱা - ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প ! - Walking Vs Climbing Stairs - WALKING VS CLIMBING STAIRS

Walking Vs Climbing Stairs Which is Best: অতিৰিক্ত ওজনত ভুগি থকা লোকসকলে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন ধৰণৰ ব্যায়াম কৰে । অৱশ্যে, কিছুমান লোকে ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱা সোনকালে খোজ কাঢ়ে । আৰু বহু লোকে চিৰি বগায় । এতিয়া চাওঁ আহক ওজন হ্ৰাসৰ বাবে দুয়োটাৰ ভিতৰত কোনটো সৰ্বশ্ৰেষ্ঠ ।

Walking Vs Climbing Stairs Which is Best For Weight Loss
ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প (etv bharat)

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:03 PM IST

সলনি হোৱা জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, দীঘলীয়া সময় ধৰি বহি থকাৰ দৰে বিভিন্ন কাৰণত বহুলোক মেদবহুলতাত ভোগে । ওজন হ্ৰাস কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ব্যায়াম কৰে আৰু কঠোৰ আহাৰ প্ৰণালী অনুসৰণ কৰে । অৱশ্যে, কিছুমান লোকে ওজন হ্ৰাস কৰিবলৈ খোজ কাঢ়ে । আৰু বহুতে চিৰি বগায় । এতিয়া চাওঁ আহক দুয়োটাৰ ভিতৰত কোনটোৱে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

চিৰি বগোৱাৰ লাভালাভ:চিৰি বগোৱা কাৰ্যই উৰু আৰু ভৰিৰ চৰ্বি দহন কৰাত সহায় কৰিব পাৰে । বিশেষজ্ঞসকলে এইটোও কয় যে পাকস্থলীৰ চাৰিওফালে জমা হোৱা চৰ্বিও দ্ৰৱীভূত কৰিব পাৰি চিৰি বগোৱাৰ জৰিয়তে । চিৰি বগালে চৰ্বি তিনিগুণ দ্ৰুতগতিত দহন হয় । যিয়ে দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে । ২০০১ চনত আমেৰিকান জাৰ্ণেল অৱ্ ক্লিনিকেল নিউট্ৰিছনত প্ৰকাশিত এক প্ৰতিবেদনত তথ্য পোৱা গৈছিল । গৱেষকসকলে বিচাৰি পাইছে যে যিসকল লোক মেদবহুলতাত আক্ৰান্ত, তেওঁলোকে চিৰি বগায়ে ওজন হ্ৰাস কৰাৰ সম্ভাৱনা অধিক । গৱেষণাটো হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপক ড. ডেভিদ জে.ৰ দ্বাৰা কৰা হৈছিল ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে: বিশেষজ্ঞসকলৰ মতে চিৰি বগালে হৃদস্পন্দন দ্ৰুত হয় আৰু ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি হয় । নিয়মীয়াকৈ চিৰি বগালে হৃদৰোগ, ষ্ট্ৰোক আৰু উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস পায় । অৱশ্যে, হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলৰ বাবে অত্যাধিক চিৰি বগাবলৈ পৰামৰ্শ দিয়া নহয় । উচ্চ ৰক্তচাপত ভুগি থকা সকলকো চিকিৎসকৰ নিৰ্দেশনা অনুসৰিহে চিৰি বগাবলৈ পৰামৰ্শ দিয়া হয় ।

মন প্ৰফুল্লিত কৰে: ব্যায়ামে এণ্ডোৰ্ফিন মুকলি কৰাত সহায় কৰে । ই মানুহৰ মনোভাৱ উন্নত কৰাত আৰু চাপ হ্ৰাস কৰাত সহায় কৰে বুলি কোৱা হয় । এইটোও কোৱা হয় যে চিৰি বগালে উদ্বেগ আৰু হতাশাৰ লক্ষণবোৰ হ্ৰাস হয় ।

এতিয়া জানো আহক খোজকঢ়াৰ উপযোগিতাৰ বিষয়ে-

খোজ কঢ়াৰ লাভালাভ: খোজকঢ়াটো এনে এটা ব্যায়াম যিটো যিকোনো ঠাইতে সহজে কৰিব পাৰি । বিশেষজ্ঞসকলে কৈছে যে প্ৰতি ৰাতিপুৱা আধা ঘণ্টা খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে ভাল ।

কলেষ্টেৰল দ্ৰৱীভূত কৰে: বিশেষজ্ঞসকলে কয় যে শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল দ্ৰৱীভূত কৰাৰ বাবে খোজকঢ়াটো এটা ভাল ব্যায়াম । প্ৰতিদিনে আধা ঘণ্টাতকৈ অধিক খোজ কাঢ়িলে ই সহজে চৰ্বি দহন কৰাত সহায় কৰিব পাৰে ।

হৃদযন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰাখে: আজিকালি বহুলোক কম বয়সতে বিভিন্ন প্ৰকাৰৰ হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভোগে । অৱশ্যে, বিশেষজ্ঞসকলে কয় যে দৈনিক খোজ কাঢ়িলে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হ'ব পাৰে । গৱেষকসকলে বিচাৰি পাইছে যে খোজ কঢ়াটোৱে হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।

চাপ হ্ৰাস কৰে:ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িলে চাপ আৰু উদ্বেগৰ দৰে সমস্যা হ্ৰাস হোৱাত সহায়ক হয় । বিশেষজ্ঞসকলে কয় যে, খোজকঢ়াটোৱে মনক শিথিল কৰে । এইবোৰৰ বাহিৰেও খোজ কঢ়াৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে ।

ওজন হ্ৰাস কৰিবলৈ খোজ কঢ়াটো ভাল নে চিৰি বগোৱাটো ভাল:

বিশেষজ্ঞসকলে কয় যে এই দুয়োটাই ওজন হ্ৰাসৰ বাবে উপযোগী । দুয়োটাৰ কোনটো ভাল, সেইটো প্ৰতিজন মানুহৰ ফিটনেছ স্তৰৰ ওপৰত নিৰ্ভৰ কৰে । আঁঠু আৰু ভৰিৰ বিষৰ দৰে অন্যান্য স্বাস্থ্যজনিত সমস্যাত ভুগি থকাসকলে ওজন হ্ৰাস কৰিবলৈ খোজ কাঢ়িব লাগে । বিশেষজ্ঞসকলে কৈছে যে যিসকলে এই সমস্যাবোৰত ভুগি আছে তেওঁলোকে চিৰি বগালে সমস্যা অধিক হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :মাছৰ তেল সঁচাকৈয়ে স্বাস্থ্যৰ বাবে উপকাৰী নেকি?- - FISH OIL SUPPLEMENTS

ABOUT THE AUTHOR

...view details