প্ৰতি বছৰে বৃদ্ধি পাইছে টাইপ ১ ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা । সোণম কাপুৰ, ফাৱাদ খান, নিক জোনাছ, সামান্থা ৰুথ প্ৰভু, পুলকিত সম্ৰাট, সুধা চন্দ্ৰন আদিৰ দৰে ডাঙৰ ডাঙৰ চেলিব্ৰিটিও টাইপ ১ ডায়েবেটিছৰ সৈতে যুঁজি আছে । সেয়ে প্ৰখ্যাত অন্তঃস্ৰাৱ বিশেষজ্ঞ ডাঃ বিপিন ছেঠীয়ে শিশুৰ টাইপ-১ ডায়েবেটিছ বৃদ্ধিৰ চিন্তনীয় ধাৰাটোৰ ওপৰত আলোকপাত কৰিছে, যাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ৮ লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । ডাঃ বিপিন ছেঠীয়ে কয় যে, টাইপ ১ ডায়েবেটিছৰ ৰোগীৰ বৃদ্ধি টাইপ ২ ডায়েবেটিছৰ বৃদ্ধিৰ হাৰতকৈ ২.৩% বেছি ।
প্ৰায়ে কম বয়সৰ পৰাই আৰম্ভ হয় এই ডায়েবেটিছ...এই সন্দৰ্ভত কি ক’লে চিকিৎসকে (ETV Bharat)
ক্ৰমাৎ বৃদ্ধি হৈছে উদ্বেগ
গ্ল’বেল টাইপ ১ ডায়েবেটিছ ইনডেক্স অনুসৰি ভাৰতত টাইপ ১ ডায়েবেটিছ গড়ে ৬.৭ শতাংশ হাৰত বৃদ্ধি পাইছে, আনহাতে টাইপ ২ ডায়েবেটিছ ৪.৪ শতাংশ বৃদ্ধি পাইছে । এই ধাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দেখা গৈছে, ব্ৰিটেইনত বছৰত আক্ৰান্ত পৰিসংখ্যা ৩.৫% আৰু আমেৰিকাত ২.৯% ।
প্ৰায়ে কম বয়সৰ পৰাই আৰম্ভ হয় এই ডায়েবেটিছ...এই সন্দৰ্ভত কি ক’লে চিকিৎসকে (ETV Bharat)
এই ক্ৰমবৰ্ধমান উদ্বেগৰ প্ৰতি সঁহাৰি জনাই ৰিচাৰ্চ ছ’চাইটি ফৰ দ্য ষ্টাডি অৱ ডায়েবেটিছ– আৰ এছ এছ ডি আই আৰু ছান’ফি ইণ্ডিয়া লিমিটেড– এছ আই এলে হাত মিলাই টাইপ ১ ডায়েবেটিছত আক্ৰান্ত শিশুসকলৰ চিকিৎসা পদ্ধতি আৰু সমৰ্থনক প্ৰামাণিক কৰি তুলিছে । আৰ এছ এছ ডি আই – এছ আই এলৰ পদক্ষেপৰ অংশ হিচাপে সমগ্ৰ দেশৰ ১৪০০ ৰোগীক বিনামূলীয়াকৈ ইনচুলিন, চিৰিঞ্জ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে, য’ত তেলেংগানাৰ ৭২ জন ৰোগী আছে ।
ভুল ধাৰণা আৰু সজাগতা
ডাঃ ছেঠীয়ে কয় যে, টাইপ ১ ডায়েবেটিছ, যিটো অটোইম্যুন ডিছঅৰ্ডাৰ যিয়ে মূলতঃ শিশুক আক্ৰান্ত কৰে ইয়াক সঠিক যত্নৰ দ্বাৰা ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পাৰি । অৱশ্যে তেওঁ কয় যে, সজাগতাৰ অভাৱে প্ৰায়ে ৰোগ নিৰ্ণয় কৰাত পলম হয় । ওজন কমি যোৱা, ভোক, পেটৰ বিষ, অত্যধিক পিয়াহ আৰু বমি আদি লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।
টাইপ ১ ডায়েবেটিছ : টাইপ ১ ডায়েবেটিছত শৰীৰত ইনচুলিন কম বা একেবাৰেই উৎপাদন নহয় । ইয়াত অগ্নাশয়ৰ কোষবোৰ ধ্বংস হয় । সাধাৰণতে সৰু ল’ৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত টাইপ ১ ডায়েবেটিছ হয় । অৱশ্যে কিছুমান মানুহৰ ক্ষেত্ৰত যিকোনো বয়সতে দেখা দিয়ে । ডায়েবেটিছ আংশিকভাৱে জিনীয় । বিশেষজ্ঞসকলৰ মতে, টাইপ ১ ডায়েবেটিছ ৰোগীয়ে সুস্থ হৈ থাকিবলৈ দৈনিক ইনচুলিন গ্ৰহণ কৰিব লাগিব ।